সম্পৰ্কত মেলিছে নেকি ফাঁট! ট্ৰাম্পে ক’লে- আমি ভাৰতক কিয় ২১ মিলিয়ন ডলাৰ দিম?

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড'নাল্ড ট্ৰাম্পে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ট্ৰাম্প চৰকাৰে বন্ধ কৰিছে ভাৰতক প্ৰদান কৰি অহা ২১ মিলিয়ন ডলাৰৰ পুঁজি।

সম্পৰ্কত মেলিছে নেকি ফাঁট! ট্ৰাম্পে কলে- আমি ভাৰতক কিয় ২১ মিলিয়ন ডলাৰ দিম?

ড'নাল্ড ট্ৰাম্প

Updated On: 

20 Feb 2025 14:29 PM

ভাৰত-আমেৰিকাৰ মাজত এক মজবুত সম্পৰ্ক আছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰি আহিছে। কিন্তু যোৱা কেইটামান দিনৰ পৰা এই সম্পৰ্কত কিছু প্ৰশ্নৰ অৱকাশ আহি পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে নিজৰ দেশৰ হিতৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইমানেই নহয়, সহায় হিচাপে অন্য দেশক প্ৰদান কৰা পুঁজিও দেশখনে বাতিল কৰিছে। এই ক্ষেত্ৰত সাৰি যোৱা নাই ভাৰতো। শেহতীয়াকৈ ভাৰতত ভোটদানৰ সংখ্যা বৃদ্ধি কৰিবলৈ আমেৰিকাই যোগান ধৰি অহা ২১ মিলিয়ন ডলাৰৰ পুঁজি বাতলি কৰিছে।

এই সকলোবোৰৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে, আমি ভাৰতক ২১ মিলিয়ন ডলাৰ কিয় দিম? ফ্ল’ৰিডাৰ মাৰ-এ-লাগোত সংবাদমেল সম্বোধন কৰি ট্ৰাম্পে কয় যে ভাৰতৰ হাতত বহুত টকা আছে। এনে পৰিস্থিতিত আমি ভাৰত ২১ মিলিয়ন ডলাৰ কিয় দিম, এই কথা মই বুজি পোৱা নাই। ট্ৰাম্পে লগতে কয়, বিশ্বৰ ভিতৰত সৰ্বাধিক কৰ থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ভাৰতৰ শুল্ক বহুত বেছি যাৰ বাবে বহু কঠিনতাৰ মাজেৰে গৈ তাৰ ব্যৱসায়ত উপনীত হ’ব পাৰো। অৱশ্যে ট্ৰাম্পে কয় যে, তেওঁ ভাৰত আৰু দেশৰ প্ৰধানমন্ত্ৰীক যথেষ্ঠ সন্মান কৰে।

কোনে ঘোষণা কৰিছিল

উল্লেখ্য যে, শেহতীয়াকৈ ইলন মাস্কৰ নেতৃত্বাধীন আমেৰিকাৰ বিদেশ দক্ষতা বিভাগে (DOGE) বিভিন্ন দেশৰ বাবে পুঁজি বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। এই সময়চোৱাত ভাৰতত ভোটদানৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰদান কৰা ২১ মিলিয়ন ডলাৰৰ সাহাৰ্যও বন্ধ কৰিছিল। ড’জে কৈছিল যে ভাৰতত ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে ২১ মিলিয়ন ডলাৰৰ পুঁজি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। আমেৰিকা চৰকাৰৰ ব্যয় কৰ্তন কৰাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ দিনৰ পৰা ভাৰতক এই পুঁজি যোগান ধৰি অহা হৈছিল।

চৰকাৰী খৰচ কম কৰাৰ বাবে নতুন বিভাগ

আমেৰিকাই ভাৰতক ১ আৰৱ ৮২ কোটি টকা (২১ মিলিয়ন ডলাৰ) যোগান ধৰাৰ উদ্দেশ্য আছিল দেশৰ নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণক প্ৰসাৰিত কৰা। কিন্তু ড’জেৰ এই সিদ্ধান্তৰ পাছত ভাৰতে আৰু এই পুঁজি লাভ নকৰে। বিশেষ কথা এয়াই যে ট্ৰাম্ৰ আৰু মোদীৰ বৈঠকৰ পাছতে আমেৰিকাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে,চৰকাৰী ব্যয় কমাবলৈ ট্ৰাম্পে চৰকাৰী দক্ষতা বিভাগ (DOGE) নামেৰে এটা নতুন বিভাগ গঠন কৰিছে। লগতে এই বিভাগৰ দায়িত্ব প্ৰদান কৰিছে ইলন মাস্কক।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?