California Wildfire: ৫৬ হাজাৰ একৰতকৈও অধিক ভূমিলৈ বিয়পিছে কেলিফৰ্ণিয়াৰ বনজুই, নিহত সংখ্যা ১৬ জনলৈ বৃদ্ধি
বনজুইৰ ফলত আমেৰিকাই কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে । ১ লাখৰো অধিক লোকে ঘৰৰ পৰা ওলাই গৈ নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে । শেহতীয়াকৈ এই অগ্নিকাণ্ডত ১৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ।
বৰ্তমানেও নিৰ্বাপণ হোৱা নাই লছ এঞ্জেলছৰ বনজুই । কেলিফৰ্ণিয়াৰ গৱৰ্ণৰে কয় যে, এয়া ইতিহাসৰ আটাইতকৈ ডাঙৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত আমেৰিকাই কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। ১ লাখৰো অধিক লোকে ঘৰৰ পৰা ওলাই গৈ নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে । সমান্তৰালভাৱে বহু চলচ্চিত্ৰ তাৰকা আৰু নেতাৰ ঘৰো এই জুইত জাহ গৈছে । শেহতীয়াকৈ এই অগ্নিকাণ্ডত ১৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে ।
এই বনজুই ৫৬ হাজাৰ একৰতকৈও অধিক ভূমিলৈ বিয়পি পৰিছে । যোৱা মঙলবাৰৰ পৰা এই অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে যদিও প্ৰচণ্ড বতাহৰ বাবে ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে । কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে কয় যে, এই অগ্নিকাণ্ড ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ড। এই জুই নিৰ্বাপণ কৰিবলৈ মেক্সিকোৱেও সহায়ৰ হাত আগবঢ়াইছে। জুই নিৰ্বাপণৰ বাবে ১৪ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লগতে প্ৰায় ১৬০০ অগ্নিনিৰ্বাপক সঁজুলি আৰু ৭১ খন হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।
TODAY: California is deploying resources from across the state, the nation, and neighboring countries to battle the Los Angeles fires.
🧑🚒 14,000+ Personnel
🪖 1,680 @TheCalGuard Members
🚒 1,668 Fire Engines, Water Tenders, & Dozers
🚁 71 Helicopters pic.twitter.com/vuqSwKy5jj— Governor Newsom (@CAgovernor) January 12, 2025
খবৰ অনুসৰি, পালিছাডছৰ বনজুই ১১ শতাংশ নিয়ন্ত্ৰণ কৰা হৈছে। ইটনৰ জুই এতিয়া ১৫ শতাংশ, কেনেথত ৮০ শতাংশ আৰু হাৰ্ষ্টত ৭৬ শতাংশ নিয়ন্ত্ৰণ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই অগ্নিকাণ্ডৰ বাবে আমেৰিকাত প্ৰায় ৫০ বিলিয়ন ডলাৰৰ লোকচান হৈছে । এই হাৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । এই অগ্নিকাণ্ডত বহু চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। হাজাৰ হাজাৰ লোকৰ ঘৰ জুইত জাহ গৈছে । লাখ লাখ লোকে ৰাজপথত আৰু সাহায্য শিবিৰত কটাবলগীয়া হৈছে।
ইফালে, এই বনজুইৰ সৈতে জড়িত ভুল তথ্যৰ প্ৰচাৰ ৰোধ কৰিবলৈ কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে মুকলি কৰিছে CaliforniaFireFacts.com নামৰ এটা নতুন ৱেবছাইট। ৱেবছাইটটোৰ উদ্দেশ্য হৈছে অনলাইন আৰু ৰাজনৈতিক নেতাৰ দ্বাৰা প্ৰচাৰিত ভুৱা তথ্য প্ৰতিহত কৰা। ইয়াৰ লগতে অগ্নিকাণ্ডৰ সঠিক আপডেট সম্পৰ্কেও তথ্য দিয়াৰ বাবে প্ৰচেষ্টা কৰিব ।