৭৫ বছৰৰ পিছত চীনৰ চাংহাইত ঘূৰ্ণীবতাহৰ প্ৰভাৱ, ৰেড এলাৰ্ট জাৰি | China : Typhoon Bebinca hits Shanghai; strongest storm since 1949 Assam news - Assam Tv9

Typhoon Bebinca: ৭৫ বছৰৰ পিছত চীনৰ চাংহাইত ঘূৰ্ণীবতাহৰ প্ৰভাৱ… ৰেড এলাৰ্ট জাৰি

Updated On: 

16 Sep 2024 18:03 PM

চৰকাৰী বাতৰি কাকত গ্ল’বেল টাইমছৰ প্রতিবেদনত প্রকাশ কৰা তথ্য অনুসৰি, ঘণ্টাত ১৫১ কিলোমিটাৰ বেগেৰে বলি থকা বেবিনকা ঘূৰ্ণীবতাহে চহৰখনত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে । উল্লেখ্য যে, বেবিনকা ঘূৰ্ণীবতাহক লৈ পূৰ্বে সতৰ্কবাণী জাৰি কৰিছিল প্ৰশাসনে । এই ঘূৰ্ণীবতাহে চাংহাইত প্ৰৱেশ কৰাৰ লগে লগে জৰুৰীকালীন অৱস্থা সৃষ্টি হৈছে ।

Typhoon Bebinca: ৭৫ বছৰৰ পিছত চীনৰ চাংহাইত ঘূৰ্ণীবতাহৰ প্ৰভাৱ... ৰেড এলাৰ্ট জাৰি

চীনত ঘূৰ্ণীবতাহৰ প্ৰভাৱ

Follow Us On

ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে চীনৰ চাংহাই চহৰ । প্ৰায় ৭৫ বছৰৰ পাছত চীনৰ চাংহাইত ঘূৰ্ণীবতাহে জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি কৰাৰ খবৰ প্ৰকাশ পাইছে । ১৯৪৯ চনত চীনত ঘূৰ্ণীবতাহ গ্ল’ৰিয়াৰ সাংঘাতিক প্ৰভাৱ দেখা গৈছিল । চাংহাইৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, প্ৰতি ছেকেণ্ডত ৪২ মিটাৰ বেগত বলি থকা বেবিনকা ঘূৰ্ণীবতাহে চাংহাইৰ ‘পুডং জিলা’ত প্ৰৱেশ কৰি বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

চৰকাৰী বাতৰি কাকত গ্ল’বেল টাইমছৰ প্রতিবেদনত প্রকাশ কৰা তথ্য অনুসৰি, ঘণ্টাত ১৫১ কিলোমিটাৰ বেগেৰে বলি থকা বেবিনকা ঘূৰ্ণীবতাহে চহৰখনত সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে । উল্লেখ্য যে, বেবিনকা ঘূৰ্ণীবতাহক লৈ পূৰ্বে সতৰ্কবাণী জাৰি কৰিছিল প্ৰশাসনে । এই ঘূৰ্ণীবতাহে চাংহাইত প্ৰৱেশ কৰাৰ লগে লগে জৰুৰীকালীন অৱস্থা সৃষ্টি হৈছে । চহৰৰ বিষয়াসকলে জনোৱা মতে, ইয়াংচে নদীৰ সমীপৱৰ্তী দ্বীপ চংমিং জিলাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে প্ৰায় ৯ হাজাৰ লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ।

ঘূৰ্ণীবতাহৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে সকলো জাহাজ বন্দৰলৈ উভতি যাবলৈ নিৰ্দেশ জাৰি কৰিছে। যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে প্ৰশাসনে সহস্ৰাধিক সাহায্য আৰু উদ্ধাৰকাৰী কৰ্মী মোতায়েন কৰিছে। বেবিনকা ঘূৰ্ণীবতাহৰ বাবে চাংহাইত বিমান সেৱা বন্ধ হৈ পৰিছে। চাংহাই ৰে’লৱে ষ্টেচনে ঘোষণা কৰিছে যে, দেওবাৰৰ পৰা সোমবাৰলৈ চহৰখনৰ মাজেৰে যোৱা কেইবাটাও ট্ৰেকত ৰে’ল সেৱা প্ৰভাৱিত হ’ব।

চাউথ চাইনা মৰ্নিং পোষ্টৰ খবৰ অনুসৰি, দেওবাৰলৈকে ২.৫ কোটি জনসংখ্যা থকা চাংহাই চহৰৰ পৰা ৪,১৪,০০০ ৰো অধিক লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে আৰু চহৰখনৰ সকলো ঘাইপথ বন্ধ কৰি দিয়া হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version