আইফেল টাৱাৰতকৈও উচ্চ, ১ মিনিটত অতিক্ৰম কৰিব পাৰিব ১ ঘণ্টাৰ দূৰত্ব… মুকলিৰ বাবে সাজু বিশ্বৰ সৰ্বোচ্চ দলং

চীনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্বোচ্চ দলং। অতি সোনকালে এই দলংখন সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব। এই দলংখনে ১ মিনিটত ১ ঘণ্টাৰ দূৰত্ব অতিক্ৰম কৰিব। য’ত এফালে ই মানুহৰ বাবে যাত্ৰা সহজ কৰি তুলিব। আনহাতে, বিশ্ব পৰ্যায়ত পৰ্যটন বৃদ্ধি কৰিব।

আইফেল টাৱাৰতকৈও উচ্চ, ১ মিনিটত অতিক্ৰম কৰিব পাৰিব ১ ঘণ্টাৰ দূৰত্ব... মুকলিৰ বাবে সাজু বিশ্বৰ সৰ্বোচ্চ দলং

বিশ্বৰ সৰ্বোচ্চ দলং

Updated On: 

12 Apr 2025 13:52 PM

নিজৰ নামত আন এক অভিলেখ পঞ্জীয়ন কৰাৰ দিশত আগবাঢ়িছে চীন। যাৰ বাবে দেশখনে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। চীনত এতিয়া চলি আছে বিশ্বৰ সৰ্বোচ্চ দলং নিৰ্মাণৰ কাম। সম্পূৰ্ণ হ’লে ই হ’ব বিশ্বৰ সৰ্বোচ্চ দলং। ইয়াৰ দ্বাৰা ১ ঘণ্টাৰ যাত্ৰা ১ মিনিটত পাৰ কৰিব পাৰিব। জুন মাহত চীনে মুকলি কৰিব হুয়াজিয়াং গ্ৰেণ্ড কেনিয়ন দলং। এই দলংখনৰ উচ্চতা ২০৫১ ফুট। এই দলং নিৰ্মাণৰ বাবে চীনে ২১৬ মিলিয়ন পাউণ্ড (২২০০ কোটি টকা) ব্যয় কৰিছে। ইয়াৰ ফলত ভ্ৰমণৰ সময়ত মানুহৰ বহু সময় ৰাহি হ’ব।

দলংখন কিয় বিশেষ?

এই দলংখন বিশেষ আৰু পৃথক কেৱল এই কাৰণেই নহয় যে ইয়াৰ দ্বাৰা যাত্ৰাৰ সময় কমি যাব নহয়, কাৰণ ই আইফেল টাৱাৰতকৈ ২০০ মিটাৰ ওখ আৰু ইয়াৰ ওজন তিনিগুণ বেছি। চীনৰ ৰাজনীতিবিদ জাং শ্বেংলিনে কয় যে, এই ছুপাৰ প্ৰজেক্টটোৱে চীনৰ অভিযান্ত্ৰিক ক্ষমতা প্ৰদৰ্শন কৰিব আৰু গুইজৌৰক বিশ্বমানৰ পৰ্যটনস্থলী হোৱাৰ লক্ষ্যত উপনীত কৰাব।দলংখনৰ ষ্টীলৰ ট্ৰাছৰ ওজন প্ৰায় ২২,০০০ মেট্ৰিক টন। যিটো তিনিটা আইফেল টাৱাৰৰ সমতুল্য। ডাঙৰ কথাটো হ’ল মাত্ৰ দুমাহতে সম্পূৰ্ণ হ’ল এই দলংখন নিৰ্মাণকাৰ্য। মুখ্য অভিযন্তা লি ঝাওৱে কয়, “দলংখন দিনক দিনে বৃদ্ধি হোৱা আৰু উপত্যকাৰ ওপৰত থিয় হৈ থকা দেখি ইয়াৰ কৃতিত্বৰ বাবে গৌৰৱ অনুভৱ কৰো।”

এফালে এই দলঙে চীনৰ গ্ৰাম্য অঞ্চলসমূহ সংযোগ কৰিব আৰু যাতায়ত ব্যৱস্থাও সহজ কৰি তুলিব। আনহাতে এই নতুন দলংখনো পৰ্যটনৰ এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আৰু সমগ্ৰ বিশ্বৰ পৰা বৃহৎ সংখ্যক লোক এই দলংখন চাবলৈ আহিব।

ইয়াৰ উপৰিও বাসস্থান, কাঁচৰ খোজকাঢ়ি যোৱা পথ আৰু বিশ্বৰ ভিতৰতে ‘সৰ্বোচ্চ বাঞ্জি জাম্প’ৰ পৰিকল্পনা কৰা হৈছে বুলি দ্য মেট্ৰ’ই প্ৰকাশ কৰিছে। দলংখন আৰু অধিক আকৰ্ষণীয় হোৱা আন এটা কাৰণ ই তলৰ ডাঙৰ উপত্যকাটোৰ ওপৰত প্ৰায় সম্পূৰ্ণৰূপে ওলমি আছে। চীনৰ যি অঞ্চলত এই দলং নিৰ্মাণ কৰা হৈছে, সেই অঞ্চলত বিশ্বৰ ১০০খন সৰ্বোচ্চ দলঙৰ প্ৰায় আধা সংখ্যকে আছে, যিয়ে গ্ৰাম্য জনগোষ্ঠীসমূহক সংযোগ কৰাত সহায় কৰে।

২০১৬ চনত বেইপানজিয়াঙত নিৰ্মাণ কৰা হৈছিল চীনৰ আটাইতকৈ ওখ দলংখনৰ উচ্চতা ১৮৫৪ ফুট। আনহাতে হুয়াজিয়াং গ্ৰেণ্ড কেনিয়ন দলংখন অধিক আকৰ্ষণীয় কাৰণ ই তলৰ ডাঙৰ কেনিয়নৰ ওপৰত প্ৰায় সম্পূৰ্ণৰূপে ওলমি আছে। ইয়াৰ উচ্চতা ২০৫১ ফুট।

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট