শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত সৰ্ববৃহৎ নদী বান্ধ সন্দৰ্ভত চীনৰ স্পষ্টীকৰণ, কোনো ক্ষতি নহয় ভাৰতত!

ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে। এই নিৰ্মাণক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ পিছতে চীনে দিছে স্পষ্টীকৰণ। চীনৰ মতে, এই নদী বান্ধৰ ফলত ভাৰতৰ পানীৰ সোঁতত কোনো প্ৰভাৱ নপৰে।

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত সৰ্ববৃহৎ নদী বান্ধ সন্দৰ্ভত চীনৰ স্পষ্টীকৰণ, কোনো ক্ষতি নহয় ভাৰতত!
ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণ হৈ থকা বান্ধ সন্দৰ্ভত চীনৰ স্পষ্টীকৰণ
barasha-misra
Barasha Misra | Updated On: 06 Jan 2025 21:10 PM

ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে। এই প্ৰকল্পৰ আনুমানিক ব্যয় প্ৰায় ১৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ। অতি স্পৰ্শকাতৰ হিমালয় অঞ্চলৰ টেকটনিক প্লেটৰ সীমাত চীনে এই বান্ধটো নিৰ্মাণ কৰি আছে। ইয়াত সঘনাই ভূমিকম্প আহি থাকে। এই নিৰ্মাণক লৈ যেতিয়া ভাৰতে উদ্বেগ প্ৰকাশ কৰে, তেতিয়া চীনে এই সন্দৰ্ভত দিয়ে স্পষ্টীকৰণ। চীনে জনাই যে, এই নদী বান্ধৰ ফলত ভাৰতৰ পানীৰ সোঁতত কোনো প্ৰভাৱ নপৰে।

চীনে কয় যে, এই প্ৰকল্পৰ বৈজ্ঞানিক পৰীক্ষণ কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰত আৰু বাংলাদেশত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ নতুন মুখপাত্ৰ গুও জিয়াকুনে কয় যে, ইয়াৰলুং ছাংপো নদী (তিব্বতী নাম ব্ৰহ্মপুত্ৰ নদী)ৰ নিম্ন অঞ্চলত চীন জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বিজ্ঞানসন্মতভাৱে পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত কোনো দেশৰ পৰিৱেশ আৰু জলসম্পদত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে।

চীনে কি কি ক’লে?

ইয়াৰ পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা চুলিভানৰ সৈতেও বিষয়াসকলে এই বিষয়ত আলোচনা কৰিছিল। এই সন্দৰ্ভত জিয়াকুনে কয় যে, এই পদক্ষেপে দুৰ্যোগ প্ৰতিৰোধ আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব।

যোৱা মাহত চীনে তিব্বতৰ ভাৰত সীমান্তৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীত মথাউৰি নিৰ্মাণৰ পৰিকল্পনাত অনুমোদন জনাইছিল। ইয়াৰ তলত এটা বিশাল বান্ধ নিৰ্মাণ কৰা হ’ব। প্ৰস্তাৱিত মথাউৰি সন্দৰ্ভত ভাৰতে চীনক ব্ৰহ্মপুত্ৰৰ নিম্ন প্ৰবাহিত অঞ্চলৰ স্বাৰ্থ মনত ৰাখিবলৈ কয় যাতে কোনো অঞ্চলত চলি থকা কাৰ্যকলাপে ক্ষতি নকৰে।

ভাৰতে কি ক’লে?

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, আমি আমাৰ নিৰীক্ষণৰ বাবে চোকা দৃষ্টি নিক্ষেপ কৰিম। আমি বিশেষজ্ঞসকলৰ লগতে কূটনৈতিক মাধ্যমৰ জৰিয়তে নদীৰ ওপৰত বৃহৎ নদী বান্ধ প্ৰকল্পৰ বিষয়ে আমাৰ মতামত আৰু চিন্তাৰ কথা চীনক অৱগত কৰিছোঁ।

Latest News