পাকিস্তানৰ ৰে’ল ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ! ২৫জন নিহত, আহত কেইবাজনো

Explosion at Pakistan Quetta Railway Station: পাকিস্তানৰ কোৱেটা ৰে'ল ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই ভয়ংকৰ বিস্ফোৰণত ২৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহুলোক আহত হৈছে। মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা সম্ভাৱনা আছে।

পাকিস্তানৰ ৰেল ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ! ২৫জন নিহত, আহত কেইবাজনো

পাকিস্তানৰ ৰে'ল ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ!

Updated On: 

09 Nov 2024 14:19 PM

পাকিস্তানৰ কোৱেটা ৰে’ল ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত এতিয়ালৈ ২৫জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বিস্ফোৰণত আহত হৈছে ৫০জনৰো অধিক লোক। তথ্য অনুসৰি, মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। আহত আটাইকেইজন ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু উদ্ধাৰকাৰী দল। ঘটনাস্থলীলৈ অনা হৈছে বোমা নিষ্কাশনকাৰী দল। ইতিমধ্যে আৰম্ভ হৈছে দুৰ্ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া।

খবৰ অনুসৰি কোৱেটাত দুটা বোমা বিস্ফোৰণ হৈছে। এটা বিস্ফোৰণত ২৫জন লোক নিহত হৈছে আৰু দ্বিতীয়টো বিস্ফোৰণত প্ৰায় ১৫জন লোক আহত হৈছে। এই বোমা বিস্ফোৰণ কোনে আৰু কি উদ্দেশ্যেৰে সংঘটিত কৰিছিল সেই সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত। বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ষ্টেচনত যথেষ্ট লোকৰ ভিৰ আছিল। কাৰণ এখন যাত্ৰীবাহী ৰে’ল ষ্টেচন এৰিবলৈ সাজু হৈছিল আৰু আন এখন যাত্ৰীবাহী ৰে’ল আহিবৰ সময় হৈছিল।

বিস্ফোৰণৰ পিছত, কোৱেটা ৰে’ল ষ্টেচনত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল। তাত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে মতে এয়া ভয়ংকৰ বোমা বিস্ফোৰণ আছিল। তথ্য অনুসৰি, যেতিয়া জাফৰ এক্সপ্ৰেছ ভিণ্ডি অভিমুখে গৈ আছিল, তেতিয়াই এই প্ৰচণ্ড বিস্ফোৰণ হৈছিল।

উল্লেখ্য যে, পাকিস্তানত বোমা বিস্ফোৰণৰ ঘটনা এতিয়া প্ৰতিদিনৰ খবৰ হৈ পৰিছে। পাকিস্তানত প্ৰায় প্ৰতিদিনে বোমা বিস্ফোৰণ হয়। কিছুদিন আগতেও পাকিস্তানত এটা বোমা বিস্ফোৰণ হৈছিল। পাকিস্তানৰ অশান্ত উত্তৰ ৱাজিৰিস্তানত হোৱা বোমা বিস্ফোৰণত চাৰিজন সুৰক্ষা কৰ্মী নিহত হোৱা লগতে কেইবাজনো লোক আহত হৈছিল। ইয়াৰ উপৰিও, খাইবাৰ পাখতুনখোৱাৰ এখন বিদ্যালয়ৰ ওচৰতো বোমা বিস্ফোৰণ হৈছিল। এই বিস্ফোৰণত দুজন শিশু নিহত হৈছিল।

একে সময়তে, কেইদিনমান আগতে পাকিস্তানৰ বেলুচিস্তানত বিদ্যালয়খনৰ ওচৰত এটা বোমা বিস্ফোৰণ হৈছিল। বিস্ফোৰণটোত পাঁচজন স্কুলীয়া শিশুসহ সাতজন লোক নিহত হোৱাৰ লগতে কমেও ২২জন লোক আহত হৈছিল। বাইকত আইইডি সংস্থাপন কৰি বিস্ফোৰণ ঘটোৱা হৈছিল। এই ঘটনাৰ পিছত, কোৱেটাৰ সকলো চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..
কলি যুগ শেষ হ'বলৈ আৰু কিমান বছৰ বাকী আছে?