Donald Trump-Vladimir Putin: পুটিনৰ ওপৰত অগ্নিশৰ্মা ট্ৰাম্প ! দুয়োগৰাকী ৰাষ্ট্ৰ নেতাৰ মাজত কি হৈছে ?
কোৱা হয় যে, ট্ৰাম্প আৰু পুটিনৰ মাজত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা দেখা গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ।

দুটা বিপৰীত মেৰুত অৱস্থান লোৱা দুখন দেশ হৈছে ৰাছিয়া আৰু আমেৰিকা । তথাপিও দুয়োখন দেশে নিজৰ বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিছে । ইফালে কোৱা হয় যে, ট্ৰাম্প আৰু পুটিনৰ মাজত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে । কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা দেখা গৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক । পুটিনৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে । লগতে ৰাছিয়াৰ তেলৰ ওপৰত শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে ট্ৰাম্পে। হঠাতে কিয় ইমান খং উঠিছে ট্ৰাম্পৰ ?
দেওবাৰে এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ প্ৰশাসনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত তেওঁ অতিশয় ক্ষুব্ধ হৈ পৰিছে। এই অসন্তুষ্টিৰ কথা পুটিনে নিজেও জানে বুলি উল্লেখ কৰিছে ট্ৰাম্পে ।
ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে, তেওঁলোকৰ মাজত বহুত ভাল সম্পৰ্ক আছে। যদি পুটিনে সঠিক কাম কৰে তেন্তে এই ক্ষোভ হ্ৰাস পাব। এই সপ্তাহত তেওঁ পুটিনৰ সৈতে কথা পতাৰ সম্ভাৱনা আছে। কিন্তু যদি পুটিনে ইউক্ৰেইনত ওপৰত হেঁচা দিয়াৰ কাম বন্ধ নকৰে তেন্তে ৰাছিয়াক জগৰীয়া কৰা হ’ব বুলি কয় ট্ৰাম্পে । লগতে ট্ৰাম্পে ৰাছিয়াৰ তেলৰ ওপৰত পুনৰ শুল্ক আৰোপ কৰিব। এই শুল্ক ২৫ শতাংশ হ’ব বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে।
কাকতলীয়াকৈ ক’বলৈ গ’লে, মাত্ৰ যোৱা সপ্তাহত পুটিনে ইউক্ৰেইনত চৰকাৰ সলনি আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ দাবী জনাইছিল।