অসাৰ যুদ্ধ বিৰতি! ইজৰাইলৰ বিমান আক্ৰমণত লেবাননত প্ৰায় ১১ জনৰ মৃত্যু…

যোৱা এবছৰতকৈ অধিককাল ধৰি চলি থকা যুদ্ধৰ ফলত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে গাজা। গাজাত মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছে।গাজাৰ শৰণাৰ্থী শিবিৰত থকা লোকসকলে ভোকৰ তাড়নাত পৰিছে। আটাৰ অভাৱত বহু পৰিয়ালে দিনটোত মাত্ৰ এখন ৰুটীহে লাভ কৰিবলৈ সক্ষম হৈছে।

অসাৰ যুদ্ধ বিৰতি! ইজৰাইলৰ বিমান আক্ৰমণত লেবাননত প্ৰায় ১১ জনৰ মৃত্যু...

ইজৰাইল

Published: 

03 Dec 2024 07:53 AM

ইজৰাইল আৰু হিজাবুল্লাহৰ মাজত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো লেবাননত শান্তি প্ৰতিষ্ঠা হোৱাৰ নাম লোৱা নাই। যুদ্ধ বিৰতি চলি থকাৰ মাজতে ইজৰাইলে দাবী কৰে যে হিজাবুল্লাহে ইজৰাইলৰ ওপৰত প্ৰজেক্টাইল নিক্ষেপ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলেও বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ১১ জনলোকৰ মৃত্য়ু হোৱাৰ লগতে আন কেইবাজন আহত হয়। যোৱা বুধবাৰে ইজৰাইল- হিজাবুল্লাহৰ মাজত ৬০ দিনীয়া যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হিজবুল্লাহে ইজৰাইলক লক্ষ্য কৰি লয় আৰু ইয়াৰ প্ৰত্য়ুত্তৰ ইজৰাইলে দিয়ে।

এই যুদ্ধবিৰতিৰ লক্ষ্য আছিল ইজৰাইল আৰু হিজবুল্লাহৰ মাজত প্ৰায় এবছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পেলোৱা। কিন্তু যুদ্ধ বিৰতি থকাৰ পাছতো দুয়োখন দেশে এখনে আনখনৰ ওপৰত অভিযোগ উত্থাপন কৰি যুদ্ধ বিৰতিৰ চৰ্ত উলংঘা কৰা দেখা গৈছে। শেহতীয়াকৈ লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে,  ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত দক্ষিণৰ হাৰিছ গাঁৱত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আহত হৈছে। লগতে তালুছা গাঁৱত চাৰিজন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হয়।

আক্ৰমণ সন্দৰ্ভত বিবৃতি প্ৰদান কৰি হিজবুল্লাহে কয় যে তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে প্ৰতিৰক্ষামূলক আৰু সতৰ্কবাণীমূলকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হিজাবুল্লাহে অভিযোগ কৰে যে ইজৰাইলে বাৰে বাৰে যুদ্ধ বিৰতি উলংঘা কৰি আছে। লগতে কয় যে এই বিষয়ত মধ্যস্থতাকাৰীৰ ওচৰত অভিযোগ কৰিলেও কোনো লাভ নাই। ইয়াৰোপৰি লেবাননৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীয়ে কয় যে, ইজৰাইলে যোৱা কেইদিনমানৰ ভিতৰত ৫০ বাৰতকৈ অধিক যুদ্ধবিৰতি উলংঘা কৰিছে। যুদ্ধ বিৰতিৰ পাছত ইজৰাইলে সীমান্তত থকা ঘৰ ভাঙি পেলোৱা, ড্ৰ’নেৰে বিমান চলোৱা আৰু বিমান আক্ৰমণ আদি সংঘটিত কৰিছে।

আনহাতে ইজৰাইলে কয় যে হিজবুল্লাহৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে বিমানেৰে আক্ৰমণ চলাইছিল। লগতে ইজৰাইল সেনাই দাবী কৰে যে হিজবুল্লাহৰ দ্বাৰা নিক্ষেপ কৰা প্ৰজেক্টাইলসমূহ মুকলি ঠাইত পৰিছিল, যাৰ ফলত কোনো ধৰণৰ ক্ষতি হোৱা নাই।

উল্লেখ্য যে, যোৱা এবছৰতকৈ অধিককাল ধৰি চলি থকা যুদ্ধৰ ফলত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে গাজা। গাজাত মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে সাহায্য সামগ্ৰী লুন্ঠন কৰাৰ পাছত ৰাষ্ট্ৰসংঘই সাহাৰ্য বিতৰণ বন্ধ কৰি দিছে। বিশ্ব খাদ্য কাৰ্যসূচীয়ে কয় যে নৱেম্বৰ মাহত মাত্ৰ ৩ লাখ লোককহে সাহায্য প্ৰদান কৰা হৈছে, আৰু এয়া গাজাৰ বৃহত্তম জনসাধাৰণৰ মাত্ৰ সামান্যতম অংশ।

গাজাৰ শৰণাৰ্থী শিবিৰত থকা লোকসকলে ভোকৰ তাড়নাত পৰিছে। আটাৰ অভাৱত বহু পৰিয়ালে দিনটোত মাত্ৰ এখন ৰুটীহে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দেওবাৰে ইজৰাইলে ৬০০ টন আটা কঢ়িয়াই অনা ৪০খন ট্ৰাক আৰু আন ১৬খন খাদ্য ট্ৰাকক গাজাত প্ৰৱেশৰ অনুমতি দিছিল। কিন্তু প্ৰয়োজনৰ তুলনাত এয়া বহু কম। প্ৰতিদিনে গাজাৰ হাজাৰ হাজাৰ জনতা জীৱন-মৃত্যুৰে যুঁজি যুঁজি জীয়াই আছে।

 

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...