য়েমেনত ভয়াৱহ নাও দুৰ্ঘটনাঃ ১৩জনৰ মৃতদেহ উদ্ধাৰ, এতিয়াও নিৰুদ্দেশ ১৪জন
য়েমেনৰ উপকূলত প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে ১৩ জ লোকে। এই দুৰ্ঘটনাৰ ফলত এতিয়াও নিৰুদ্দেশ হৈ আছে ১৪ জন লোক। ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই দেওবাৰে এই তথ্য প্ৰদান কৰে।
মধ্য প্ৰাচ্যৰ ৰাষ্ট্ৰ য়েমেনত সংঘটিত হৈছে এক ভয়াৱহ নাও দুৰ্ঘটনা। য়েমেনৰ উপকূলত প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে ১৩ জ লোকে। এই দুৰ্ঘটনাৰ ফলত এতিয়াও নিৰুদ্দেশ হৈ আছে ১৪ জন লোক। ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থাই দেওবাৰে এই তথ্য প্ৰদান কৰে। সংস্থাটোৱে প্ৰকাশ মতে নাও দুৰ্ঘটনাৰ ফলত নিৰুদ্দেশ হোৱা ২৭ জন লোকৰ ভিতৰত ১৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
প্ৰায় দশকজুৰি চলি থকা গৃহযুদ্ধৰ পিছতো পূব আফ্ৰিকাৰ পৰা উপাৰ্জনৰ পথৰ আশাত ধনী উপসাগৰীয় দেশসমূহলৈ প্ৰব্ৰজন অব্যাহত আছে আৰু এই ক্ষেত্ৰত প্ৰব্ৰজনকাৰীসকলৰ বাবে য়েমেন এক গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই এক বিবৃতিত উল্লেখ কৰা মতে দুৰ্ঘটনাত পতিত হোৱা নাওখনত ২৫ জন ইথিওপিয়ান প্ৰব্ৰজনকাৰীৰ লগতে নাওখনৰ কেপ্তেইন আৰু সহায়কজন আছিল।
নাওখনৰ কেপ্তেইন আৰু সহায়ক দুয়োজন আছিল য়েমেনৰ স্থানীয় নাগৰিক। যোৱা সপ্তাহৰ মঙলবাৰেই টাইজ প্ৰদেশৰ উত্তাল সাগৰত যাত্ৰীসহ ডুব গৈছিল নাওখন। বিবৃতিটোত উল্লেখ কৰা মতে এডেন উপসাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰা বাব আল-মাণ্ডেব জলদ্বীপৰ পাৰত দুৰ্ঘটনাত নিৰুদ্দেশ হোৱা ১১ জন পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে।
আনহাতে নাওখনৰ দুই কৰ্মচাৰীসহ আন ১৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত কৰ্তৃপক্ষই উদ্ধাৰ অভিান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ মতে প্ৰব্ৰজনকাৰীসকল মধ্য আফ্ৰিকাৰ জিবুতিৰ পৰা য়েমেন অভিমুখে ৰাওনা হৈছিল।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই জানিবলৈ দিয়া মতে, মঙলবাৰে য়েমেনৰ টাইজ গভৰ্ণৰেটৰ উপকূলৰ বানি আল হাকাম অঞ্চলত এই প্ৰব্ৰজিত নাওখন যাত্ৰীসহ উলটি বাগৰি পৰিছিল। নাওখনত জিবুতিৰ পৰা অহা ২৫ জন ইথিওপিয়ান আৰু দুজন য়েমেনৰ নাগৰিক আছিল। অৱশ্যে জাহাজখন ডুব যোৱাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি জানিব পৰা গৈছে।
লক্ষণীয়ভাৱে মধ্য প্ৰাচ্যলৈ এইদৰে প্ৰব্ৰজিত লোকৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰে জুন আৰু জুলাই মাহত এনে ঘটনা সংঘটিত হৈছিল। তাৰ পিছতো অৱশ্যে কামৰ আশাত আফ্ৰিকান দেশৰ পৰা মধ্য প্ৰাচ্যলৈ এইদৰে বিপদসংকুল প্ৰব্ৰজন অব্যাহত থকা দেখিবলৈ গোৱা গৈছে।