আমি ভাৰতৰ সৈতে আছোঁ: পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ শোক প্ৰকাশ বিশ্ব নেতাৰ…
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক বিশ্বজুৰি গৰিহণা দিয়া হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকে ধৰি বহু নেতাই এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় দিব বুলি উল্লেখ কৰে।

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণক একেমুখে তীব্ৰ গৰিহণা দিছে সকলোৱে । ২০১৯ চনত পুলৱামা আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত সংঘটিত এইটোৱেই আটাইতকৈ ডাঙৰ আক্ৰমণ। যিয়ে সমগ্ৰ জাতিটোক পুনৰ এবাৰ জোকাৰি গৈছে। সন্ত্ৰাসবাদীৰ এই কাৰ্যই প্ৰায় ৩০ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ আশংকা। কেৱল দেশেই নহয় সমগ্ৰ বিশ্বৰ বহু দেশে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি গৰিহণা দিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফোনৰ জৰিয়তে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা নিৰীহ লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। ট্ৰাম্পে এই সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই জঘন্য আক্ৰমণৰ দোষীক আইনী শাস্তি প্ৰদানৰ ক্ষেত্ৰত ভাৰতক সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে। তেওঁ কয়, “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু আমেৰিকা একেলগে থিয় দিছে।”
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পাহালগাম আক্ৰমণক তীব্ৰ গৰিহণা দিছে। তেওঁ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি লিখিছে, “মোৰ প্ৰিয় বন্ধু নৰেন্দ্ৰ মোদী, জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত মই গভীৰ শোক প্ৰকাশ কৰিছো, য’ত কেইবা ডজন নিৰীহ লোক নিহত আৰু আহত হৈছে। আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সৈতে থিয় হৈ আছে ইজৰাইল।”
My dear friend Narendra Modi, I am deeply saddened by the barbaric terrorist attack in #Pahalgam, Jammu & Kashmir, that killed and injured dozens of innocents. Our thoughts and prayers are with the victims & their families. Israel stands with India in its fight against terrorism:… pic.twitter.com/PhlHWFuLVj
— ANI (@ANI) April 22, 2025
ইয়াৰ সমান্তৰালকৈ ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰে এই সন্ত্ৰাসবাদী আক্ৰমণক লৈ শোক প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখিছে, “জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত মই গভীৰভাৱে দুখী। নিহতসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ইজৰাইল ভাৰতৰ সৈতে একত্ৰিত হৈ থিয় হৈছে।”
পাহালগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে। ছ’চিয়েল মিডিয়াত তেওঁ কয়, “আজি ভাৰতত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত বহু লোক নিহত হোৱাত মই গভীৰ শোক প্ৰকাশ কৰিছো। ক্ষতিগ্ৰস্ত পৰিয়াল, আহত, চৰকাৰ আৰু সকলো ভাৰতীয় জনসাধাৰণৰ প্ৰতি ইটালীয়ে সমবেদনা জ্ঞাপন কৰিছে।”
Italian Prime Minister Giorgia Meloni tweets, “Deeply saddened by the terrorist attack that occurred today in India, which caused numerous victims. Italy expresses its closeness to the families affected, the injured, the Government and all the Indian people.” pic.twitter.com/NlPwQjKxvZ
— ANI (@ANI) April 22, 2025
এই আক্ৰমণক গৰিহণা দিছে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰালয়ে। ছ’চিয়েল মিডিয়াত এটা পোষ্টত মন্ত্ৰালয়ে কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত আজি সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ শ্ৰীলংকাই তীব্ৰ গৰিহণা দিছোঁ। আমি নিহত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।” লগতে কোৱা হৈছে , ‘সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজত ভাৰত চৰকাৰ আৰু জনসাধাৰণৰ সৈতে শ্ৰীলংকাই দৃঢ় সংহতিৰে থিয় হৈছে। আমি আঞ্চলিক শান্তি আৰু নিৰাপত্তাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাক পুনৰবাৰ প্ৰকাশ কৰিছো।”
ইফালে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বোলজে পহালগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ কয়, ‘পহলগামত পৰ্যটকৰ বিৰুদ্ধে হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক আমি তীব্ৰ গৰিহণা দিছো। আমাৰ সমবেদনা জ্ঞাপন কৰি নিহত সকলৰ পৰিয়ালবৰ্গলৈ আৰু সকলো আহত ৰাইজৰ আশু আৰোগ্য কামনা কৰিলোঁ। ভাৰতবাসীলৈ আমাৰ আন্তৰিক সমবেদনা।”
ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়াত তেওঁ কয়, “ভাৰতৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ প্ৰতি উষা আৰু মই সমবেদনা জ্ঞাপন কৰিছো। যোৱা কেইদিনমানৰ পৰা আমি এই দেশ আৰু ইয়াৰ জনসাধাৰণৰ সৌন্দৰ্য্যত আপ্লুত হৈ পৰিছো। এই ভয়ংকৰ আক্ৰমণত আমাৰ ধাৰণা আৰু প্ৰাৰ্থনা তেওঁলোকৰ লগত আছে।”
Usha and I extend our condolences to the victims of the devastating terrorist attack in Pahalgam, India. Over the past few days, we have been overcome with the beauty of this country and its people. Our thoughts and prayers are with them as they mourn this horrific attack. https://t.co/cUAyMXje5A
— JD Vance (@JDVance) April 22, 2025
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত শোক প্ৰকাশ কৰে। পুটিনে কয়, “সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দোহাৰিছোঁ।”
উল্লেখ্য যে, মঙলবাৰে (২২ এপ্ৰিল) পহলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলায়। য’ত ৩০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক গুৰুতৰভাৱে আহত হোৱা খবৰ পোৱা গৈছে। নিহতসকলৰ ভিতৰত দুজন বিদেশী নাগৰিকো আছে। ইয়াৰে এজন ইজৰাইলী আৰু এজন ইটালীৰ নাগৰিক। ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰত উপস্থিত হৈ আজি ঘটনাস্থলী পৰিদৰ্শন কৰিব।
লগতে পঢ়ক: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতিছে প্ৰধানমন্ত্ৰী মোদী