শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেনে আছে পুটিন? ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কনভয়ত ভয়ংকৰ বিস্ফোৰণ…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কনভয়ত ভয়ংকৰ বিস্ফোৰণ। উল্লেখ্য যে, আজিৰ পৰা দুদিন পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পুটিনৰ সোনকালে মৃত্যু হ'ব বুলি কৈছিল। তাৰ পাছতে সংঘটিত এই ঘটনা।

কেনে আছে পুটিন? ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কনভয়ত ভয়ংকৰ বিস্ফোৰণ…
পুটিনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Mar 2025 12:57 PM

পুনৰ এবাৰ ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ ভয়ংকৰ হৈ উঠাৰ সম্ভাৱনা। মস্কোৰ পৰা আহিছে এক ডাঙৰ খবৰ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কনভয়ৰ বিলাসী গাড়ী লিমুজিনত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। জানিব পৰা মতে, ২৯ মাৰ্চত  মস্কোৰ এফ এছ বি মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণৰ লগে লগে লিমো বাহনখনত জুই লাগে আৰু লাহে লাহে এই জুই চাৰিওফালে বিয়পি পৰে। অৱশ্যে সুৰক্ষিত অৱস্থাত আছে পুটিন আৰু এই ঘটনাৰ ফলত কোনো লোক হাতহতি হোৱা নাই।

এই ঘটনাৰ ফলত বাহনখনৰ এটা অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰম্ভ হৈছে তদন্ত। গাড়ীখনত কাৰিকৰী বিজুতিৰ বাবে জুই লাগিল নে ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ আছে সেয়া তদন্তৰ অন্ততহে জানিব পৰা যাব। এতিয়ালৈকে বিস্ফোৰণৰ লগত জড়িত কাৰো নাম পোহৰলৈ অহা নাই।

 

উল্লেখ্য যে, শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে পুটিন সন্দৰ্ভত এক ভৱিষ্যদ্বাণী কৰিছিল। এই ঘটনাৰ প্ৰায় ২ দিন আগত জেলেনস্কিয়ে কৈছিল যে সোনকালে মৃত্যু হ’ব পুটিনৰ। কিয়ভ ইণ্ডিপেণ্ডেণ্টৰ মতে, ২৬ মাৰ্চত পেৰিছত ইউৰোপীয় সাংবাদিকসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেলেনস্কিয়ে এই মন্তব্য কৰিছিল। দুদিন পূৰ্বে দিয়া এই মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়নি দিয়াৰ পাছতে সংঘটিত এই বিস্ফোৰণৰ ঘটনা সহজভাৱে ল’ব বিচৰা নাই ৰাছিয়াই। যদিও এই বিস্ফোৰণত ইউক্ৰেইনৰ হাত থকা বুলি তদন্তত প্ৰকাশ পাই তেন্তে ভৱিষ্যতে দুই দেশৰ মাজত যুদ্ধই আৰু ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে।

উল্লেখ্য যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। এতিয়ালৈকে এই যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। কিন্তু কোনো এখন দেশে পিছুৱাই অহাৰ ইংগিত প্ৰদান কৰা নাই।  তথ্য অনুসৰি এই যুদ্ধত ৰাছিয়াই সেনা, সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি জেলৰ কয়দী পৰ্যন্ত ব্যৱহাৰ কৰিছে। ইয়াৰ বিপৰীতে ইউক্ৰেইনেও অন্য দেশৰ সহায় হৈ যুদ্ধ চলাই গৈ আছে। ইউক্ৰেইনক বহু পৰিমাণে ইউৰোপীয় দেশসমূহে সহায় কৰিছে।

শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ইউক্ৰেইনে হাজাৰ হাজাৰ ৰাছিয়ান সেনাক হত্যা কৰিছিল। ইয়াৰোপৰি পুটিনে কৰা অভিযোগ অনুসৰি ইউৰোপীয় দেশসমূহে ইউক্ৰেইনক সহায় কৰি পৰোক্ষভাৱে ৰাছিয়াৰ লগত যুদ্ধ কৰি আছে। গতিকে এই যুদ্ধ এতিয়া চূড়ান্ত পৰ্যায়লৈ গতি কৰিছে। ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ত হোৱা এই বিস্ফোৰক কাণ্ডই আৰু কি ৰূপ লয় সেয়া সময়ে ক’ব।

 

অন্য খবৰ পঢ়কঃ শংকা বৃদ্ধি ৰাছিয়াৰ! ইউক্ৰেইনক সমৰ্থন ৩৫ খন দেশৰ, আক্ৰমণ মিৰাজ ২০০০ বিমান, কিলাৰ ড্ৰ’ন আৰু…