Donald Trump: পুনৰ আমেৰিকাৰ মূৰব্বী ড’নাল্ড ট্ৰাম্প, দ্বিতীয়টো জয়েৰে ভংগ কৰিলে ১৩১ বছৰীয়া অভিলেখ

আমেৰিকাৰ বাগজৰী আকৌ এবাৰ ড’নাল্ড ট্ৰাম্পৰ হাতত। ২০২০ চনত তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল, কিন্তু ৪ বছৰৰ পাছত পুনৰ দেখা গৈছে তেওঁৰ আধিপত্য। ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২৭৭ টা নিৰ্বাচনী ভোট। কমলা হেৰিছে লাভ কৰিছে ২২৪টা নিৰ্বাচনী ভোট।

Donald Trump: পুনৰ আমেৰিকাৰ মূৰব্বী ড’নাল্ড ট্ৰাম্প, দ্বিতীয়টো জয়েৰে ভংগ কৰিলে ১৩১ বছৰীয়া অভিলেখ

পুনৰ আমেৰিকাৰ মূৰব্বী ড’নাল্ড ট্ৰাম্প

Updated On: 

07 Nov 2024 10:25 AM

আমেৰিকাত আকৌ এবাৰ ট্ৰাম্প চৰকাৰ হ’ব। ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’ব ড’নাল্ড ট্ৰাম্প। ২০২০ চনত তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল। ইয়াৰ পিছত বিশ্বই আমেৰিকাত হোৱা তাণ্ডৱ দেখিলে। ৪ বছৰৰ পাছত পুনৰ দেখা গৈছে ট্ৰাম্পৰ আধিপত্য। এই জয়েৰে তেওঁ এক অভিলেখো গঢ়ি তুলিছে। ১৩১ বছৰৰ পাছত ক্ষমতালৈ অহাৰ অভিলেখ গঢ়িছে আমেৰিকাই। গ্ৰভাৰ ক্লিভলেণ্ড (১৮৮৫-১৮৮৯ আৰু ১৮৯৩-১৮৯৭)ৰ পিছত ৪ বছৰৰ ব্যৱধানৰ পিছত হোৱাইট হাউছলৈ উভতি অহা তেওঁ দ্বিতীয়জন নেতা।

ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২৭৭টা ভোট, ইয়াৰ বিপৰীতে কমলা হেৰিছে লাভ কৰিছিল ২২৪ টা নিৰ্বাচনী ভোট। যিকোনো প্ৰাৰ্থীক জয়ী হ’বলৈ আমেৰিকাত ২৭০ টা ভোটৰ প্ৰয়োজন। এতিয়াও আনুষ্ঠানিক ঘোষণা বাকী আছে। ১৭ ডিচেম্বৰত নিৰ্বাচনী সভা অনুষ্ঠিত হ’ব। ৬ জানুৱাৰীত অনুষ্ঠিত হ’ব সাংসদসকলৰ বৈঠকত নিৰ্বাচনী ভোট গণনা কৰা হ’ব। ইয়াৰ পিছত ২০২৫ চনৰ ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে।

আমেৰিকাৰ নিৰ্বাচন

মুঠ নিৰ্বাচনী ভোট- ৫৩৮

জয়ী হ’বলৈ ভোটৰ প্ৰয়োজন আছিল- ২৭০

ট্ৰেণ্ডত ট্ৰাম্পৰ গ্ৰাফ- ২৭৭ টা ভোট

কমলা হেৰিছৰ বাবে নিৰ্বাচনী ভোট- ২২৪ টা

আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া

  1. ৫০ খন ৰাজ্যৰ পৰা নিৰ্বাচন কৰা হয় নিৰ্বাচক। ইয়াৰে সংখ্যা ৫৩৮ জন। নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে সকলো ৰাজ্যতে নিজৰ নিজৰ প্ৰতিনিধি বাছি লয়। এইবোৰক নিৰ্বাচক বুলি কোৱা হয়। তেওঁলোকৰ সংখ্যা নিৰ্ণয় জনসংখ্যাৰ ভিত্তিত কৰা হয় । ৰাজ্যখনত কিমান নিৰ্বাচক হ’ব সেইটো নিৰ্ণয় কৰা হয় তাত থকা চিনেট আৰু হাউছত থকা সাংসদৰ সংখ্যাৰ ভিত্তিত। নিৰ্বাচকৰ সংখ্যা তেওঁলোকৰ সংখ্যাৰ সমান। এইবোৰৰ পৰাই নিৰ্বাচনী কলেজ গঠন হয়। নিৰ্বাচনৰ আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা হ’বলৈ সময় লাগিব পাৰে।
  2. ট্ৰাম্পে কয় যে, মই সেই বাধা পাৰ কৰিলোঁ, যিটো মানুহে অসম্ভৱ বুলি ভাবিছিল। আমি আটাইতকৈ অবিশ্বাস্য ৰাজনৈতিক কৃতিত্ব অৰ্জন কৰিছোঁ। মোক ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ গৌৰৱৰ বাবে দেশবাসীক ধন্যবাদ জনাইছোঁ। মই দেশৰ বাবে যুঁজিম। মই উশাহ থকালৈ প্ৰতিটো দিনেই যুঁজিম। যেতিয়ালৈকে আমি এখন শক্তিশালী, নিৰাপদ আৰু সমৃদ্ধিশালী আমেৰিকা গঢ়ি তুলিব নোৱাৰো তেতিয়ালৈকে মই জিৰণি নলওঁ। এয়া হ’ব আমেৰিকাৰ সোণালী যুগ।

ট্ৰাম্পৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা

  • জন্ম: ১৪ জুন ১৯৪৬
  • পিতৃ-মাতৃ: মেৰী আৰু ফ্ৰেড ট্ৰাম্প
  • শিক্ষা: ৱাৰ্টন স্কুল অৱ ফাইনেন্স এণ্ড কমাৰ্চৰ পৰা ফাইনেন্স মেজৰ
  • কেৰিয়াৰ: ১৯৭১ চনত পিতৃৰ কোম্পানীটোৰ দায়িত্ব লয়
  • ২০০৪ চনত দ্য এপ্ৰেণ্টিছৰ সৈতে ৰিয়েলিটি টিভিত হাত মিলাইছিল
  • চেক খেলুৱৈ তথা মডেল ইভানা জেলনিকোভাৰ সৈতে বিবাহপাশত আৱদ্ধ। ১৯৯০ চনত বিবাহ বিচ্ছেদ হৈছিল।
  • ট্ৰাম্প আৰু ইভানাৰ সন্তান: ড’নাল্ড জুনিয়ৰ, ইভাংকা আৰু এৰিক
  • ১৯৯৩ চনত মাৰ্লা মেপলছৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু ১৯৯৯ চনত বিবাহ বিচ্ছেদ হয়।
  • ট্ৰাম্প আৰু মাৰ্লাৰ সন্তান: টিফানী
  • ২০০৫ চনত মেলানিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বেৰন হৈছে উইলিয়াম ট্ৰাম্পৰ পুত্ৰ।

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস