ৰাষ্ট্ৰপতি ভৱনত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণঃ প্ৰত্যাক্ৰমণত প্ৰাণ গ’ল ১৯ সন্ত্ৰাসবাদীৰ
আফ্ৰিকান ৰাষ্ট্ৰ চাদৰ ৰাষ্ট্ৰপতি ভৱনত এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদী সংগঠন বকো হাৰামে। এনে ভয়ংকৰ আক্ৰমণৰ পিছতে নিৰাপত্তাৰক্ষীয়ে প্ৰত্যাক্ৰমণ চলায়। নিৰাপত্তাৰক্ষী বাহিনীৰ প্ৰত্যাক্ৰমণত আক্ৰমণকাৰী দলটোৰ ১৯ গৰাকী সদস্য নিহত হয়।
এক ভয়াৱহ আক্ৰমণে জোকাৰিছে আফ্ৰিকান ৰাষ্ট্ৰ চাদক। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদী সংগঠন বকো হাৰামে। আফ্ৰিকাৰ কেইখনমান দেশত সক্ৰিয় হৈ থকা এই সন্ত্ৰাসবাদী গোটটোৰ কেইবাগৰাকীও সদস্যই ৰাষ্ট্ৰপতি ভৱনত নিৰ্বিচাৰ গুলীচালনা কৰে। এনে ভয়ংকৰ আক্ৰমণৰ পিছতে নিৰাপত্তাৰক্ষীয়ে প্ৰত্যাক্ৰমণ চলায়। নিৰাপত্তাৰক্ষী বাহিনীৰ প্ৰত্যাক্ৰমণত আক্ৰমণকাৰী দলটোৰ ১৯ গৰাকী সদস্য নিহত হয়। তদুপৰি দলটোৰ ৬ জন সদস্যক আটক কৰা হৈছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
লক্ষণীয়ভাৱে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে চাদৰ ৰাজধানী এন জামেনাত দেশখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। সংবাদ সংস্থা আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি চীনৰ বৈদেশিক মন্ত্ৰী আৰু চাদৰ বিষয়াসকলৰ মাজত হোৱা এই বৈঠকৰ কেইঘণ্টামানৰ পিছতে সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে। এক বিবৃতি যোগে চাদৰ নিৰাপত্তা বাহিনীয়ে এই আক্ৰমণৰ বিষয়ে সদৰী কৰিছে।
বিবৃতিটোত নিৰাপত্তা বাহিনীয়ে ৰাজধানী এন জামেনাৰ ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ কৰা সন্ত্ৰাসবাদী গোটৰ বিৰুদ্ধে যুঁজ দিয়া বুলি উল্লেখ কৰি ইয়াৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে বুলি সদৰী কৰে। চাদৰ বৈদেশিক মন্ত্ৰী তথা চৰকাৰী মুখপাত্ৰ আব্দেৰমানে কৌলমলাল্লাই কয় যে নিৰাপত্তা বাহিনীৰ প্ৰত্যাক্ৰমণত আক্ৰমণকাৰী গোটে সন্মুখীন হোৱা বিপৰ্যয়ৰ বিষয়ে প্ৰকাশ কৰাৰ সমান্তৰালকৈ এই সংঘৰ্ষত এজন জোৱানৰো মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।
সন্ত্ৰাসবাদীৰ গুলীত লগতে ৩ জন লোক আহত হৈছে বুলি জানিবলৈ দি তেওঁ লগতে আহত এজনৰ অৱস্থা সংকটজনক বুলি সদৰী কৰে। গুলীচালনাৰ কেইঘণ্টামানৰ পিছতে কৌলমল্লাহে সেনা আবৃত হৈ ঘটনাস্থলীত উপস্থিত হোৱা দেখা যায়। অৱশ্যে পৰিস্থিতি সম্পূর্ণ নিয়ন্ত্রণত থকা বুলি তেওঁ উল্লেখ কৰে৷ আক্ৰমণৰ জৰিয়তে অস্থিৰতা সৃষ্টিৰ চক্ৰান্ত বিফল হোৱা বুলি তেওঁ দাবী কৰে।
বুধবাৰে নিশা চাদৰ ৰাষ্ট্ৰপতি মহামত দেবী ইটনো প্ৰাসাদৰ ভিতৰত থকা অৱস্থাত সংঘটিত হয় এই আক্ৰমণ। কৌলমল্লাহে ঘটনাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ৰাজপ্ৰসাদৰ নিৰাপত্তাৰক্ষীৰ সতৰ্কতাৰ প্ৰশংসা কৰে। উল্লেখ্য যে বকো হাৰামে যোৱা এটা দশকৰো অধিক সময় পূৰ্বে পশ্চিমীয়া শিক্ষাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল।
উত্তৰ-পূব নাইজেৰিয়াত ইছলামিক আইন প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে শক্তি প্ৰদৰ্শন কৰি আহিছে সংগঠনটোৱে। বকো হাৰামৰ এই বিদ্ৰোহ কেমেৰুণ, নাইজাৰ, চাদকে ধৰি চুবুৰীয়া পশ্চিম আফ্ৰিকাৰ দেশসমূহলৈ বিয়পি পৰিছে।