চিন্ময় দাসক গ্ৰেপ্তাৰৰ পাছতেই জ্বলি উঠিছে বাংলাদেশ! কি অভিযোগ হিন্দু ধৰ্মগুৰুগৰাকীৰ বিৰুদ্ধে

পুনৰ উত্তপ্ত হৈ উঠিছে বাংলাদেশ। হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সমগ্ৰ বাংলাদেশত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। ইস্কনৰ ধৰ্মগুৰুগৰাকীক মুকলি কৰাৰ দাবীত হাজাৰ হাজাৰ হিন্দু ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

চিন্ময় দাসক গ্ৰেপ্তাৰৰ পাছতেই জ্বলি উঠিছে বাংলাদেশ! কি অভিযোগ হিন্দু ধৰ্মগুৰুগৰাকীৰ বিৰুদ্ধে

চিন্ময় দাসক গ্ৰেপ্তাৰ

Published: 

27 Nov 2024 18:06 PM

পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ইস্কন (ISKON) ৰ ধৰ্মগুৰু চিন্ময় প্ৰভুক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ সমৰ্থকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি ইমানেই বিষয় হৈ পৰিছে যে এই ঘটনাত এজন অধিবক্তাই প্ৰাণ হেৰুৱাবলগীয়া হয়। মৃত সহকাৰী চৰকাৰী অধিবক্তাৰ নাম ছাইফুল ইছলাম। জানিব পৰা মতে সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যু হয়। একাংশৰ মতে প্ৰতিবাদকাৰীসকলে বলপূৰ্বকভাৱে ছাইফুলক টানি আনি হত্যা কৰে। স্থানীয় বাংলা কাকত প্ৰথম আলোৰ মতে, অধিবক্তাজনক হত্যা কৰাৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে তেওঁক যথেষ্ঠ প্ৰহাৰ কৰিছিল।

শেহতীয়াকৈ বাংলাদেশৰ চট্টগ্ৰামৰ ষষ্ঠ মহানগৰ দণ্ডাধীশ আদালতত  ISKCON-ৰ জ্যেষ্ঠ ধৰ্মীয় নেতাৰ গোচৰৰ শুনানি অনুষ্ঠিত হয়। এই শুনানিত আদালতে চিন্ময় কৃষ্ণ দাসক দেশদ্ৰোহৰ গোচৰত জামিন নাকচ কৰি জেললৈ প্ৰেৰণ কৰে। ধৰ্মগুৰুগৰাকী গ্ৰেপ্তাৰৰ পাছতেই সমগ্ৰ বাংলাদেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু হিংসাত্মক ঘটনা সংঘটিত হয়।

এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে,হিন্দুক আক্ৰমণ কৰাসকলে মুক্ত মনে ঘূৰি আছে আনহাতে হিন্দুৰ সুৰক্ষা দাবী সকলক জেলত ভৰোৱা হৈছে। ভাৰতৰ এই মন্তব্য বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে কয় যে, এয়া তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। চিন্ময় প্ৰভু গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই বিষয়টোত গৰিহনা দিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও। তেওঁ ছ’চিয়েল মিডিয়াত কয় যে,বাংলাদেশত অন্য়ায়পূৰ্বকভাৱে গ্ৰেপ্তাৰ হোৱা ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ লগত সমগ্ৰ দেশ একেলগে থিয় দিয়ে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাও যে এই বিষয়টোত হস্তক্ষেপ কৰি চিন্ময় দাসক সোনকালে মুকলি কৰি আনক।

এই সন্দৰ্ভত ইস্কনে কয় যে, বাংলাদেশৰ নাগৰিক হিচাপে চিন্ময় কৃষ্ণ দাস আৰু সনাতন ধৰ্মৰ লোকসকলৰ ন্যায়ৰ অধিকাৰ আছে। আমাৰ বিৰুদ্ধে যিকোনো বৈষম্য সহ্য কৰা নহয়। উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশৰ ইস্কনে বাংলাদেশ চৰকাৰক ৩ টা দাবী উত্থাপন কৰিছে। ইস্কনে টুইট কৰি কয় যে, আমি খবৰ লাভ কৰিছো যে বিশিষ্ট নেতা চিন্ময় কৃষ্ণ দাসক ঢাকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিশ্বৰ কোনো ঠাইতে সন্ত্ৰাসবাদৰ লগত ইস্কনৰ কোনো সম্পৰ্ক নাই। গতিকে ভিত্তিহীন অভিযোগ কৰা অপমানজনক।

চিন্ময় দাসৰ বিৰুদ্ধে অভিযোগ কি

চিন্ময় দাসৰ বিৰুদ্ধে বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। বিএনপিৰ প্ৰাক্তন নেতা ফিৰোজ খানে চিন্ময় দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। খানে অভিযোগ কৰে যে ২৫ অক্টোবৰত চট্টগ্ৰামত হিন্দু সম্প্ৰদায়ৰ এক সমাৱেশ অনুষ্ঠিত হৈছিল। এই সমাৱেশতে চিন্ময় দাস আৰু আন ১৮ জন লোকে বাংলাদেশৰ জাতীয় পতাকাক অসন্মান কৰিছিল।

উল্লেখ্য যে, বাংলাদেশত হিন্দুৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে। বিশেষকৈ শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশৰ হিন্দু অসুৰক্ষিত হৈ আহিছে। প্ৰায় প্ৰতিদিনে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে। ইয়াৰ মাজতে পুনৰ বাংলাদেশত আৰম্ভ হৈছে হিংসাত্মক পৰিস্থিতিৰ।

মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...
শনি দোষৰ পৰা মুক্তি পাবলৈ শিৱ লিংগত অৰ্পন কৰক এই ৫ বস্তু...