পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ

‘তোমাৰ দৰে বন্ধু এজন পাই বৰ ভাল লাগিল, মই জানো আমি একেলগে বহুত পৰিকল্পনা কৰিছিলোঁ। ক্ষমা কৰিব, আমি আমাৰ পৰিকল্পনা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ।' ছাৰাৰ মৃত্যু কেনেকৈ হ'ল, এয়া হত্যা নে আত্মহত্যা ইয়াক লৈ বহু জল্পনা কল্পনা চলি আছে।

পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ

বাংলাদেশ সাংবাদিক, শ্বেখ হাছিনাৰ পুত্ৰ

Published: 

28 Aug 2024 18:38 PM

বুধবাৰে পুৱতি নিশা উদ্ধাৰ হয় এগৰাকী মহিলা সাংবাদিকৰ মৃতদেহ। বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন বিলৰ পাৰৰ পৰা উদ্ধাৰ হয় ৩২ বছৰীয়া মহিলা টিভি সাংবাদিকগৰাকীৰ মৃতদেহ। মহিলাগৰাকীৰ নাম ছাৰা ৰহনুমা বুলি জানিব পৰা গৈছে। তেওঁ বাংলা ভাষাৰ চেটেলাইচ টিভি তেনেল গাজী টিভিৰ নিউজৰুম এডিটৰ আছিল।

ঢাকা ট্ৰিবিউনৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি ঢাকাৰ হাতীৰঝিলত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। এই বাতৰিৰ নিশ্চিয়তা কৰিছে ঢাকা মেডিকেল কলেজ হাস্পাতাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকে। জানিব পৰা মতে পথচাৰীয়ে মহিলাগৰাকীক পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি হাস্পাতালত ভৰ্তি কৰে আৰু পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মহিলাগৰাকীৰ কেনেকৈ আৰু কিয় মৃত্যু হ’ল এতিয়ালৈকে জানিব পৰা নাই। এই সন্দৰ্ভত ঢাকা আৰক্ষীয়ে তদন্ত চলাই থকা বুলি জানিব দিয়ে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ ছাজিহ বাজেদে সাংবাদিকগৰাকীৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰিছে। লগতে তেওঁ ইউনুছ চৰকাৰৰ পিনে আঙুলি টোৱাই মন্তব্য কৰিছে। তেওঁ মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত ‘আন এক নৃশংস আক্ৰমণ’ বুলি অভিহিত কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক্সত পোষ্ট কৰি ৱাজেদে  এই মত প্ৰকাশ কৰিছে। তেওঁ কয়, এয়া মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত ‘আন এক নৃশংস আক্ৰমণ’। গাজী টিভি এটা ধৰ্ম নিৰপেক্ষ নিউজ চেনেল। ইয়াৰ মালিক গুলাম দস্তগীৰ যাক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল।

বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমৰ মতে, ছাৰাৰ স্বামী ছৈয়দে জনোৱা মতে ঘটনাৰ দিনা ছাৰা অফিচলৈ গৈছিল কিন্তু নিশা ঘৰলৈ ঘূৰি অহা নাছিল।পুৱতি নিশা প্ৰায় ৩ বজাত তেওঁক কোনোৱে জনাইছিল যে ছাৰাই পানীত জপিয়াই আত্মহত্যা কৰিছে। ছৈয়দে কোৱা অনুসৰি ছাৰাই তেওঁৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিল।

সাংবাদিক ছাৰাৰ মৃত্যুৰ পূৰ্বে তেওঁ মঙলবাৰে নিশা ফেচবুকত এটা পোষ্ট কৰিছিল। এই পোষ্টটোত তেওঁ নিজৰ এজন পুৰুষ বন্ধুক টেগ কৰিছিল। তেওঁ পোষ্টটোত লিখিছিল, ‘তোমাৰ দৰে বন্ধু এজন পাই বৰ ভাল লাগিল, মই জানো আমি একেলগে বহুত পৰিকল্পনা কৰিছিলোঁ। ক্ষমা কৰিব, আমি আমাৰ পৰিকল্পনা সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ।’ ছাৰাৰ মৃত্যু কেনেকৈ হ’ল, এয়া হত্যা নে আত্মহত্যা ইয়াক লৈ বহু জল্পনা কল্পনা চলি আছে। একাংশই ছাৰাৰ মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!