ক্ষোভিত ট্ৰাম্প! ভাৰত আগবাঢ়িছে ডি-ডলাৰাইজেশ্যনৰ পিনে, আহিব ডলাৰৰ বিকল্প মুদ্ৰা…
ডি-ডলাৰাইজেশ্যনৰ পিনে আগবাঢ়িছে ভাৰত। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ভাৰতে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছে। ইয়াৰোপৰি ব্ৰিকছে নতুন মুদ্ৰা প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চকুৰ কূটা হৈ পৰিছে ব্ৰিকছ। আজিৰ পৰা প্ৰায় দুটা দশকৰ আগতে ব্ৰিটিছ অৰ্থনীতিবিদ জেমছ অ’নিলে প্ৰথমবাৰৰ বাবে ব্ৰিকছ শব্দটোৰ কথা উল্লেখ কৰিছিল। কিন্তু তেতিয়া তেওঁৰ হয়তো কোনো ধাৰণা নাছিল যে এদিন ব্ৰিকছ (BRICS ) বিশ্বৰ অন্যতম শক্তিশালী মিত্ৰজোঁটত পৰিণত হ’ব। এতিয়া ই ইমানেই শক্তিশালী হৈ পৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিদিনে ব্ৰিকছক ভাবুকি প্ৰদান কৰে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে এমাহত চাৰিবাৰকৈ ব্ৰিকছক সকীয়নী প্ৰদান কৰিছে।
শুকুৰবাৰে নিশা ট্ৰাম্পে কয় যে, ডলাৰৰ বিকল্প মুদ্ৰা প্ৰৱৰ্তনৰ ধাৰণাটো হাস্যকৰ। BRICS হৈছে এটা মৃত্যুমুখত পৰা সংগঠন।কিন্তু ব্ৰিকছ দেশসমূহে যদি সুকীয়া মুদ্ৰা প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰে তেন্তে আমি তেওঁলোকৰ সামগ্ৰীৰ ওপৰত ১৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰিম। যাৰ বাবে তেওঁলোকৰ সকলো ব্যৱসায় বন্ধ হৈ যাব।
কিছুদিন পূৰ্বে ভাৰতে কৈছিল যে, বৰ্তমান ডলাৰৰ বিকল্প বিচৰাৰ প্ৰয়োজন নাই। চৰকাৰে ইয়াৰ বাবে কোনো চেষ্টাও কৰা নাই। কিন্তু ট্ৰাম্পৰ ভাবুকিৰ পাছত মিত্ৰজোঁটৰ বৰ্তমানৰ অধ্যক্ষ ব্ৰাজিলে জুলাই মাহত ব্ৰিকছ সন্মিলন আয়োজনৰ আহ্বান কৰে। ব্ৰাজিলে কয় যে, যে ব্ৰিকছৰ মুদ্ৰা আহিবই। এই সন্দৰ্ভত ভাৰতে কি ভাবে?
ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে, আমাৰ স্থিতি সলনি হোৱা নাই, একেই আছে। আমি ডলাৰৰ বিকল্প বিচাৰো। অৱশ্যে এতিয়া ব্ৰিকছৰ মুদ্ৰাৰ বিষয়ে একো ক’ব নোৱাৰি। ভাৰতে বৰঞ্চ বিকল্প উপায়েৰে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈহে বিচাৰিছে। বিত্ত মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে লগতে কয় যে কেন্দ্ৰই দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত ডলাৰৰ পৰিমাণ হ্ৰাস কৰি সোণৰ মজুত বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাম আৰ বি আইৰ সৈতে যৌথভাৱে কৰা হৈছে। এইদৰেই আমি ডি-ডলাৰাইজেশ্যনৰ পথত আগবাঢ়িব বিচাৰিছো। চৰকাৰে ডলাৰৰ মজুত হ্ৰাস কৰি অহা তিনি বছৰত ২০ শতাংশ সোণৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰিছে।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছতে বিভিন্ন ধৰণৰ কঠোৰ সিদ্ধান্ত লৈ আহিছে। ইয়াৰোপৰি বিশ্বৰ কেইবাখনো দেশক সকীয়নী প্ৰদান কৰি ট্ৰাম্পে নিজকে সৰ্বেসৰ্বা কৰাৰ চেষ্টা কৰি আহিছে। ইয়াৰ মাজতে ব্ৰিকছে নতুন মুদ্ৰা প্ৰৱৰ্তনৰ কথা চিন্তা কৰি থকাৰ সময়তে ক্ষোভিত হৈ পৰিছে ট্ৰাম্প। উল্লেখ কৰা প্ৰয়োজন যে, ব্ৰিকছ হৈছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰে গঠিত এক আন্তঃচৰকাৰী সংস্থা।
অন্য খবৰ পঢ়কঃ বন্ধুত্বৰ যৱনিকা! ট্ৰাম্পে ক’লে, টেছলাই ভাৰতত ব্যৱসায় কৰা আমেৰিকাৰ বাবে অন্যায় হ’ব…