ড'নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা কৰা লোকজন কোন আছিল? তথ্য পোহৰলৈ... | Donald trump attack case who attack on us ex president Assam news - Assam Tv9

ড’নাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা কৰা লোকজন কোন আছিল? তথ্য পোহৰলৈ…

Published: 

16 Sep 2024 15:35 PM

তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত প্ৰায়েই ৰাজনৈতিক পোষ্ট কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেন, উপ- ৰাষ্ট্ৰপতি কমলা হেৰিছে কৰা মন্তব্য তেওঁ ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল।

ডনাল্ড ট্ৰাম্পৰ ওপৰত গুলীচালনা কৰা লোকজন কোন আছিল? তথ্য পোহৰলৈ...

ড'নাল্ড ট্ৰাম্প

Follow Us On

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰ এবাৰ হত্যাৰ চেষ্টা কৰাৰ ঘটনা সংঘটিত হয়। দেওবাৰে যেতিয়া ট্ৰাম্পে গল্ফ খেলপথাৰৰ পৰা ওলাই আহিছিল তেতিয়াই তেওঁৰ ওপৰত গুলীচালনা  হৈছিল। অৱশ্যে কটকটীয়া নিৰাপত্তাৰ মাজত থকা ট্ৰাম্পৰ কোনো ক্ষতি হোৱা নাছিল।  নিৰ্বাচনৰ সময়ত ট্ৰাম্পৰ ওপৰত এয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা।  এফ বি আই আৰু ছিক্ৰেট চাৰ্ভিচে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু এজনক গ্ৰেপ্তাৰ কৰিছে।

আক্ৰমণকাৰীয়ে আক্ৰমণৰ পূৰ্বে নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল যে, এইবাৰ “গণতন্ত্ৰ বেলটত আছে আৰু আমি ইয়াক হেৰুৱাব নোৱাৰো।” উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু ৰাষ্ট্ৰপতি জ’ বাইডেনে নিজৰ ভাষণত এই কথা বাৰে বাৰে কৈ আহিছে। নিৰাপত্তাৰক্ষীৰ তথ্য অনুসৰি আক্ৰমণকাৰীজন ৫৮ বছৰীয়া ৰায়ান বেলছ ৰাউধ বুলি চিনাক্ত হৈছে।  তেওঁৰ বিৰুদ্ধে অপৰাধৰ এখন দীঘল তালিকা আছে। তেওঁ প্ৰায়ে ছ’চিয়েল মিডিয়াত ৰাজনৈতিক পোষ্ট কৰে।

এই ঘটনাৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে এই ঘটনাক গৰিহনা জনাই উচিত তদন্তৰ নিৰ্দেশ দিয়ে।

আক্ৰমণকাৰীজন কোন আছিল

লিংকডিনৰ পৰা পোৱা তথ্য অনুসৰি তেওঁ নৰ্থ কেৰ’লিনা এগ্ৰিকালচাৰেল এণ্ড টেকনিকেল ষ্টেট ইউনিভাৰ্চিটিত অধ্যয়ন কৰিছিল। লিংকডিনত তেওঁ নিজকে মিছনাৰী মাইণ্ডেড আৰু নতুন উদ্ভাৱণ- ধাৰণাৰ সমৰ্থক বুলি উল্লেখ কৰিছিল। ২০১৮ চনৰ পৰা হাৱাইত বাস কৰা এই যুৱকজন ডেম’ক্ৰেটিক পাৰ্টিৰ সমৰ্থক। ২০১৯ চনৰ পৰা তেওঁ ডেম’ক্ৰেটিক পাৰ্টিক অনুদান আগবঢ়াই আহিছে। ফেডাৰেল নিৰ্বাচন আয়োগৰ (এফইচি) ফাইলিঙৰ তথ্য অনুসৰি ২০২০ চনত তেওঁ ফণ্ডাৰেজিং প্লেটফৰ্ম এক্টব্লুলৈ ১৪০ ডলাৰ দান দিছিল।

 

তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত প্ৰায়েই ৰাজনৈতিক পোষ্ট কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেন, উপ- ৰাষ্ট্ৰপতি কমলা হেৰিছে কৰা মন্তব্য তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। আনকি তেওঁ ছ’চিয়েল মিডিয়াত পুটিনক গালি পৰাৰ লগতে ইউক্ৰেইনলৈ গৈ যুদ্ধ কৰাৰ কথাও উল্লেখ কৰিছে। ট্ৰাম্পক গুলী চলাই যুৱকজনে উক্ত স্থানৰ পৰা পলায়ন কৰিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। বৰ্তমান তেওঁক জেৰা চলাই আছে। কি কাৰণে তেওঁ এই কাণ্ড সংঘটিত কৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৩ জুলাইত পেনচিলভেনিয়াত ভাষণ দি থকা অৱস্থাত ট্ৰাম্পৰ ওপৰত গুলী চলাইছিল যুৱকে।প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণ সংঘটিত হোৱাৰ পিছত ছিক্ৰেট চাৰ্ভিচে দুয়োজন গুলীচালনাকাৰীক হত্যা কৰিছিল।  নিৰ্বাচনৰ সময়ত আৰু বিগত দুটা মাহত ট্ৰাম্পৰ ওপৰত এয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version