মৰ্মান্তিক! নাও ডুবি শিশু মহিলাসহ ২৫ জনৰ মৃত্যু, সন্ধানহীন ৮০ ৰো অধিক…

নাওখনত অধিক সংখ্যক মানুহৰ লগতে বহু সামগ্ৰীও ভৰ্তি হৈ আছিল। নাওখনত কিমান সংখ্যক যাত্ৰী আছিল সেয়া অনুমান লগোৱা কঠিন। কিন্তু ১০০ ৰো অধিক যাত্ৰী আছিল ক'ব পাৰি।

মৰ্মান্তিক! নাও ডুবি শিশু মহিলাসহ ২৫ জনৰ মৃত্যু, সন্ধানহীন ৮০ ৰো অধিক...

নাও

Published: 

18 Dec 2024 11:08 AM

এক ভয়ংকৰ নাও দুৰ্ঘটনাত শিশু,মহিলাসহ মৃত্যু প্ৰায় ২৫ জনৰ, আনহাতে এতিয়াও সন্ধানহীন হৈ আছে বহুলোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা মতে নাওখনত প্ৰায় ১০০ জন যাত্ৰী আছিল আৰু হঠাতে মঙলবাৰে গভীৰ নৈৰ বুকুত নাওখন বাগৰি পৰে। যাৰ ফলত যথেষ্ঠ সংখ্যকলোকে প্ৰাণ হেৰুওৱাৰ লগতে সন্ধানহীনসকলক বিচাৰি এতিয়াও উদ্ধাৰ অভিযান চলি আছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্য কাংগোত। অনুমান কৰা হৈছে যে ৰাজধানী কিনছাছাৰ উত্তৰ-পূবৰ ইনোংগো চহৰৰ পৰা নাওখনে যাত্ৰা আৰম্ভ কৰিছিল।

স্থানীয়লোকে নাও দুৰ্ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়ে আৰু লগে লগে আৰক্ষী, উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয়লোকে জনোৱা মতে, ফিউমি নদীৰ পাৰৰ পৰা প্ৰায় ১০০ মিটাৰ (গজ) দূৰত্বত নাওখন উলটি যায়। যাৰ ফলত এই মৰ্মান্তিক তথা ভয়ংকৰ ঘটনা সংঘটিত হয়। ঘন্টাৰ পাছত ঘন্টা ধৰি এই অঞ্চলত উদ্ধাৰ অভিযান চলি আছে যদিও এতিয়ালৈকে সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ইনোংগো নদীৰ আয়ুক্ত ডেভিদ কালেম্বাই কয় যে, নাওত অতিৰিক্ত বোজা থকা বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অনুমান কৰা হৈছে। ইযাৰোপৰি এতিয়ালৈকে ২৫ টা মৃতদেহ উদ্ধাৰ হৈছে। স্থানীয় বাসিন্দা এলেক্স ম্বুম্বাই জনাই যে,নাওখনত অধিক সংখ্যক মানুহৰ লগতে বহু সামগ্ৰীও ভৰ্তি হৈ আছিল। নাওখনত কিমান সংখ্যক যাত্ৰী আছিল সেয়া অনুমান লগোৱা কঠিন। কিন্তু ১০০ ৰো অধিক যাত্ৰী আছিল ক’ব পাৰি।

মাই-ণ্ডোম্বে প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাটো চলিত বৰ্ষৰ চতুৰ্থটো নাও দুৰ্ঘটনা। এই অঞ্চলসমূহ নদীয়ে আগুৰি আছে যাৰ বাবে বহু মানুহে নাওৰ ওপৰত নিৰ্ভৰশীল। প্ৰায়েই কাংগোৰ পৰা এনে নাও দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহে। কংগো কৰ্তৃপক্ষই প্ৰায়ে অধিক বোজা কঢ়িয়াই অনা নাওসমূহক সতৰ্কবাণী দিয়ে কিন্তু তাৰ পাছতো একাংশই অবৈধভাৱে অতিৰিক্ত বোজা কঢ়িয়াই ফুৰে। ইয়াৰোপৰি অধিকাংশ যাত্ৰীয়ে ৰাজহুৱা পৰিবহণৰ খৰচ বহন কৰিব নোৱাৰ, যাৰ বাবে এনেকৈ নাওত যাত্ৰা কৰে।

উল্লেখ্য যে, যোৱা অক্টোবৰ মাজতে এনে এক দুৰ্ঘটনা সংঘটিত হৈছিল। নাও বাগৰি পৰাৰ ফলত ৭৮ জনলোকৰ মৃত্যু হোৱাৰ লগতে জুন মাহত সংঘটিত দুৰ্ঘটনাত কিনছাছাৰ সমীপত ৮০ জন লোকে প্ৰাণ হেৰুৱাইছিল।  শেহতীয়া দুৰ্ঘটনাৰ পাছত স্থানীয়সকলে কৈছে যে এই ঘটনাৰ তদন্ত চৰকাৰে কৰিব লাগে আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

শীতকালত আপোনাৰো আঙুলি ফুলে নেকি? ইয়াৰ কাৰণ আৰু ঘৰুৱা প্ৰতিকাৰ সম্পৰ্কে জানক...
ধোনীতকৈ কিমান কম ৰবিচন্দ্ৰন অশ্বিনৰ সম্পত্তি?
মাঘত ভুলতেও নকৰিব এইবোৰ কাম, অন্যথা জীৱনলৈ আহিব দুৰ্ভাগ্য !
চাকৰিৰ ক্ষেত্ৰত দূৰ হ'ব সকলো বাধা! কৰক এই উপায়...