প্ৰভাৱিত হ’ব ভাৰতীয় ! আমেৰিকাৰ কোনসকল শিশুৱে নাপাব জন্মগত অধিকাৰ নাগৰিকত্ব ?
২০ জানুৱাৰী তাৰিখে আমেৰিকাৰ জন্মগত অধিকাৰ নাগৰিকত্ব নীতি বাতিলৰ আদেশত স্বাক্ষৰ কৰিছে ট্ৰাম্পে। এই আদেশৰ অধীনত আমেৰিকাত বাস কৰা সকলো লোকৰ সন্তানে জন্মগত অধিকাৰ নাগৰিকত্ব লাভ নকৰে ।
দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ক্ষমতালৈ অহাৰ পাছত ড’নাল্ড ট্ৰাম্পে বহু নীতি বাতিলৰ আদেশত স্বাক্ষৰ কৰিছে । শেহতীয়াকৈ যোৱা ২০ জানুৱাৰী তাৰিখে আমেৰিকাৰ জন্মগত অধিকাৰ নাগৰিকত্ব নীতি বাতিলৰ আদেশত স্বাক্ষৰ কৰিছে ট্ৰাম্পে। এই আদেশৰ অধীনত কোনো লোকে আমেৰিকাত জন্মগত অধিকাৰ নাগৰিকত্ব লাভ নকৰে । উল্লেখ্য যে,আমেৰিকাৰ সংবিধান অনুসৰি সেই দেশত জন্ম গ্ৰহণ কৰা শিশুক দেশৰ নাগৰিক বুলি গণ্য কৰা হয় আৰু জন্মগত অধিকাৰ নাগৰিকত্ব দিয়া হয়। তেওঁলোকৰ পিতৃ-মাতৃ যিখন দেশৰে নাগৰিক নহওক কিয়, যদি শিশুটি আমেৰিকাত জন্ম হয় তেন্তে তেওঁ আমেৰিকান হয় । কিন্তু ট্ৰাম্পৰ এই পদক্ষেপৰ পিছত এই নীতি সলনি হ’ব পাৰে।
২০ জানুৱাৰীত এই নীতি বাতিল কৰাৰ আদেশত স্বাক্ষৰ কৰিছিল ড’নাল্ড ট্ৰাম্পে। এই আদেশত আমেৰিকাৰ সংবিধানত উল্লেখিত জন্মগত অধিকাৰ নাগৰিকত্ব নীতি সলনি কৰাৰ কথা কোৱা হৈছে। জন্মগত অধিকাৰৰ নাগৰিকত্বৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে ট্ৰাম্প চৰকাৰে । ইয়াৰ পূৰ্বেও ট্ৰাম্পে দেশখনৰ জন্মগত অধিকাৰ নাগৰিকত্ব নীতিক সমালোচনা কৰি কৈছিল যে, এই নীতিয়ে অবৈধ অনুপ্ৰৱেশক উৎসাহিত কৰে।
মনকৰিবলগীয়া যে, ১৮৬৮ চনত হোৱা আমেৰিকাৰ সংবিধানৰ চতুৰ্দশ সংশোধনী অনুসৰি দেশখনত জন্ম হোৱা সকলো শিশুকে জন্মগত অধিকাৰৰ নাগৰিকত্ব দিয়া হয়। এই সংশোধনীৰ উদ্দেশ্য আছিল পূৰ্বতে দেশখনৰ দাসত্বত থকা জনসাধাৰণক নাগৰিকত্ব আৰু সম অধিকাৰ প্ৰদান কৰা। সংবিধান অনুসৰি আমেৰিকাত জন্ম লোৱা সকলো শিশুৱেই আমেৰিকান ।
এই জন্মগত অধিকাৰ নাগৰিকত্ব নীতিয়ে বিদেশী কূটনীতিবিদৰ সন্তানৰ বাহিৰে আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰায় সকলো ব্যক্তিকে সামৰি লয়। কিন্তু সংবিধানত দেশখনত জন্ম লোৱা সকলো শিশুকে জন্মগত অধিকাৰৰ নাগৰিকত্ব দিয়াৰ কথা কোৱাৰ সময়তে ট্ৰাম্প প্ৰশাসনে এই নীতি সলনি কৰাৰ ওপৰত গুৰুত্ব দিছে । ট্ৰাম্পৰ এই আদেশত উল্লেখ আছে যে, নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ সন্তানক জন্মগত অধিকাৰ নাগৰিকত্বৰ পৰা বাদ দিব লাগে আৰু জন্মগত নাগৰিকত্ব প্ৰদান কৰিব নালাগে।
ট্ৰাম্প চৰকাৰ জন্মগত অধিকাৰ নাগৰিকত্ব নীতি বাতিলৰ নিৰ্দেশত কোৱা হৈছে যে, যদি শিশুটিৰ মাতৃয়ে অবৈধভাৱে আমেৰিকাত বাস কৰিছিল আৰু শিশুটিৰ পিতৃ দেশৰ নাগৰিক নাছিল বা আইনীভাৱে স্থায়ী বাসিন্দা নাছিল, তেন্তে শিশুটি পোনপটীয়াকৈ আমেৰিকাৰ নাগৰিক নহয়। লগতে কোৱা হৈছে যে, শিশুটিৰ জন্মৰ সময়ত তেওঁৰ মাতৃ আইনগতভাৱে আমেৰিকাত বাস কৰিছিল, কিন্তু তেওঁ সাময়িকভাৱে আমেৰিকাত আছিল, তেন্তে এই ক্ষেত্ৰতো শিশুটি জন্মগত নাগৰিকত্বৰ অধিকাৰী নহয়। এতিয়া পিতৃ-মাতৃৰ এজন আমেৰিকাৰ নাগৰিক হ’লেহে সন্তানে জন্মগত অধিকাৰ লাভ কৰিব।
আমেৰিকাত বৃহৎ সংখ্যক ভাৰতীয় লোক বাস কৰে। আমেৰিকাৰ লোকপিয়ল ব্যুৰোৰ চৰকাৰী তথ্য অনুসৰি ২০২৪ চনৰ ভিতৰত ভাৰতীয় আমেৰিকান লোকৰ সংখ্যা ৫৪ লাখ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, যিটো আমেৰিকাৰ জনসংখ্যাৰ ১.৪৭ শতাংশ। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত ৫৪ লাখ ভাৰতীয় লোকে বাস কৰে।
জন্মগত অধিকাৰৰ নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত যদি নীতি সালসলনি কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ আমেৰিকাত বাস কৰা ভাৰতীয় ওপৰতো পৰিব। ইয়াৰ ফলত H-1B ভিছা, গ্ৰীণ কাৰ্ড আৰু অস্থায়ী ভিছা থকা ভাৰতীয় লোকৰ সন্তানৰ ওপৰত প্ৰভাৱ পৰিব। ইয়াৰ ফলত তেওঁলোকৰ শিক্ষাকে ধৰি বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।