চৰকাৰৰ নতুন পদক্ষেপ! অধিক শিশু জন্ম হ’লে লাভ কৰিব বিশেষ সুবিধা, জানক সবিশেষ…
জনসংখ্যা নিয়ন্ত্ৰণক লৈ চিন্তিত হৈ পৰিছে চৰকাৰ! শেহতীয়াকৈ জনসংখ্যা হ্ৰাস পোৱা বাবে চৰকাৰে অধিক শিশু জন্মৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত জনসংখ্যা বৃদ্ধি হ'ব পাৰে বুলি আশা কৰা হৈছে।

জনবহুল দেশ হিচাপে চীনৰ নামটো শীৰ্ষ দেশৰ ভিতৰত আহে। কিন্তু এতিয়া জনসংখ্যা নিয়ন্ত্ৰণক লৈ দেশখন চিন্তিত হৈ পৰিছে। দেশখনত ল’ৰা-ছোৱালীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে চীন চৰকাৰে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ পাছতো কোনো সফলতা লাভ কৰা নাই। শেহেতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰখনে অন্য এক পদক্ষেপ গ্ৰহণ কৰিছে যাৰ ফলত শিশুৰ সংখ্যা বৃদ্ধিত যথেষ্ঠ সহায়ক হ’ব বুলি আশা কৰা হৈছে। তথ্য অনুসৰি, ছি জিনপিঙৰ চৰকাৰে শীঘ্ৰে এই পৰিকল্পনা কাৰ্যকৰী কৰিব পাৰে।
চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি চীন চৰকাৰে জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰাক-বিদ্যালয় সেৱা বিনামূলীয়া কৰাৰ প্ৰস্তাৱ প্ৰস্তুত কৰিছে। ইয়াৰ অধীনত শিশুৰ বয়স ১২ বছৰ হোৱালৈকে বিদ্যালয়ত শিশুসকলে বিনামূলীয়া শিক্ষা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে ল’ৰা-ছোৱালীৰ পৰা কোনো ধৰণৰ মাচুল গ্ৰহণ কৰা নহয়। প্ৰথমে শিশুৰ ৯ বছৰলৈকে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা আছিল। কিন্তু এতিয়া ইয়াৰ সীমা বৃদ্ধি কৰাৰ প্ৰস্তুতি কৰিছে চীন চৰকাৰে।
প্ৰকাশ পোৱা খবৰ অনুসৰি, চৰকাৰে প্রথম তিনিবছৰৰ বাবে সকলো শিশুকে বিনামূলীয়া বীমা প্ৰদান কৰিব,যাৰ অধীনত শিশুৰ যত্নৰ বাবে পিতৃ-মাতৃয়ে কোনো ধন খৰচ কৰিব নালাগে। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত দম্পতীয়ে যাতে কুণ্ঠাবোধ নকৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰোপৰি চীনে গ্ৰাম্য অঞ্চলত বিনামূলীয়া শিক্ষা প্ৰদানৰ বয়স বৃদ্ধি কৰাৰো ইংগিত প্ৰদান কৰিছে। গ্ৰাম্য অঞ্চলত ১৫ বছৰলৈকে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব পাৰে।
চীনৰ সংবাদ মাধ্যমৰ মতে ২০২৪ চনত একেৰাহে তৃতীয় বছৰৰ বাবে জনসংখ্যা হ্ৰাস পাইছে। ২০২৪ চনত চীনৰ জনসংখ্যা ১৩ লাখ হ্ৰাস পাইছিল, যাৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে উদ্বিগ্ন হৈ আছে। বৰ্তমান চীনৰ জনসংখ্যা প্ৰায় ১৪০ কোটি। জনসংখ্যাৰ হিচাপত চীন বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ। চীনৰ জিনপিং চৰকাৰে আশংকা কৰিছে যে অনাগত দিনত আন দেশৰ তুলনাত চীনত যুৱক-যুৱতীৰ সংখ্যা হ্ৰাস পাব পাৰে। যাৰ বাবে চীনে জনসংখ্যা বৃদ্ধিৰ চেষ্টা চলাই আছে। ২০২৩ চনত জনসংখ্যাৰ ফালৰ পৰা চীনে ভাৰতৰ পাছত আছিল। ভাৰতৰ জনসংখ্যা প্ৰায় ১৪২ কোটি হোৱাৰ বিপৰীতে চীনৰ আছিল ১৪০ কোটি।