৮ প্ৰাবল্যৰ ভূমিকম্পই চলাব ধ্বংসলীলা! ভূতত্ত্ববিদৰ ভৱিষ্যদ্বাণীক লৈ চিন্তিত চৰকাৰ

ভূতত্ত্ববিদসকলে ১৫০ বছৰৰ তথ্যৰ ভিত্তিত এক প্ৰতিবেদন প্ৰকাশ কৰি ছিচুয়ান, ইউনান আৰু হিমালয় অঞ্চলত ৮ প্ৰাবল্যৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছে। এই ভৱিষ্যদ্বাণী পামিৰ-বৈকাল ভূমিকম্পীয় বেল্টৰ ভূমিকম্পৰ চক্ৰৰ কথা মনত ৰাখি কৰা হৈছে। যদি এই ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হয় তেন্তে ই অবিশ্বাস্য ধ্বংসলীলাৰ সৃষ্টি কৰিব।

৮ প্ৰাবল্যৰ ভূমিকম্পই চলাব ধ্বংসলীলা! ভূতত্ত্ববিদৰ ভৱিষ্যদ্বাণীক লৈ চিন্তিত চৰকাৰ

চীনত ভূমিকম্পৰ ভৱিষ্যদ্বাণী!

Updated On: 

07 Apr 2025 15:21 PM

ভাৰতৰ চুবুৰীয়া দেশ চীনৰ ভূতত্ত্ববিদসকলে তেওঁলোকৰ দেশত প্ৰবল ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰিছে।  কিছুদিনৰ পাছতে এই প্ৰবল ভূমিকম্প হোৱাৰ সম্ভৱনা ব্যক্ত কৰিছে দেশখনৰ ভূতত্ত্ববিদসকলে। চীনা বিজ্ঞানীসকলে কয় যে, দেশখনত যিকোনো সময়তে ৮ মাত্ৰাৰ ভূমিকম্প হ’ব পাৰে। যদি এই ভৱিষ্যদ্বাণী সঁচা হয় তেন্তে চীনৰ বহু অঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হ’ব।

চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি বেইজিং ভূমিকম্প এজেন্সীৰ জ্যেষ্ঠ অভিযন্তা ঝু হংয়িনৰ দলে প্ৰস্তুত কৰিছে এক প্ৰতিবেদন, যিটো ১৫০ বছৰৰ ভূমিকম্পৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। এই প্ৰতিবেদনে চীন চৰকাৰৰ উত্তেজনা বৃদ্ধি কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে যে বিগত ১৫০ বছৰত পূব এছিয়াৰ পামিৰ-বাইকাল ভূমিকম্পীয় বেল্টত ১২টা শক্তিশালী ভূমিকম্প অনুভৱ কৰা হৈছে। ইয়াৰে ৫টা ভূমিকম্প চীনৰ আশে-পাশে সংঘটিত হৈছে। এতিয়া ইয়াৰ ষষ্ঠ চক্ৰৰ ফলত চীনৰ চাৰিওফালে ভূমিকম্পৰ কম্পন অনুভৱ কৰা হ’ব। প্ৰতিবেদনত কোৱা হৈছে যে ছিচুয়ান, ইউনান আৰু হিমালয় ফ্ৰণ্টত ভূমিকম্প হ’ব পাৰে। এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত হ’ব ৮। ভূমিকম্পৰ মূল কাৰণ হ’ল ইয়াত টেকটনিক প্লেটৰ মাজত ঘৰ্ষণ বৃদ্ধি।

চাউথ চাইনা মৰ্নিং পোষ্টে কয় যে, ম্যানমাৰত হোৱা ভূমিকম্পৰ পিছত এই ভৱিষ্যদ্বাণীই চীন চৰকাৰক ভয় খুৱাইছে। অৱশ্যে চীন চৰকাৰৰ বিজ্ঞানীসকলে কয় যে,  চলিত বৰ্ষতে ভূমিকম্প হ’ব বুলি এতিয়াও কোনো ইংগিত পোৱা নাই। ২০০৮ চনত চীনৰ ছিচুয়ান প্ৰদেশত ভূমিকম্প অনুভৱ কৰা হৈছিল। এই প্রতিবেদন প্রস্তুত কৰা বিজ্ঞানীসকলে কয় যে, এই বছৰ এটা প্রবল ভূমিকম্প হ’ব পাৰে৷ এনে পৰিস্থিতিত চীনৰ হাজাৰ হাজাৰ অট্টালিকা মাটিত ভাঙি পৰিব।

শেহতীয়াকৈ ৭.৭ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই জোঁকাৰি গৈছে ম্যানমাৰ। য’ত এতিয়ালৈকে ৩০০০ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত এতিয়াও শ শ লোক আৱদ্ধ হৈ থকা বুলি কোৱা হৈছে। অৱশ্যে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমক নিষেধাজ্ঞা আৰোপ কৰিছে ম্যানমাৰ চৰকাৰে।

ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...
IPL ৰ পৰা ধোনীয়ে বৰ্তমানলৈ কিমাট টকা আয় কৰিলে? শুনিলে হ'ব আচৰিত...
ভগৱানক কাটি ফল-মূল আগবঢ়াব লাগে নে নালাগে? কি কয় প্ৰেমানন্দ মহাৰাজে