5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২০ বছৰীয়া যুৱকে গুলীয়াইছিল ট্ৰাম্পক, ভিডিঅ’ পোহৰলৈ

১০০ মিটাৰ দূৰৰ পৰা শ্বুটাৰে ট্ৰাম্পক আক্ৰমণ কৰিছিল। হত্যাকাণ্ডৰ সময়ত তেওঁলোকে AR- 15 ষ্টাইলৰ ৰাইফলৰ ব্যৱহাৰ কৰিছিল। ঘটনাস্থলীৰ পৰা তদন্তকাৰীয়ে ইতিমধ্যে ৰাইফল জব্দ কৰিছে। 

২০ বছৰীয়া যুৱকে গুলীয়াইছিল ট্ৰাম্পক, ভিডিঅ’ পোহৰলৈ
ট্ৰাম্প- বাইডেন
Follow Us
barasha-sarma
Barasha Sarma | Published: 14 Jul 2024 13:33 PM

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত ১৩ জুলাইত পেনচিলভেনিয়াত সংঘটিত হয় এক ভয়ংকৰ আক্ৰমণৰ ঘটনা। অভিযুক্তই গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছিল যদিও এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাম্পৰ। গুলীচালনাৰ ফলত ট্ৰাম্পৰ কাণত আঘাত পোৱাৰ বাবে তেজ নিৰ্গত হয়। ইয়াৰ পিছত লগে লগে তেওঁক গাড়ীৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান সুস্থ আছে ট্ৰাম্প। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এই আক্ৰমণ সংঘটিত হোৱাৰ পিছত ছিক্ৰেট চাৰ্ভিচে দুয়োজন গুলীচালনাকাৰীক হত্যা কৰে। এই আক্ৰমণৰ পিছত আমেৰিকাৰ তদন্ত সংস্থা সক্ৰিয় হৈ পৰিছে। আমেৰিকাৰ তদন্তকাৰী সংস্থা এফ বি আইয়ে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

এফ বি আইয়ে কয় যে, ট্ৰাম্পক গুলীয়াই হত্য়াৰ চেষ্টা কৰা হৈছিল। পিটচবাৰ্গ ফিল্ড অফিচৰ দায়িত্বত থকা এফ বি আইৰ বিশেষ এজেণ্ট কেভিন ৰ’জেকে এই আক্ৰমণৰ সন্দৰ্ভত কয় যে, এতিয়ালৈকে পোহৰলৈ অহা প্ৰমাণ অনুসৰি ট্ৰাম্পক হত্যা কৰাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে কিয় এই আক্ৰমণ সংঘটিত হৈছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই। তদন্তকাৰী বিষয়াই বায়মেট্ৰিক ব্যৱহাৰ কৰি গুলীচালনা কৰা লোকসকলক চিনাক্ত কৰিছে। এই ঘটনাত দুজন আঘাত প্ৰাপ্ত হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে।

 

গুলীচালনাৰ ভিডিঅ’

 

ট্ৰাম্পক যিজন অভিযুক্তই গুলীয়াইছিল সেইজনে এই কাণ্ড সংঘটিত কৰাৰ পূৰ্বে এটা ভিডিঅ’ জাৰি কৰিছিল। য’ত তেওঁ কৈছিল- মই ট্ৰাম্পক বেয়া পাওঁ। ভিডিঅ’টোত লগতে কৈছিল যে, তেওঁ ৰিপাব্লিকানকো ঘৃণা কৰে। এই অভিযুক্তজনৰ নাম থমাছ মেথিউ বুলি জানিব পৰা গৈছে। তেওঁৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি ১০০ মিটাৰ দূৰৰ পৰা শ্বুটাৰে ট্ৰাম্পক আক্ৰমণ কৰিছিল। হত্যাকাণ্ডৰ সময়ত তেওঁলোকে AR- 15 ষ্টাইলৰ ৰাইফলৰ ব্যৱহাৰ কৰিছিল। ঘটনাস্থলীৰ পৰা তদন্তকাৰীয়ে ইতিমধ্যে ৰাইফল জব্দ কৰিছে।  ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ সময়ত এজন শ্বুটাৰ মঞ্চৰ কাষত থকা ভিৰৰ লগত আছিল আৰু আনজন এটা বিল্ডিঙত আছিল। ঘটনাৰ লগে লগেই দুয়োকে ছিক্ৰেট ছাৰ্ভিছে গুলীয়াই হত্যা কৰে।

ট্ৰাম্পক হত্যাৰ চেষ্টা কৰাৰ পাছতেই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিভিন্নজনে এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনে কয় যে, আমেৰিকাত হিংসাৰ স্থান নাই। এই ঘটনাৰ অনুমতি আমেৰিকাত নাপায়। এই ঘটনাক গৰিহনা জনাই বাইডেনে কয় যে এই ঘটনাক তেওঁ সহজভাৱে নলয়।

ট্ৰাম্পৰ ওপৰত আক্ৰমণৰ পিছতে ছিক্ৰেট চাৰ্ভিচৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিবিচিৰ বাতৰি অনুসৰি, ৰেলীত উপস্থিত থকা গ্ৰেগ স্মিথ নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে সমগ্ৰ ঘটনাটো বৰ্ণনা কৰিছে। স্মিথে কয় যে ট্ৰাম্পৰ ভাষণৰ প্ৰায় পাঁচ মিনিট পিছত তেওঁ বন্দুকধাৰীজনক দেখা পাইছিল। এটা অট্টালিকাৰ চাদত ৰাইফল লৈ থিয় হৈ আছিল। এই অট্টালিকাটো ৰেলি (বাণ্টাৰ কাউন্টি)ৰ পৰা অলপ দূৰৈত আছিল।

Latest News