নদীৰ মাজতে দাওদাওকৈ জ্বলি উঠিল যাত্ৰীবাহী নাও, নিমিষতে প্ৰাণ হেৰুৱালে ১৪৮ জন লোকে
এক ভয়ংকৰ, শিহৰণকাৰী দৃশ্য, নদীৰ মাজতে জ্বলি উঠিল এখন যাত্ৰীবাহী নাওত। শোকাৱহ ঘটনাটোত এতিয়ালৈকে ১৪৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক নিৰুদ্দেশ হৈছে। জুই বিয়পি পৰাৰ লগে লগে হুলস্থূলৰ সৃষ্টি হয় আৰু বহু লোকে নদীত জপিয়াই দিয়ে। নাওখনত প্ৰায় ৫০০ জন লোক আছিল।

সমগ্ৰ বিশ্বক জোকাৰি যোৱা আন এক ঘটনা। আফ্ৰিকান দেশ ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগো ((DRC))ৰ পৰা আহিছে এই হৃদয়বিদাৰক খবৰ। মঙলবাৰে কংগো নদীত এখন কাঠৰ মটৰবোটত জুই লাগি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এতিয়ালৈকে ১৪৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ডজন ডজন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই দুৰ্ঘটনা সংঘটিত হয় যেতিয়া শ শ যাত্ৰীয়ে যাত্ৰা কৰা নাওখন নদীৰ মাজত আছিল।
ৰয়টাৰ্ছ নিউজ এজেন্সীৰ প্ৰতিবেদন অনুসৰি এইচ বি কংগোলো নামৰ নাওখনে মাটাংকুমু বন্দৰৰ পৰা ব’লম্বা অঞ্চল অভিমুখে যাত্ৰা আৰম্ভ কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। নাওখনত প্ৰায় ৫০০ যাত্ৰী আছিল। জানিব পৰা মতে খাদ্য ৰান্ধি থকা অৱস্থাত জুইৰ পৰা ওলোৱা স্ফুলিংগই পিছত সমগ্ৰ নাওখন আগুৰি ধৰে। অগ্নিকাণ্ড ইমানেই দ্ৰুতগতিত বিয়পি পৰে যে যাত্ৰীসকলে নিজক ৰক্ষাৰ কৰাৰ সুযোগো নাপালে আৰু কেইমিনিটমানৰ ভিতৰতে নাওখন পানীত বাগৰি পৰে।
নদী সুৰক্ষা বিভাগৰ বিষয়া কম্পিটেণ্ট লয়কোৰ মতে, নাওখনত খাদ্য ৰান্ধি থকাৰ সময়তে জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ পিছতে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় আতংকৰ। ভাইৰেল হৈ পৰা ভিডিঅ’ ফুটেজত যাত্ৰীসকলে নাওখনত খৰা নিজৰ জীৱন ৰক্ষাৰ বাবে নদীত জপিয়াই থকা দেখা গৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ বহুতেই সাঁতুৰিব নাজানিছিল আৰু সেয়েহে, তেওঁলোক পানীত ডুব গৈছিল। এই দুৰ্ঘটনাই আফ্ৰিকাৰ জল পৰিবহণৰ দুৰ্বল অৱস্থাৰ আভাসো বিশ্ববাসীক দিছে।
আফ্ৰিকাৰ দ্বিতীয় দীঘলীয়া নদী বুলি বিশ্বাস কৰা কংগো নদীত এনে নাৱেৰে যাত্ৰা কৰাটো সাধাৰণ কথা। কিন্তু প্ৰায়ে এই নাওবোৰৰ সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা নাথাকে আৰু জুইৰ দৰে জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু নহয়। যাৰ বাবে দুৰ্ঘটনাৰ ভয়াৱহতা বহুগুণে বৃদ্ধি পালে। নাওখনত থকা যাত্ৰীসকলৰ ভিতৰত মহিলা, শিশু আৰু বৃদ্ধ লোক আছিল, যাৰ বাবে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
উদ্ধাৰকাৰী দলে এতিয়াও নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত অব্যাহত ৰাখিছে। এতিয়া এই ভয়ংকৰ দুৰ্ঘটনাটোৱে বিশ্বক চিন্তা কৰিবলৈ বাধ্য কৰাইছে যে উন্নয়ন আৰু নিৰাপত্তাৰ মাজত এতিয়াও কিমান ভাৰসাম্যহীনতা আছে, বিশেষকৈ যিবোৰ অঞ্চলত জল পৰিবহণ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ।