শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ কোন কোন আহিব ? সম্পূৰ্ণ অতিথি তালিকা চাওক…

আজি ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে। ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাত এই শপত গ্ৰহণ কৰা হ’ব। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ কোন কোন বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব জানক ।

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানলৈ কোন কোন আহিব ? সম্পূৰ্ণ অতিথি তালিকা চাওক…
ড’নাল্ড ট্ৰাম্প
manas-borah
Manas Borah | Published: 20 Jan 2025 17:06 PM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত বৃহৎ সংখ্যক লোক উপস্থিত থকাৰ সম্ভাৱনা আছে। এই উপলক্ষে ট্ৰাম্পে সমৰ্থকসকলক সম্বোধন কৰিব আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত ভাষণ দিব । ট্ৰাম্পৰ এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ নেতা, ব্যৱসায়ী আৰু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব ।

ট্ৰাম্পৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। আজি ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে। ভাৰতীয় সময় অনুসৰি নিশা ১০:৩০ বজাত এই শপত গ্ৰহণ কৰা হ’ব। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ কোন কোন বিখ্যাত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব জানক ।

এক্সৰ মালিক ইলন মাস্ক, আমাজনৰ স্বত্বাধিকাৰী জেফ বেজোছ, মেটাৰ মালিক মাৰ্ক জুকাৰবাৰ্গ আৰু টিকটকৰ স্বত্বাধিকাৰী শ্ব’ চ্যুৱে ট্ৰাম্পৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰিব । লগতে এপলৰ চিইঅ’ টিম কুক, গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, ইলন মাস্ক ট্ৰাম্পৰ দলৰ অংশ আৰু নিৰ্বাচনী প্ৰচাৰৰ সময়তো ট্ৰাম্পৰ লগত আছিল ইলন মাস্ক ।

বিশ্বৰ বহু বৃহৎ দেশৰ বিশ্ব নেতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। য’ত ভাৰতৰ ফালৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবান, আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলি আৰু চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙে অংশগ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ।

আমেৰিকাৰ বহু প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিও ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। য’ত আছে প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, জৰ্জ ডব্লিউ বুশ্ব, বাৰাক ওবামা, উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, হিলাৰী ক্লিণ্টন আৰু জো বাইডেন। উল্লেখ্য যে, ৫ নৱেম্বৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছত আজি ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে। ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছত বহিব ৭৮ বছৰীয়া ট্ৰাম্পে ।

Latest News