5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী…

আজি বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনাও হ’ব বুলি জানিব পৰা গৈছে ।

আজি চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী…
প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি
manas-borah
Manas Borah | Updated On: 23 Oct 2024 07:39 AM

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মঙলবাৰে ৰাছিয়াৰ কাজানত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ৰাছিয়া ভ্ৰমণৰ প্ৰথম দিনাই ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনা হোৱা বুলি জানিব পৰা গৈছে । আজি বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক আলোচনাও হ’ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, শেহতীয়াকৈ ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ ক্ষেত্ৰত দুয়োখন দেশ সহমতত উপনীত হৈছে । ইয়াৰ পাছতে চীনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনাৰ গুৰুত্ব বৃদ্ধি পাইছে । প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনা নিশ্চিত কৰি বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, বুধবাৰে ব্ৰিকছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হ’ব।

ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠক

উল্লেখ্য যে, পুটিনক সাক্ষাৎ কৰাৰ পাছত ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদীয়ে। বৈদেশিক সচিবগৰাকীয়ে কয় যে, এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ক্ৰমবৰ্ধমান সংঘাতক লৈ উদ্বেগ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু সাধাৰণ নাগৰিকৰ ক্ষতি ৰোধৰ বাবে ভাৰতে আহ্বান জনাই অহা বিষয়টো পুনৰবাৰ উল্লেখ কৰে।

বৈদেশিক সচিবগৰাকীয়ে কয় যে, এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তেজনা হ্ৰাস কৰিবলৈ আলোচনা আৰু কূটনীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতি পেজেস্কিয়ানেও অঞ্চলটোত শান্তি আৰু সম্প্ৰীতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি সদৰী কৰিছে বৈদেশিক সচিব গৰাকীয়ে ।

Latest News