অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প চৰকাৰ, কি হ’ব আমেৰিকাৰ থকা ২০ হাজাৰ ভাৰতীয়ৰ?
ট্ৰাম্প প্ৰশাসনে বিতাড়নৰ ক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰে তেন্তে ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত কোনো নথি-পত্ৰ নথকা ২০,৪০৭ জন ভাৰতীয় প্ৰথমে ক্ষতিগ্ৰস্ত হ’ব পাৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁক একচন মুডত দেখা গৈছে। দ্বিতীয় কাৰ্যকালৰ প্ৰথম দিনাৰ পৰাই তেওঁ বিদেশীৰ বিতাড়ন আৰু অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকা-মেক্সিকো সীমান্তত সৈন্য নিয়োগ কৰিছে। ট্ৰাম্প এই প্ৰশাসনৰ এই পদক্ষেপে বহু ভাৰতীয় প্ৰব্ৰজনকাৰীক ক্ষতিগ্ৰস্ত কৰিব পাৰে । সেয়েহে ভাৰতে আশা কৰিছে যে, অবৈধ প্ৰব্ৰজনৰ বিষয়টোত সহযোগিতা কৰি ট্ৰাম্প প্ৰশাসনে ছাত্ৰ ভিছা আৰু দক্ষ শ্ৰমিকৰ বাবে H-1B ভিছা প্ৰক্ৰিয়া সুৰক্ষিত কৰি ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
উল্লেখ্য যে,আমেৰিকাই ভাৰতীয়সকলক বেছিভাগ দক্ষ শ্ৰমিকৰ চাকৰিৰ বাবে H-1B ভিছা প্ৰদান কৰে আৰু আনুমানিক ৩ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আমেৰিকাত থাকে । আমেৰিকাত বাস কৰা বিদেশীলোকৰ ভিতৰত ভাৰতৰ সংখ্যা সৰ্বাধিক । আমেৰিকাৰ ট্ৰাম্প চৰকাৰে অনুপ্ৰৱেশৰ বিৰুদ্ধে গ্ৰহণ কৰা কোঠৰ পদক্ষেপৰ ফলত ২০ হাজাৰৰো অধিক ভাৰতীয় লোকৰ বিপদ বাঢ়িব পাৰে।
যদিহে ট্ৰাম্প প্ৰশাসনে বিতাড়নৰ ক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰে তেন্তে ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত কোনো নথি-পত্ৰ নথকা ২০,৪০৭ জন ভাৰতীয় প্ৰথমে ক্ষতিগ্ৰস্ত হ’ব পাৰে। এই ভাৰতীয়সকলৰ ভিতৰত ১৭,৯৪০ জন নথি-পত্ৰবিহীন যদিও চূড়ান্ত বিতাড়ন নিৰ্দেশৰ অধীনত আছে আৰু আন ২,৪৬৭ জন লোকক আইচিইৰ এনফৰ্চমেণ্ট এণ্ড ৰিমুভেল অপাৰেচন (ই আৰ অ’)ৰ অধীনত আটক কৰি ৰখা হৈছে। আমেৰিকাত আটক কৰা লোকসকল এছিয়াৰ লোকসকলৰ ভিতৰত প্ৰথম স্থানত আছে। ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত আটক কৰা সকলো দেশৰ মুঠ প্ৰব্ৰজনকাৰীৰ সংখ্যাই ৩৭ হাজাৰ অতিক্ৰম কৰিছে।
উল্লেখ্য যে,আমেৰিকাৰ পৰা নথি-পত্ৰবিহীন নাগৰিকক ঘূৰাই ল’বলৈ অনিচ্ছুক ১৫খন অসহযোগী দেশৰ তালিকাত আইচিইয়ে ইৰাক, দক্ষিণ চুডান আৰু বছনিয়া-হাৰ্জেগোভিনাৰ লগতে ভাৰতকো অন্তৰ্ভুক্ত কৰিছে। আইচিইৰ ২০২৪ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি চাৰি বছৰত ইতিমধ্যে বিতাৰিত ভাৰতীয়ৰ সংখ্যা পাঁচগুণ বৃদ্ধি পাইছে। ২০২১ চনত এই সংখ্যা আছিল ২৯২, যিটো ২০২৪ চনত ১৫২৯ লৈ বৃদ্ধি পাইছে।