মোদী নহয়! ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু এইজন নেতা, পালে হোৱাইট হাউচৰ নিমন্ত্ৰণ

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছতে বিশেষ চৰ্চাত আছে ডনাল্ড ট্ৰাম্প। এইবাৰ ট্ৰাম্প চৰ্চাত আহিছে এজন বিশেষ বন্ধুৰ বাবে। পিছে এই বন্ধুজন নহয় নৰেন্দ্ৰ মোডী।

মোদী নহয়! ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু এইজন নেতা, পালে হোৱাইট হাউচৰ নিমন্ত্ৰণ

মোডী. ট্ৰাম্প,বেঞ্জামিন

Published: 

29 Jan 2025 15:25 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয়, এজন বিশেষ বন্ধুক লৈ এইবাৰ চৰ্চাত আছে ট্ৰাম্প।  আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছতে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ড’নাল্ড ট্ৰাম্পে। এইবাৰ আন এক কাৰণত চৰ্চালৈ আহিছে ট্ৰাম্প। আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বন্ধুত্বৰ কথা প্ৰায় সকলোৱে জানে। পুনৰ এবাৰ এই দুই নেতাৰ বন্ধুত্বৰ কথা পোহৰলৈ আহিছে। কিয়নো বেঞ্জামিন নেতানিয়াহু হ’ব ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত হোৱাইট হাউচলৈ যোৱা প্ৰথমজন বিদেশী নেতা।

তথ্য অনুসৰি জনিব পৰা মতে ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক ৪ ফেব্ৰুৱাৰীত আমন্ত্ৰণ জনাইছে।এই ভ্ৰমণ অতি বিশেষ বুলি ধাৰণা কৰা হৈছে, কিয়নো গাজাত ১৫ মাহ ধৰি চলা যুদ্ধৰ পাছত দ্বিতীয় পৰ্যায়ৰ যুদ্ধ বিৰতি সন্দৰ্ভত আলোচনা চলি আছে। এই যুদ্ধ বিৰিতৰ কতৃত্ব ট্ৰাম্পে লৈ আহিছে। একেসময়তে ইজৰাইলৰ সোঁপন্থী নেতাসকলে নেতানিয়াহু চৰকাৰক স্থায়ী যুদ্ধবিৰতি নকৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে। এক কথাত  ক’বলৈ হ’লে, ট্ৰাম্প আৰু নেতানিয়াহুৰ এই বৈঠকে দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতি আলোচনাত প্ৰভাৱ পেলাব।

হোৱাইট হাউচৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ইজৰাইলৰ লগতে আন চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ শান্তি স্থাপন আৰু বিৰোধিৰ সৈতে মোকাবিলা কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাক লৈ আলোচনা কৰাৰ ক্ষেত্ৰত ট্ৰাম্প আগ্ৰহী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বৰ্তমান সময়ত ৰাজনৈতিক হেঁচাত আছে। তেনে ক্ষেত্ৰত এই বৈঠক তেওঁৰ বাবে এক ইতিবাচক দিশ হ’ব। আমেৰিকাৰ পৰা সমৰ্থন লাভ কৰি তেওঁৰ প্ৰমাণ কৰিব পাৰে যে তেওঁৰ সম্পৰ্ক ট্ৰাম্পৰ সৈতে ভাল আৰু ইজৰাইলৰ বাবে তেওঁ আমেৰিকাৰ পৰা যিকোনো সহায় আনিব পাৰে।

উল্লেখ্য যে, আমেৰিকাৰ পৰা ইজৰাইলে সবাতোকৈ বেছি সহায় লাভ কৰে। আমেৰিকাই ইজৰাইলক অস্ত্ৰ আৰু ধনৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো সম্পূৰ্ণৰূপে সমৰ্থন কৰে। আশা কৰা হৈছে, এই ভ্ৰমণৰ সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পক অধিক সহায়ৰ বাবে আহ্বান জনাব। যিয়ে এই ইজৰাইলৰ যুদ্ধৰ দিশটোত নতুন গতি প্ৰদান কৰাৰ সম্ভাৱনা আছে।ইতিমধ্যে নেতানিয়াহুৱে সকীয়াই দিছে যে যদিহে হামাছে দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতিৰ চৰ্তসমূহ মানি ল’বলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ পুনৰ যুদ্ধ আৰম্ভ কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে, ২০ জানুৱাৰীত ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। ইয়াৰ পাছৰে পৰা ট্ৰাম্পে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে কথা পাতিছিল ট্ৰাম্পে। এই সময়চোৱাত মোদীয়ে ট্ৰাম্পক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ বাবে অভিবাদন জনোৱাৰ লগতে ভাৰতলৈ আমন্ত্ৰণ জনায়।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈ মোদীৰ ফোন, কি কথা পাতিলে ট্ৰাম্পৰ সৈতে?

 

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?