Canada Visa: কানাডা চৰকাৰে বন্ধ কৰিলে ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ভিছা, কি প্ৰভাৱ পৰিব ভাৰতীয়ৰ ওপৰত?
Visa: কানাডা চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্তৰ পাছতেই ভাৰতৰ লগতে বিশ্বৰ আন ১৩ খন দেশৰ ছাত্ৰ- ছাত্ৰী সমস্যাত পৰিব। কানাডা চৰকাৰে বন্ধ কৰিলে ষ্টুডেন্ট ডাইৰেক্ট ষ্ট্ৰীম কাৰ্যসূচী। যাৰ বাবে হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিব।
কানাডা আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা বিভিন্ন মতানৈক্যৰ মাজতে কানাডাৰ এক সিদ্ধান্তই সমস্যা লৈ আনিব হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীলৈ।কানাডাই বন্ধ কৰিলে আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ বাবে ষ্টুডেন্ট ডাইৰেক্ট ষ্ট্ৰীম (Student direct stream) ভিছা কাৰ্যসূচী। কানাডাত আন্তঃ ৰাষ্ট্ৰীয় ছাত্ৰ- ছাত্ৰীৰ অধ্যয়নৰ অনুমতিৰ আবেদন, দেশত প্ৰৱেশ, কানা়ডা নাগৰিকত্ব প্ৰদানত ক্ষিপ্ৰতা আদিৰ বাবে ২০১৮ চনত এই ভিছা কাৰ্যসূচী ৰূপায়ন কৰিছিল। কিন্তু এতিয়া কানাডা চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতেই বিশ্বৰ কেইবাখনো দেশৰ ছাত্ৰ- ছাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিব।
এই কাৰ্যসূচী ভাৰত, ব্ৰাজিল, চীন, কলম্বিয়া, মৰক্কো, পাকিস্তান. পেৰু, ফিলিপাইন,কোষ্টা ৰিকা, ভিয়েটনামকে ধৰি ১৪ খন দেশৰ ছাত্ৰ- ছাত্ৰীৰ বাবে ২০১৮ চনত ৰূপায়ন কৰা হৈছিল।খবৰ অনুসৰি কানাডা চৰকাৰে নিজৰ ৱেবচাইটত এই কাৰ্যসূচী বন্ধ কৰাৰ কথা উল্লেখ কৰাৰ লগতে কয় যে,সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আবেদন প্ৰক্ৰিয়াত সমান আৰু ন্যায্য প্ৰৱেশৰ সুবিধা প্ৰদান কৰিবলৈ’ এই কাৰ্যসূচী বন্ধ কৰা হৈছে।
এই আঁচনিৰ অধীনত ৮ নৱেম্বৰৰ বিয়লি ২ বজালৈ লাভ কৰা আবেদনসমূহ নিৰীক্ষণ কৰা হ’ব আৰু পাছত আবেদনসমূহ নিয়মীয়া অধ্যয়ন অনুমতি ধাৰাৰ অধীনত প্ৰক্ৰিয়াকৰণ কৰা হ’ব। কানাডা চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই ভাৰতৰ লগতে বিশ্বৰ আন ১৩ খন দেশৰ ছাত্ৰ- ছাত্ৰীয়ে কানাডাত অধ্যয়ন কৰিবলৈ ভিছাৰ বাবে দীঘলীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ২০১৮ চনত কানাডা চৰকাৰে ৰূপায়ন কৰা ষ্টুডেন্ট ডাইৰেক্ট ষ্ট্ৰীম (এছডিএছ) ভিছা প্ৰক্ৰিয়া অতি সহজ আছিল লগতে কম সময়ৰ ভিতৰে এই ভিছাই স্বীকৃতি লাভ কৰিছিল।
উল্লেখ্য যে, বহু বছৰ পাছত কানাডা চৰকাৰে দেশখনলৈ অহা অনুপ্ৰৱেশকাৰীৰ সংখ্যা কম কৰাৰ চিন্তা কৰিছে। একাংশৰ মতে, বৰ্তমান কানাডা চৰকাৰে ক্ষমতা নিজৰ হাতত ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কানাডাই পূৰ্বৰে পৰা নিজৰ দেশলৈ অহা অনুপ্ৰৱেশকাৰীসকলক স্বাগতম জনাই আহিছে যদিও এইবাৰ কানাডাই এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন কৰিবলগীয়া যে, ২০২৫ চনৰ অক্টোবৰৰ পূৰ্বে কানাডাত ফেডাৰেল নিৰ্বাচন অনুষ্ঠিত হ’ব। গতিকে ইয়াৰ পূৰ্বে অনুপ্ৰৱেশকাৰী বিষয়টোৱে কানাডাৰ ৰাজনীতি গৰম কৰি তুলিছে। সমীক্ষা অনুসৰি কানাডাৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে ভাবে যে কানাডাত অনুপ্ৰৱেশকাৰীৰ সংখ্যা অধিক। তথ্য অনুসৰি কানাডাত ভাৰতৰ প্ৰায় ৪,২৭,০০০ ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ম কৰি আছে। কেৱল ভাৰতৰে নহয়, কানাডাত বিভিন্ন দেশৰ পৰা অনুপ্ৰৱেশ ঘটে আৰু ইয়াৰ বিৰোধিতা কানাডাবাসীয়ে কৰে। যাৰ বাবে অনুপ্ৰৱেশকাৰী বিষয়টো নিৰ্বাচনী বিষয়বস্তু হিচাপে লৈ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় পক্ষ।