5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিস্ফোৰণত কঁপি উঠিল পাকিস্তানঃ ৫ শিশুসহ ৭জন নিহত, আহত ১৭ জন

আজি পুৱা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ মষ্টুং জিলাত সংঘটিত হয় এক বিস্ফোৰণ। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি বিস্ফোৰণত ৫টা শিশু আৰু এজন আৰক্ষী জোৱানকে ধৰি ৭ জন লোকৰ মৃত্যু হৈছে। আনহাতে বিস্ফোৰণত আন ১৭ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।

বিস্ফোৰণত কঁপি উঠিল পাকিস্তানঃ ৫ শিশুসহ ৭জন নিহত, আহত ১৭ জন
বিস্ফোৰণত ৭ জন নিহত
monjit-dutta
Monjit Dutta | Published: 01 Nov 2024 14:49 PM

এক ভয়ংকৰ বিস্ফোৰণে জোকাৰিছে পাকিস্তান। আজি পুৱা পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ মষ্টুং জিলাত সংঘটিত হয় এক বিস্ফোৰণ। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি বিস্ফোৰণত ৫টা শিশু আৰু এজন আৰক্ষী জোৱানকে ধৰি ৭ জন লোকৰ মৃত্যু হৈছে। আনহাতে বিস্ফোৰণত আন ১৭ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে। কালাট সংমণ্ডলৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, মস্তুং অসামৰিক চিকিৎসালয়ৰ সমীপত পুৱা প্ৰায় ৮:৩৫ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

এখন মটৰ চাইকেলত সংলগ্ন কৰি ৰখা এক ইআইডি বিস্ফোৰণৰ ফলত এই প্ৰাণনাশী ঘটনা সংঘটিত হয় বুলি আয়ুক্তগৰাকীয়ে লগতে সদৰী কৰে। এই ঘটনাত আহত লোকসকলক চিকিৎসাৰ বাবে প্ৰথমে স্থানীয় দুখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে ১১ জন লোকৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাৰ বাবে কুৱেটা ট্ৰমা চেণ্টাৰলৈ স্থানান্তৰিত কৰা হয় বুলি সদৰী কৰা হৈছে।

এনে পৰিস্থিতিত ঘটনাত নিহত লোকৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। লক্ষণীয়ভাৱে আহত লোকসকলৰ ভিতৰতো অধিকাংশ শিশুৱেই আছে বুলি জানিব পৰা গৈছে। কুৱেটা ট্ৰমা চেণ্টাৰৰ পৰিচালন সঞ্চালক আৰবাব কামৰানে প্ৰকাশ কৰা ৰোগীৰ তালিকা অনুসৰি আহত এই ১১ জন লোকৰ ভিতৰত ৫জনৰ অৱস্থা অত্যন্ত গুৰুতৰ।

ঘটনা সন্দৰ্ভত জিলাখনৰ উপায়ুক্ত নয়ম বাজাইয়ে কয় যে সহকাৰী আয়ুক্ত আৰু উপ আয়ুক্তই আহত লোকসকল চিকিৎসাধীন হৈ থকা চিকিৎসালয়সমূহৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে। পুনৰ এনে কোনো ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখিছে বুলি উপায়ুক্তগৰাকীয়ে লগতে কয়।

ইফালে জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আহতসকলৰ ভিতৰত চাৰিজন আৰক্ষী কৰ্মীও আছে। তেওঁ লগতে বিস্ফোৰণত নিহত শিশুকেইটাৰ বয়স পাঁচৰ পৰা দহ বছৰৰ ভিতৰত বুলিও জানিবলৈ দিয়ে। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, বিস্ফোৰণৰ ফলত এখন আৰক্ষীৰ বাহন আৰু কেইবাখনো অটোৰিক্সা ক্ষতিগ্ৰস্ত হয়।

বেলুচিস্তানৰ মুখ্যমন্ত্ৰী মিৰ ছাৰফৰাজ বুগটিয়ে মষ্টুঙত সংঘটিত এই বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। এক্সত এক পোষ্ট যোগে তেওঁ শ্বহীদ আৰক্ষী জোৱানজনৰ লগতে নিৰীহ শিশুকেইটিৰ পৰিয়াললৈ সমবেদনা জনায়। ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “সন্ত্ৰাসবাদীয়ে এতিয়া দৰিদ্ৰ শ্ৰমিকৰ লগতে নিৰীহ শিশুকো লক্ষ্য কৰি লৈছে। এই অমানৱীয় ঘটনা নিন্দনীয়।”

স্থানীয় জনসাধাৰণেও এতিয়া সন্ত্ৰাসবাদীৰ গতিবিধিৰ ওপৰত চকু ৰাখিব লাগিব আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজিব লাগিব বুলি মুখ্যপ্মন্ত্ৰীগৰাকীয়ে লগতে জনসাধাৰণলৈ আহ্বান জনায়।

Latest News