Power Cut in Europe: অন্ধকাৰত ডুব গ’ল ইউৰোপঃ হ’ব পাৰে নেকি কোনো বৃহৎ অঘটন! আঁৰত কি?
হঠাতে অন্ধকাৰচ্ছন্ন হৈ পৰিল ইউৰোপ। মহাদেশখনৰ বহু দেশে আজি হঠাতে হেৰুৱাই পেলালে শক্তি। ৰঙীন ইউৰোপ হঠাতে আন্ধাৰলৈ পৰ্যবসিত হোৱাটো স্বাভাৱিকতেই সাধাৰণ কথা নহয়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে ভুলৰ বাবে নে কোনো ষড়যন্ত্ৰৰ বাবে অন্ধকাৰ হৈ পৰিল ইউৰোপ!

হঠাতে অন্ধকাৰচ্ছন্ন হৈ পৰিল ইউৰোপ। মহাদেশখনৰ বহু দেশে আজি হঠাতে হেৰুৱাই পেলালে শক্তি। ইউৰোপৰ কেইখনমান প্ৰধান দেশ স্পেইন, পৰ্তুগাল আৰু দক্ষিণ ফ্ৰাঞ্চ আজি সন্মুখীন হ’বলগীয়া হ’ল বৃহৎ ব্লেকআউটৰ। এই অন্ধকাৰে কেৱল দেশকেইখনৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱাই নহয়, বহুতো গুৰুত্বপূৰ্ণ সেৱা আৰু প্ৰতিষ্ঠানকো স্তব্ধ কৰি তুলিলে। ইউৰোপীয় দেশসমূহত হঠাতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা মানে কেনে পৰিস্থিতি হ’ব পাৰে, সেয়া সহজেই অনুমেয়। বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ফলত চলন্ত মেট্ৰ’ৰ পৰা আৰম্ভ কৰি লিফ্টলৈকে স্তব্ধ হৈ পৰিল সকলো।
ৰঙীন ইউৰোপ হঠাতে আন্ধাৰলৈ পৰ্যবসিত হোৱাটো স্বাভাৱিকতেই সাধাৰণ কথা নহয়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হৈছে ভুলৰ বাবে নে কোনো ষড়যন্ত্ৰৰ বাবে অন্ধকাৰ হৈ পৰিল ইউৰোপ! স্পেইনৰ বিদ্যুৎ গ্ৰীড প্ৰবন্ধক কোম্পানী ৰেড ইলেক্ট্ৰিকাই এক বিজ্ঞপ্তি জাৰি কৰি উত্তৰ আৰু দক্ষিণ স্পেইনত ক্ৰমান্বয়ে বিদ্যুৎ যোগান পুনৰ ঘূৰাই অনাৰ কাম কৰি আছে বুলি জানিবলৈ দিছে।
‘গ্ৰেজুৱেল এনাৰ্জাইজেচন’ প্ৰক্ৰিয়াৰ অধীনত এই কাম কৰা হৈছে, আৰু বিদ্যুৎ কেন্দ্ৰৰ জেনেৰেটৰ গ্ৰুপসমূহ পুনৰ গ্ৰীডৰ সৈতে সংযোগ কৰা হৈছে। স্পেইনৰ বহু অঞ্চলত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পিছত এতিয়া পুনৰ বিদ্যুৎ পুনৰ আৰম্ভ কৰা হৈছে। একে সময়তে বিষয়াসকলে এই ব্লেকআউটৰ আঁৰৰ কাৰণ সন্দৰ্ভত তদন্ত চলি আছে বুলি জানিবলৈ দিয়ে। কিছুমান বাতৰিত ইউৰোপীয় শক্তি গ্ৰীডৰ ভাৰসাম্যহীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলিও কোৱা হৈছে।
অৱশ্যে সমান্তৰালকৈ চাইবাৰ আক্ৰমণৰ সম্ভাৱনাও সম্পূৰ্ণৰূপে নুই কৰা হোৱা নাই কৰ্তৃপক্ষই। এনে পৰিস্থিতিত ইউৰোপৰ শক্তি নেটৱৰ্কৰ ক্ষমতা আৰু ইয়াৰ সম্ভাৱ্য অভাৱসমূহৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। ইফালে পৰ্তুগালত বিমানবন্দৰসমূহে জৰুৰীকালীন জেনেৰেটৰ সক্ৰিয় কৰি তুলিছে। পৰ্তুগীজ বিমানবন্দৰ ANA -এই নিশ্চিত কৰিছে যে পৰ্টো আৰু ফাৰো বিমানবন্দৰত অত্যাৱশ্যকীয় কাৰ্য্যকলাপ অব্যাহত ৰাখিবলৈ জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছে।
আনহাতে লিছবনত কাৰ্যকলাপত কিছু সীমাবদ্ধতা দেখা গৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও পৰ্তুগালৰ নেচনেল ইনষ্টিটিউট ফৰ মেডিকেল ইমাৰ্জেন্সিয়েও জৰুৰীকালীন পৰিকল্পনাৰ অংশ হিচাপে জেনেৰেটৰৰ জৰিয়তে নিজৰ টেলিফোন আৰু কম্পিউটাৰ ব্যৱস্থা সক্ৰিয় কৰি তুলিছে।
ব্লেকআউটৰ ফলত চিকিৎসা খণ্ডতো গুৰুতৰ প্ৰভাৱ পৰিছে। বিদ্যুতৰ অভাৱত পৰ্তুগালৰ মিচেৰিকৰ্ডিয়া চিকিৎসালয়সমূহে সকলো অস্ত্ৰোপচাৰ বাতিল কৰিছে। চিকিৎসালয়সমূহত চাৰিৰ পৰা ছয় ঘণ্টা কাম কৰিব পৰা জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছে বুলিও প্ৰকাশ পাইছে। হঠাতে কেইবাখনো দেশত এইদৰে বিদ্যুৎ শক্তি বিচ্ছিন্ন হোৱাৰ ঘটনাই এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।