ভাৰতৰ সন্মুখত নতুন বিপদ! ৫৩ বছৰ পাছত বাংলাদেশলৈ উভতিব পাকিস্তানী সেনা, উদ্দেশ্য কি?

প্ৰায় ৫৩ বছৰ পাছত বাংলাদেশলৈ আহিবৰ বাবে সাজু হৈছে পাকিস্তানী সেনা। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে দুই দেশৰ মাজৰ সম্পৰ্ক মধুৰ হৈ পৰিছে। কিন্তু পাকিস্তান-বাংলাদেশৰ ঘনিষ্ঠতা ভাৰতৰ বাবে শুভ সংকেত নহয়। ই পৰৱৰ্তী সময়ত ভাৰতৰ বাবে প্ৰত্যাহ্বান হৈ থিয় দিব পাৰে লগতে নিৰাপত্তাতো প্ৰশ্ন আহিব পাৰে।

ভাৰতৰ সন্মুখত নতুন বিপদ! ৫৩ বছৰ পাছত বাংলাদেশলৈ উভতিব পাকিস্তানী সেনা, উদ্দেশ্য কি?

পাকিস্তান- বাংলাদেশ

Published: 

24 Dec 2024 13:29 PM

বিগত কেইটামান দিন ধৰি বাংলাদেশত বৃদ্ধি হোৱা অৰাজকতাই ভাৰতলৈও বিপদ মাতি আনিছে। শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি ৫৩ বছৰ পাছত বাংলাদেশ আহিবৰ বাবে সাজু হৈছে পাকিস্তানী সেনা। ১৯৭১ চনৰ যুদ্ধৰ সকলো ক্ষোভ ঘৃণা পাহৰি বাংলাদেশ আৰু পাকিস্তানে সম্পৰ্ক মধুৰ কৰাৰ চেষ্টা কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজ ১৮ ত প্ৰকাশ পোৱা তথ্য অনুসৰি, পাকিস্তানৰ জেনেৰেল ছাহাবে নিজৰ টিমৰ সৈতে শীঘ্ৰেই বাংলাদেশলৈ আহিব পাৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে পাকিস্তানৰ ছীফ অৱ ষ্টাফ কমিটীৰ যুটীয়া অধ্যক্ষ জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাই বাংলাদেশলৈ অহাৰ প্ৰস্তাৱ আগবঢ়াইছে, আৰু এই প্ৰস্তাৱ গ্ৰহণ কৰিছে বাংলাদেশে।

জানিব পৰা মতে মিৰ্জাই বাংলাদেশ সেনাৰ প্ৰতিৰক্ষা সেনা কমাণ্ডৰ ট্ৰেইনিং ইনষ্টিটিউট, ইনফেন্ট্ৰি এণ্ড টেকটিকছ স্কুল ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰোপৰি তেওঁ বাংলাদেশ সেনাৰ ষ্টাফ কলেজৰ যুৱ বিষয়াসকলকো সম্বোধন কৰিব বিচাৰিছে। গতিকে পাকিস্তাৰ সকলো প্ৰস্তাৱ বাংলাদেশে ইতিমধ্যে মানি লৈছে। আনকি এই সন্দৰ্ভত এখন বৈঠকো অনুষ্ঠিক হৈছে। অৱশ্যে পাকিস্তানৰ জেনেৰেলগৰাকীয়ে কেতিয়া বাংলাদেশ ভ্ৰমণ কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।

নৌ সেনাৰ অনুশীলনৰ প্ৰস্তুতি

শ্বেখ হাছিনা চৰকাৰৰ পতন আৰু ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছতেই বাংলাদেশ আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক কিছু উন্নতি হোৱাৰ পিনে গতি কৰিছে। ২০২২ চনত শ্বেখ হাছিনাৰ চৰকাৰে পাকিস্তানৰ যুদ্ধ জাহাজ পি এন এছ টাইমুৰক চিতগাঁৱত আহিবলৈ দিয়া নাছিল। কিন্তু খবৰ অনুসৰি, বৰ্তমান সময়ত বংগোপসাগৰত পাকিস্তান আৰু বাংলাদেশৰ নৌসেনাই যৌথভাৱে অনুশীলন কৰাৰ প্ৰস্তুতি কৰিছে। জানিব পৰা মতে ৭ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ পাকিস্তানত আয়োজন হ’বলগীয়া মাল্টিনেশ্যনে নেবল অনুশীলন ‘অমন ২০২৫’ ত বাংলাদেশে অংশ গ্ৰহণ কৰিব। গতিকে বাংলাদেশ-পাকিস্তানৰ ঘনিষ্ঠ সম্পৰ্ক ভাৰতৰ বাবে প্ৰত্যাহ্বান হ’বলৈ গৈ আছে।

উল্লেখ্য যে, ১৯৭১ চনত ভাৰত-পাকিস্তানৰ যুদ্ধৰ পাছতেই বাংলাদেশ স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠন হৈছিল। পাকিস্তানৰ পূৱ অংশক যুদ্ধ কৰাৰ বাবে ভাৰতে সকলো ধৰণৰ সহায় কৰিছিল। কিন্তু এই সহায় পাহৰি, পূৰ্বৰ সকলো মতানৈক্য আঁতৰাই মহম্মদ ইউনুছৰ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লোৱাৰ পিনে গতি কৰিছে।

শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্কত ফাঁট মেলে আৰু পাকিস্তানে বাংলাদেশক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। এই সময়চোৱাত ৫ বছৰ ধৰি বন্ধ হৈ থকা ইছলামাবাদ-ঢাকাৰ মাজৰ বিমান সেৱা পুনৰ আৰম্ভ হয়। আনকি মহম্মদ ইউনুছে পাকিস্তানৰ ভিছা শিথিল কৰাৰো ঘোষণা কৰিছে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিৰক্ষা বিশেষজ্ঞ মেজৰ জেনেৰেল আশোক কুমাৰ (আৰ)য়ে কয় যে, পূৰ্বতে আই এছ আইয়ে বাংলাদেশত গোপনে নিজা কাৰ্যকলাপ চলাই আছিল, কিন্তু এতিয়া তেওঁলোকে এয়া মুকলিকৈ কৰিব বাংলাদেশে ইতিমধ্যে জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বাণিজ্যিক প্ৰদৰ্শনীৰ বাবে পাকিস্তানক আমন্ত্ৰণ জনাইছে। এনে আৰু বহু সিদ্ধান্ত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে গ্ৰহণ কৰিছে যি ভাৰতৰ বাবে প্ৰত্যাহ্বানমূলক হৈ পৰিব পাৰে।

উল্লেখ্য যে, বাংলাদেশ আৰু পাকিস্তানৰ মাজত গঢ় লৈ উঠা মধুৰ সম্পৰ্কই ভাৰতৰ নিৰাপত্তাত কিছু খেলি মেলিৰ সৃষ্টি কৰিব পাৰে। বছৰ বছৰ ধৰি অসম তথা দেশে অবৈধ বাংলাদেশীৰ সমস্যাৰে জৰ্জৰিত হৈ আছে। তেনে অৱস্থাত পাকিস্তানৰ সৈতে মধুৰ সম্পৰ্কই অন্য এক সমস্যা সৃষ্টি কৰাৰ আশংকা কৰিছে। অনুমান কৰা হৈছে যে, পাকিস্তানৰ সৈতে বাংলাদেশৰ মিত্ৰতাই ভাৰতত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি কৰিব পাৰে। যদি পৰিস্থিতি এনে হৈয়ে থাকে তেন্তে ভাৰতৰ ওচৰত আন এখন পাকিস্তান গঠন হ’বলৈ গৈ আছে।

 

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...