শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশলৈ সকলো ধৰণৰ সাহাৰ্য বন্ধ ঘোষণা ট্ৰাম্প চৰকাৰৰ, পতনৰ দিশে ইউনুছ চৰকাৰ

ডাঙৰ বিপদত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছতে দেশখনে বিভিন্ন দিশৰ সংকটত ভুগি আছে। তাৰ মাজতে আমেৰিকাই বন্ধ কৰিলে বাংলাদেশলৈ সকলো প্ৰকাৰৰ সাহাৰ্য।

বাংলাদেশলৈ সকলো ধৰণৰ সাহাৰ্য বন্ধ ঘোষণা ট্ৰাম্প চৰকাৰৰ, পতনৰ দিশে ইউনুছ চৰকাৰ
আমেৰিকা- বাংলাদেশImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Jan 2025 15:27 PM

বাংলাদেশৰ অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰক ডাঙৰ আঘাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। আমেৰিকা চৰকাৰে  তৎকালীনভাৱে কাৰ্যকৰী হোৱাই বাংলাদেশলৈ সকলো ধৰণৰ সাহাৰ্য বন্ধৰ ঘোষণা কৰিছে। ই ইউএছএআইডি/বাংলাদেশৰ চুক্তি, ৱৰ্ক অৰ্ডাৰ, অনুদান, সমবায় চুক্তি, বা অন্যান্য সহায় বা অধিগ্ৰহণৰ অধীনত যিকোনো কাম তৎকালীনভাৱে বন্ধ বা স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ট্ৰাম্প প্ৰশাসনে।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ড’নাল্ড ট্ৰাম্পে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত কেইবাখনো দেশ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানক দিয়া আৰ্থিক সাহায্য ৯০ দিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত অন্যতম।  কিছুদিন পূৰ্বে আমেৰিকাই ইউক্ৰেইনক দি থকা সাহাৰ্য বন্ধ কৰিছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বিষয়টোত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনে  ইউক্ৰেইনক সমৰ্থন কৰি সাহাৰ্য আগবঢ়াই আহিছিল যদিও ট্ৰাম্প শাসনলৈ অহাৰ পাছত এই সাহাৰ্য বন্ধ কৰে।

বাংলাদেশত শ্বেইখ হাছিনা চৰকাৰৰ পতন আৰু অন্তৱৰ্তীকালীন মহম্মদ ইউনুছ চৰকাৰ গঠন হোৱাৰ পাছত পৰোক্ষভাৱে ট্ৰাম্পে বাংলাদেশৰ বিৰোধিতা কৰি আহিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ট্ৰাম্পে বাংলাদেশৰ অৰজাকতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কৈছিল যে তেওঁ শাসনত থাকিলে এনে হ’বলৈ নিদিলেহেতেন। তেওঁ বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰতো চিন্তা ব্যক্ত কৰিছিল।

গতিকে অনুমান কৰা হৈছিল যে ট্ৰাম্প শাসনলৈ আহিলে বাংলাদেশৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ইয়াৰ বিপৰীতে মহম্মদ ইউনুছে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে কেইবাজনো সন্ত্ৰাসবাদীক বাংলাদেশ জেলৰ পৰা মুকলি কৰি দিয়ে। তাৰ ভিতৰত ছৈয়দ জিয়াউল হক অন্যতম। তথ্য অনুসৰি ছৈয়দ জিয়াউল হক আল কায়দা সমৰ্থিত আনছাৰুল্লাহ বাংলা টীমৰ অন্যতম নেতা, যাৰ বাবে আমেৰিকাৰ চকু তেওঁৰ ওপৰত আছিল। ইউনুছ চৰকাৰে এই নেতাগৰাকীক মুকলি কৰি দিয়াৰ পাছতে আমেৰিকাই ইয়াৰ বিৰোধিতাও কৰিছিল।

ট্ৰাম্পৰ শপত গ্ৰহণৰ প্ৰভাৱ সমগ্ৰ বিশ্বত পৰা পৰিলক্ষিত হয়। শেহতীয়াকৈ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে অহা ৮৫ দিনৰ ভিতৰত চৰকাৰে সকলো বিদেশী সাহায্যৰ আভ্যন্তৰীণ পৰ্যালোচনা কৰিব আৰু ইতিমধ্যে এই ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰা হৈছে।  যোৱা ২০ জানুৱাৰীত ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰ পৰা বিভিন্ন পৰিবৰ্তন দেখা যায়। আমেৰিকাত থকা অবৈধ নাগৰিকৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ তেওঁ বিভিন্ন কাৰ্যবাহী নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে, আমেৰিকাই প্ৰতিবছৰে বাংলাদেশক প্ৰায় ২০ কোটি ডলাৰৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে । ইয়াৰোপৰি আমেৰিকা বাংলাদেশৰ সৰ্ববৃহৎ ৰপ্তানি বজাৰ । বাংলাদেশ চৰকাৰ সংকটত থকাৰ মাজতে ট্ৰাম্প চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা এই সিদ্ধান্তই দেশখনত যথেষ্ঠ ক্ষতি কৰিব বুলি অনুমান কৰিব পাৰি। এক কথাত ক’বলৈ হ’লে চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ দিশে গতি কৰিছে বাংলাদেশ।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পে ধ্বংস কৰিব নেকি বাংলাদেশ? ইউনুছ চৰকাৰে কৰিলে এক ডাঙৰ ভুল…