ট্ৰাম্পৰ শুল্কৰ তালিকাক লৈ চিন্তিত ইউনুছ, জৰুৰী বৈঠকৰ আহ্বান
ট্ৰাম্পে শুল্ক তালিকা ঘোষণা কৰাৰ সময়ত ইউনুছ বিমষ্টেক শীৰ্ষ সন্মিলনত ব্যস্ত আছিল । গতিকে তেওঁ ট্ৰাম্পৰ শুল্কৰ বন্দুকৰ প্ৰতি ইমান গুৰুত্ব নিদিলে । ঘৰলৈ উভতি অহাৰ লগে লগে শুল্ক যুদ্ধক লৈ এতিয়া সতৰ্ক হৈ পৰিছে ইউনুছ । খৰখেদাকৈ শনিবাৰে বিশেষ সভাৰ আহ্বান জনায় ।

থাইলেণ্ডৰ পৰা উভতি অহাৰ লগে লগেই ততাতৈয়াকৈ বৈঠকৰ আহ্বান জনায় বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে । জানিব পৰা মতে শনিবাৰে সন্ধিয়া তেওঁ চৰকাৰী উপদেষ্টা আৰু বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব । আমেৰিকাই ২ এপ্ৰিলৰ পৰা বাংলাদেশৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰিব বুলি ঘোষণা কৰিছে । কেৱল বাংলাদেশেই নহয়, বন্ধু বা শত্ৰু বিশ্বৰ প্ৰতিখন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে ট্ৰাম্পে । ৯ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব । যেনেকৈ ট্ৰাম্পে এই শুল্কৰ বন্দুক ভাৰতৰ মূৰত ধৰি ৰাখিছে, বাংলাদেশেও ইয়াৰ পৰা ৰেহাই পোৱা নাই ।
হোৱাইট হাউছে প্ৰদান কৰা তালিকা অনুসৰি তেওঁলোকে বাংলাদেশৰ ওপৰত ৩৭ শতাংশ শুল্ক আৰোপ কৰিছে । যিটো এতিয়ালৈকে আছিল মাত্ৰ ১৫ শতাংশ । অৰ্থাৎ আমেৰিকাৰ পৰা বাংলাদেশী সামগ্ৰী আমদানি কৰিব বিচাৰিলে অতিৰিক্ত কৰ দিব লাগিব । ফলত আমদানিকাৰীসকল আঁতৰি যাব । বাংলাদেশ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি ।
ট্ৰাম্পে এই শুল্ক তালিকা ঘোষণা কৰাৰ সময়ত ইউনুছ বিমষ্টেক শীৰ্ষ সন্মিলনত ব্যস্ত আছিল । গতিকে তেওঁ ট্ৰাম্পৰ শুল্কৰ বন্দুকৰ প্ৰতি ইমান গুৰুত্ব নিদিলে । ঘৰলৈ উভতি অহাৰ লগে লগে শুল্ক যুদ্ধক লৈ এতিয়া সতৰ্ক হৈ পৰিছে ইউনুছ । খৰখেদাকৈ শনিবাৰে বিশেষ সভাৰ আহ্বান জনায় । বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি আজি অৰ্থাৎ শনিবাৰে সন্ধিয়া ৭:৩০ বজাত মুখ্য উপদেষ্টা মহম্মদ ইউনুছে অন্তৱৰ্তীকালী চৰকাৰৰ সকলো উপদেষ্টা, বিশেষজ্ঞ আৰু শীৰ্ষ বিষয়াৰ সৈতে এক ‘জৰুৰী’ বৈঠকত মিলিত হ’বলৈ ওলাইছে । আমেৰিকাৰ শুল্ক সন্দৰ্ভত আলোচনা হ’ব ।
ট্ৰাম্পৰ শুল্কত ক্ষতিগ্ৰস্ত হ’ব পাৰে বাংলাদেশ
বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উৎপাদনকাৰী দেশ । বিশেষজ্ঞসকলে কয় যে যদিও বাংলাদেশে এছিয়াকে ধৰি একাধিক মহাদেশলৈ বস্ত্ৰ ৰপ্তানি কৰে, তথাপিও তেওঁলোকৰ আয়ৰ এক বৃহৎ অংশ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল । বাংলাদেশে প্ৰতি বছৰে প্ৰায় ৬ৰ পৰা ৭ বিলিয়ন মাৰ্কিন ডলাৰৰ বস্ত্ৰ আমেৰিকালৈ ৰপ্তানি কৰে । যিটো তেওঁলোকৰ জিডিপি প্ৰায়ৰ ২ শতাংশ । সেই প্ৰেক্ষাপটত ক’ব পাৰি যে এনে অতিৰিক্ত শুল্কৰ বাবে আগন্তুক দিনত আমেৰিকালৈ আমদানি কৰা বাংলাদেশী কাপোৰৰ মূল্য দুগুণ হ’ব । ফলত মানুহৰ এক বৃহৎ অংশই তেওঁলোকক পিঠি দিব পাৰে । যিয়ে পদ্মাৰ কাষৰ অৰ্থনীতিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে ।