শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকা-পশ্চিমীয়া দেশত উদ্বেগ বৃদ্ধি !…পাৰমাণৱিক শক্তিৰ দিশত বিশ্বৰ দৃষ্টি কাঢ়িছে চীনে

চীনে একেলগে ৪০ টাতকৈও অধিক পাৰমাণৱিক শক্তি ইউনিট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। চীন নিউক্লিয়াৰ এনাৰ্জি ডেভেলপমেণ্ট ৰিপ’ৰ্ট ২০২৫’ অনুসৰি চীনৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণৰ ক্ষমতা শক্তিশালী হৈ গৈ আছে। কেৱল এয়াই নহয়, চীনৰ এই দ্ৰুত অগ্ৰগতি দেখি আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহত উদ্বেগ বৃদ্ধি পাইছে।

আমেৰিকা-পশ্চিমীয়া দেশত উদ্বেগ বৃদ্ধি !…পাৰমাণৱিক শক্তিৰ দিশত বিশ্বৰ দৃষ্টি কাঢ়িছে চীনে
চীনৰ পাৰমাণৱিক শক্তি ইউনিটImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 28 Apr 2025 18:48 PM

পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে চীনে। চীন নিউক্লিয়াৰ এনাৰ্জি এছ’চিয়েশ্যনে (CNEA) প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, চীনে একেলগে ৪০ টাতকৈও অধিক পাৰমাণৱিক শক্তি ইউনিট নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। ‘চীন নিউক্লিয়াৰ এনাৰ্জি ডেভেলপমেণ্ট ৰিপ’ৰ্ট ২০২৫’ অনুসৰি চীনৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণৰ ক্ষমতা শক্তিশালী হৈ গৈ আছে। কেৱল এয়াই নহয়, চীনৰ এই দ্ৰুত অগ্ৰগতি দেখি আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহত উদ্বেগ বৃদ্ধি পাইছে। কাৰণ ই শক্তিৰ ভাৰসাম্যক সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব পাৰে।

২০২৪ চনত চীনে পাৰমাণৱিক শক্তি খণ্ডত ১৪৬.৯ বিলিয়ন য়ুৱান (প্ৰায় ২০.১৬ বিলিয়ন ডলাৰ)ৰ বিনিয়োগেৰে অভিলেখ সৃষ্টি কৰিছিল, যিটো যোৱা বছৰৰ তুলনাত ৫২ বিলিয়ন য়ুৱান বেছি। চীনৰ স্বতন্ত্ৰ গৱেষণা, প্ৰযুক্তিগত উদ্ভাৱন আৰু অত্যাধুনিক উৎপাদন কৌশলে এই বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছে। ‘হুলং ৱান’ ৰিয়েক্টৰৰ বৃহৎ পৰিসৰৰ নিৰ্মাণ আৰম্ভ হোৱাৰ লগে লগে চীনে পাৰমাণৱিক উদ্যোগ নিৰ্মাণৰ এক নতুন যুগৰ সূচনা কৰিছে। ই কেৱল ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ প্ৰযুক্তিগত অগ্ৰগতিৰ বাৰ্তাও প্ৰেৰণ কৰিছে।

চীনে এতিয়া চিংগল ইউনিটৰ পৰা মালটি ইউনিট নিৰ্মাণলৈ গতি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত অগ্ৰগতি লাভ কৰিছে। চীন নিউক্লিয়াৰ এনাৰ্জি এছ’চিয়েশ্যনৰ কাৰ্যবাহী উপ-সভাপতি কাও শ্বুডঙে দাবী কৰে যে, চীন এতিয়া মালটি ইউনিট পাৰমাণৱিক প্ৰকল্প নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে।

চীনে ২০২৪ চনত বিশ্বৰ বাবে নিজৰ ১২ টা পাৰমাণৱিক গৱেষণা আৰু পৰীক্ষণ প্লেটফৰ্ম মুকলি কৰে আৰু থাইলেণ্ড, বাংলাদেশ, হাংগেৰী, পোলেণ্ড আৰু নাইজেৰিয়া আদি দেশৰ সৈতে পাৰমাণৱিক চিকিৎসা, পাৰমাণৱিক কৃষি আদিৰ ক্ষেত্ৰত অংশীদাৰিত্ব আৰম্ভ কৰে। এইলৈ আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহৰ চিন্তাও বাঢ়িছে । ইয়াৰ কাৰণ হৈছে চীনে কেৱল নিজৰ প্ৰযুক্তিগত শক্তি বৃদ্ধি কৰাই নহয়, বিশ্বব্যাপী পাৰমাণৱিক শক্তিৰ বজাৰতো শক্তিশালী স্থান লাভ কৰিছে। চীনৰ এই আগ্ৰাসী কৌশলে অনাগত বছৰবোৰত বিশ্ব শক্তি সমীকৰণত গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।