গাজাত এতিয়া মৃতদেহৰ দ’ম! শীতৰ প্ৰকোপ, ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ…
গাজা- ইজৰাইলৰ যুদ্ধ শাম কটাৰ নাম লোৱা নাই। শেহতীয়াকৈ ইজৰাইলে কৰা আক্ৰমণত শিশু- মহিলাসহ পুনৰ ১৭ গৰাকী পেলেষ্টাইনীৰ মৃত্যু হয়। এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলে কৰি গৈছে আক্ৰমণ।
এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণ। যুদ্ধ বিধ্বস্ত চহৰ গাজা এতিয়া যেন মৰিশালীলৈ পৰিণত হৈছে। ইজৰাইলে কৰা আক্ৰমণত প্ৰতিদিনে গাজাত শ শ মানুহ মৰিছে আনফালে শীতেও প্ৰাণ লৈ:ছে বহুতৰ। শেহতীয়াকৈ গাজাৰ ওপৰত পুনৰ আক্ৰমণ চলাই ইজৰাইলে। মঙলবাৰে নিশা কৰা এই আক্ৰমণত প্ৰায় ১৭ জনলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। খান ইউনুছৰ ওচৰত থকা নাছিৰ হাস্পাতালৰ শিশু বিভাগৰ নিৰ্দেশক আহমেদ আল ফৰ্ৰায়ে কয় যে, একেটা তম্বুত একেলগে আশ্ৰয় লৈ থকা ৫ টা শিশুৰ মৃত্যু হয়।
মৃতসকলৰ ভিতৰত ৮ টা শিশু আৰু ৫ গৰাকী মহিলা আছে। ইয়াৰোপৰি আৰু কেইবাটা মৃতদেহ হাস্পাতাললৈ অনা হৈছিল আৰু ইয়াৰে কিছু সংখ্যকৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই। ইজৰাইলী সেনাই কোনো প্ৰমাণ নিদিয়াকৈ কয় যে, ২০২৩ চনৰ ৭ অক্টোবৰত আক্ৰমণৰ সৈতে জড়িত বহু সন্ত্ৰাসবাদী সেই ঠাইখিনিত আশ্ৰয় লৈ আছিল, যাৰ বাবে তেওঁলোকে এই আক্ৰমণ কৰে। ইয়াৰ লগতে আক্ৰমণৰ ফলত যাতে সাধাৰণ নাগৰিকৰ কোনো ক্ষতি নহয় তাৰ বাবে ইজৰাইলে পদক্ষেপ গ্ৰহণ কৰা বুলি কয়। ইজৰাইলে সাধাৰণলোকৰ মৃত্যুৰ বাবে হামাছক জগৰীয়া কৰে।
দীৰ্ঘদিন ধৰি চলি থকা গাজা- ইজৰাইলৰ যুদ্ধ শাম কটাৰ নাম লোৱা নাই। অৱশ্যে হামাছে বন্দী কৰি ৰখা ইজৰাইলীসকলক মুক্তি কৰি দিয়া লক্ষ্য আৰু যুদ্ধ বিৰতিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া আলোচনাই শেহতীয়াকৈ কিছু অগ্ৰগতি লাভ কৰিছে। গাজাবাসী এতিয়া এই আশায়ে কৰি আছে যে এই যুদ্ধ সোনকালে শেষ হ’ব আৰু তেওঁলোকৰ জীৱন ৰক্ষা পৰিব।
পেলেষ্টাইনীৰ আশা
গাজাত থকা পেলেইষ্টাইনীসকলে আশা কৰি আছে যে সোনকালে যুদ্ধ বিৰতি হ’ব, কিয়নো তেওঁলোকে যুদ্ধৰ সময়ত কঠোৰ পৰিস্থিতিৰ সন্মুখীন হৈ আছে। গাজা চহৰৰ এগৰাকী স্থানচ্যুত মহিলা মুনাওৱাৰ আল-বিকে কয় যে আমি যেনেকৈ জীয়াই আছো তাক জীয়াই থকা বুলি নকয়। আমি যি পৰিস্থিতিৰ মাজত আছো তেনে পৰিস্থিতিত আন কোনোৱে থাকিব নোৱাৰে। আমি নিশা শুব নোৱাৰে, আপোনজনক হেৰুৱাই সকলোৱে কান্দি থাকে। খাবলৈ খাদ্য নাই, পানী নাই, ইফালে শীতৰ প্ৰকোপ। আমি বিচাৰো এই যুদ্ধৰ অন্ত হওক।
শীতৰ প্ৰকোপ
গাজা চহৰৰ এজন স্থানচ্যুত ব্যক্তি মহম্মদ জাকাউটে কয় যে আক্ৰমণৰ ফলত প্ৰতিদিনে শিশু, মহিলাৰ মৃত্যু হৈছে। মাহৰ পাছত মাহ ধৰি স্থানচ্যুতসকলে বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই, পৰ্যাপ্ত খাদ্য নাই। আনকি গাজাত শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ মানুহৰ ওচৰত গৰম কাপোৰ নাই। এই ঠাণ্ডাৰ ফলতেই হাইপোথাৰ্মিয়া আক্ৰান্ত হৈছে বহু শিশু। উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমান গাজাত তাপমাত্ৰ ৭ ৰ পৰা ৯ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত থাকে। গতিকে এনে পৰিস্থিতিত পৰ্যাপ্ত কাপোৰ নোহোৱা এক ডাঙৰ সমস্যা।
৪৫,০০০ৰো অধিকৰ মৃত্যু
পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, গাজাৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা পশ্চিম তীৰত ইজৰাইলৰ গোলাবৰ্ষণত কমেও ৮৪০ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰ লগতে ইজৰাইলৰ স্থল আৰু বিমান আক্ৰমণত বৰ্তমানলৈকে ৪৫,০০০ ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে আৰু ইয়াৰে অধিকাংশ শিশু-মহিলা। অৱশ্যে নিহতসকলৰ ভিতৰত সন্ত্ৰাসবাদী কিমান আছিল সেই তথ্য প্ৰকাশ কৰা নাই। আনহাতে পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ আক্ৰমণত ইজৰাইলৰ ১৯ জন সৈনিকসহ প্ৰায় ৪৬ জন ইজৰাইলী নিহত হৈছে।