হাছিনাক ঘূৰাই বিচাৰে বাংলাদেশে, ভাৰতলৈ কূটনৈতিক পত্ৰ প্ৰেৰণ অন্তৱৰ্তীকালীন চৰকাৰৰ…

শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰাৰ বাবে অনুৰোধ জনাইছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে । সোমবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে, পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঢাকালৈ ঘূৰাই পঠিয়াবলৈ ভাৰতলৈ কূটনৈতিক পত্ৰ প্ৰেৰণ কৰা হৈছে ।

হাছিনাক ঘূৰাই বিচাৰে বাংলাদেশে, ভাৰতলৈ কূটনৈতিক পত্ৰ প্ৰেৰণ অন্তৱৰ্তীকালীন চৰকাৰৰ...

শ্বেখ হাছিনা

Published: 

23 Dec 2024 18:47 PM

বাংলাদেশৰ পদচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰাৰ বাবে অনুৰোধ জনাইছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে । সোমবাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে, পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঢাকালৈ ঘূৰাই পঠিয়াবলৈ ভাৰতলৈ কূটনৈতিক পত্ৰ প্ৰেৰণ কৰা হৈছে ।

৭৭ বছৰীয়া শ্বেখ হাছিনাৰ ১৬ বছৰীয়া শাসন ব্যৱস্থাক উফৰাই দিয়া সংৰক্ষণ কেন্দ্ৰীক প্ৰতিবাদৰ মাজতে ৫ আগষ্টৰ পৰা ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে হাছিনাই । বাংলাদেশস্থিত আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে হাছিনা আৰু তেওঁ চৰকাৰৰ কেইবাজনো প্ৰাক্তন কেবিনেট মন্ত্ৰী, উপদেষ্টা, সামৰিক আৰু অসামৰিক বিষয়াক “মানৱতাৰ বিৰুদ্ধে অপৰাধ আৰু গণহত্যাৰ” অভিযোগত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।

বৈদেশিক পৰিক্ৰমা উপদেষ্টা তৌহিদ হুছেইনে নিজৰ কাৰ্যালয়ত সাংবাদিকৰ আগত কয়, ‘আমি ভাৰত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছো যে বাংলাদেশে ন্যায়িক প্ৰক্ৰিয়াৰ বাবে তেওঁক দেশলৈ ঘূৰাই আনিব বিচাৰে।’ ইয়াৰ পূৰ্বে পুৱা গৃহ উপদেষ্টা জাহাংগীৰ আলমে কয় যে, বহিষ্কৃত প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ সুবিধাৰ বাবে তেওঁৰ কাৰ্যালয়ে বৈদেশিক মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয়,‘আমি তেওঁৰ প্ৰত্যাৰ্পণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছো। সম্প্ৰতি এই প্ৰক্ৰিয়া চলি আছে।’

আলমে কয় যে, ঢাকা আৰু নতুন দিল্লীৰ মাজত ইতিমধ্যে প্ৰত্যাৰ্পণ চুক্তি আছে আৰু ইয়াৰ অধীনত হাছিনাক বাংলাদেশলৈ ঘূৰাই অনা হ’ব পাৰে। যোৱা মাহত অন্তৱৰ্তীকালীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ সময়ত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে, হাছিনাক প্ৰত্যাৰ্পণ কৰাৰ বাবে ভাৰতক অনুৰোধ জনাব । ইউনুছে কয় যে, ‘আমি প্ৰতিটো হত্যাকাণ্ডতে ন্যায় নিশ্চিত কৰিব লাগিব । আমি ভাৰতক শ্বেখ হাছিনাক বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈও ক’ম।’

যোৱা ৮ আগষ্টত কাৰ্যভাৰ গ্ৰহণ কৰা ইউনুছে দাবী কৰে যে, হাছিনা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত ছাত্ৰ আৰু শ্ৰমিককে ধৰি প্ৰায় ১৫০০ লোক নিহত হোৱাৰ বিপৰীতে ১৯,৯৩১ জন আহত হয়।

INPUT-PTI

ভ্ৰমণৰ জৰিয়তে কি কি লাভ হয় জানেনে?
ওজন কমোৱাত সহায় কৰে কমলাই, জানক উপকাৰিতা গুণৰ বিষয়ে...
তুলসীৰ সৈতে লং থ’লে ভাগ্যোদয় হ’ব আপোনাৰ জীৱনৰ, হ’ব লক্ষ্মীৰ আগমন
দীঘল আৰু ঘন চুলি বিচাৰে নেকি? তেন্তে সৰিয়হ তেলৰ সৈতে এই সামগ্ৰী মিহলাই কৰক ব্যৱহাৰ...