অগ্নিগৰ্ভা বাংলাদেশ! ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰোধী নেতাৰ বাসগৃহ, কাৰ্যালয়তো চলালে ধ্বংসযজ্ঞ

বাংলাদেশত লক্ষ্য কৰি লোৱা হৈছে আৱামী লীগৰ নেতাৰ ঘৰ। অগ্নিসংযোগ কৰা হৈছে তেওঁলোকৰ বাসগৃহত। একে সময়তে বুলডজাৰ ব্যৱহাৰ কৰিও ভাঙি পেলোৱা হৈছে।  এনে তাণ্ডৱ আৰু অগ্নিসংযোগক লৈ উদ্বেগ প্ৰকাশ কৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে শ্বেখ হাছিনাৰ মন্তব্যৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

অগ্নিগৰ্ভা বাংলাদেশ! ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰোধী নেতাৰ বাসগৃহ, কাৰ্যালয়তো চলালে ধ্বংসযজ্ঞ

বাংলাদেশত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিৰোধী নেতাৰ বাসগৃহ

Updated On: 

07 Feb 2025 12:04 PM

উগ্ৰবাদৰ জুইত জ্বলিছে বাংলাদেশ ।  এদিন আগতে বাংলাদেশৰ প্ৰতিষ্ঠাপক নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভাঙি অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীয়ে। ক্ষুব্ধ জনতাই ভাঙি পেলাইছিল শ্বেখ মুজিবুৰ ৰহমানৰ স্মাৰক। এই মুহূৰ্তত বাংলাদেশত বিৰাজ কৰিছে এক বিশৃংখলতা পৰিৱেশ। বুলডোজাৰেৰে ভাঙি পেলোৱা দেখা গৈছে ঘৰবোৰ ।

বাংলাদেশত লক্ষ্য কৰি লোৱা হৈছে আৱামী লীগৰ নেতাৰ ঘৰ। অগ্নিসংযোগ কৰা হৈছে তেওঁলোকৰ বাসগৃহত। একে সময়তে বুলডজাৰ ব্যৱহাৰ কৰিও ভাঙি পেলোৱা হৈছে।  এনে তাণ্ডৱ আৰু অগ্নিসংযোগক লৈ উদ্বেগ প্ৰকাশ কৰি বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কয় যে শ্বেখ হাছিনাৰ মন্তব্যৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইফালে বাংলাদেশৰ ধ্বংসযকজ্ঞ আৰু অগ্নিসংযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ককিছে ভাৰতে । ভাৰতে এক বিবৃতিযোগে কয় যে ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীত বাংলাদেশৰ জনসাধাৰণৰ বীৰত্বপূৰ্ণ প্ৰতিৰোধৰ প্ৰতীক শ্বেখ মুজিবুৰমানৰ ঐতিহাসিক বাসগৃহটো ধ্বংস কৰা ঘটা দুখজনক। এই সকলোবোৰ বাঙালী পৰিচয় আৰু গৌৰৱক লালন-পালন কৰা স্বাধীনতা সংগ্ৰামক গুৰুত্ব বহন কৰে। বাংলাদেশৰ জাতীয় চেতনাৰ বাবে এই বাসগৃহৰ গুৰুত্ব তেওঁলোকে জানে। এই বৰ্বৰ কাৰ্যক তীব্ৰ গৰিহণা দিয়া উচিত।

এই নেতাসকলৰ ঘৰ জ্বলাই দিয়া হয়

  1. বৃহস্পতিবাৰে প্ৰায় ২ ডজন জিলাত আৱামী লীগৰ নেতাৰ ঘৰত আক্ৰমণ কৰি জুই লগাই দিয়া হয়। নোয়াখালিৰ কোম্পানীগঞ্জত এ এলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন গড়কাপ্তানি, পৰিবহণ আৰু দলং মন্ত্ৰী ওবাইদুল কোৱাডাৰৰ ঘৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু ঘৰ ভাঙি অগ্নিসংযোগ কৰা হয়।
  2. বৃহস্পতিবাৰে জামালপুৰ জিলা আৱামি লীগৰ প্ৰাক্তন উপদেষ্টা পৰিষদৰ সদস্য তথা অভিনেত্ৰী মেহেৰ আফ্ৰজ শ্বাউনৰ পিতৃ মহম্মদ আলীৰ ঘৰ ভাঙি জুই লগাই দিয়ে। জামালপুৰ সদৰ উপজিলাৰ নাৰুণ্ডী ৰেলৱে ষ্টেচন এলেকাত সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই ঘটনা।
  3. জামালপুৰ চহৰৰ আৱামী লীগৰ নেতা তথা প্ৰাক্তন সাংসদ মিৰ্জা আজমৰ ঘৰত জুই লগাই দিয়ে ৰাইজে। বকুলতলা অঞ্চলত অৱস্থিত আজমৰ ঘৰত বুলডজাৰ চলাই প্ৰতিবাদকাৰীয়ে এই তাণ্ডৱৰ সূচনা কৰে। এটা সময়ত বুলডজাৰখন বেয়া হোৱা বাবে প্ৰতিবাদকাৰীয়ে ঘৰটো জ্বলাই দিয়ে।
  4.  নগাঁৱৰ আৱামি লীগৰ কাৰ্যালয় আৰু প্ৰাক্তন সাংসদ তথা প্ৰাক্তন খাদ্য মন্ত্ৰী সাধন চন্দ্ৰ মজুমদাৰৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা হয়। সন্ধিয়া ৬ বজাত ভাঙি পেলোৱা হয় ডাকঘৰ পাৰাৰ মজুমদাৰৰ ঘৰ ।
  5. বৰা ৰাজাপুৰ মহল্লাৰ ঘৰটোত আক্ৰমণৰ সময়ত কাদেৰৰ কনিষ্ঠ ভাতৃ আব্দুল কাদেৰ মিৰ্জাৰ দুমহলীয়া অট্টালিকা আৰু টিনৰ চালিৰ কোঠাও ভাঙি পেলোৱা হয়। আব্দুল কোম্পানীগঞ্জ এ এলৰ অধ্যক্ষ। ইয়াৰ উপৰিও বসুৰহাট পৌৰসভাৰ প্ৰাক্তন মেয়ৰ ছাহাদত মিৰ্জাৰ ঘৰতো জুই লগাই দিয়া হয়। ঘৰৰ সন্মুখত ৰখাই থোৱা এখন বাহনতো অগ্নিসংযোগ কৰা হয়।
  6. ইয়াৰ উপৰিও বাঘা উপ-জিলাৰ চকশিঙা স্থানীয় অঞ্চলত প্রাক্তন বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্রী শ্বাহৰিয়াৰ আলমৰ তিনিমহলীয়া ঘৰত অগ্নিকাণ্ড সংঘটিত হয়৷ বাঘা আৰু চাৰ্ঘাট উপ-জিলাৰ পৰা ১০০ৰো অধিক লোকে বিয়লি মটৰ চাইকেলেৰে তাত উপস্থিত হৈ ঘৰটোত জুই লগাই দিয়ে।
  7. পাবনা নামৰ শালগাৰিয়া গাঁৱৰ আল নেতা আবু ছাইদৰ ঘৰতো আক্ৰমণ কৰি জুই লগাই দিয়ে প্ৰতিবাদকাৰীয়ে।
হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ