5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Modi on Donald trump: ঐতিহাসিক জয়ৰ বাবে অভিনন্দন মোৰ বন্ধু- ড’নাল্ড ট্ৰাম্পক শুভকামনা মোদীৰ

Modi on Donald trump: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ট্ৰাম্পক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই জয় ঐতিহাসিক বুলি কয় মোদীয়ে।

barasha-sarma
Barasha Sarma | Updated On: 06 Nov 2024 14:43 PM
আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ড'নাল্ড ট্ৰাম্প। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে হোৱাইট হাউচলৈ যাব ট্ৰাম্প। প্ৰতিদ্বন্দ্বী কমলা হেৰিছক পৰাস্ত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ঐতিহাসিক জয় লাভ কৰিবলৈ সক্ষম হয় ট্ৰাম্প। মেজিক নম্বৰ ২৭০ ৰো অধিক আসন লাভ কৰে ট্ৰাম্পে।

1 / 5
ট্ৰাম্পৰ জয়ৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক শুভেচ্ছা জনায়। ছ'চিয়েল মিডিয়াত ট্ৰাম্পৰ সৈতে ফটো শ্বেয়াৰ কৰি মোদীয়ে লিখে যে- নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে অভিনন্দন মোৰ বন্ধু। আগন্তুক সময়ত ভাৰত- আমেৰিকাই সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিব বুলি কয় মোদীয়ে।

2 / 5
মোদীয়ে লিখে-যেনেদৰে আপুনি আগৰ কাৰ্যকালত সফলতাক আগবঢ়াইছিল,ঠিক তেনেকৈ ভাৰত-আমেৰিকাৰ সৰ্বাংগীন বিশ্বব্যাপী আৰু কৌশলগত অংশীদাৰিত্বক  অধিক শক্তিশালী কৰাৰ বাবে মই আগ্ৰহী। আহক আমি আমাৰ জনসাধাৰণৰ মংগলৰ বাবে আৰু বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰোঁ।

3 / 5
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাত প্ৰথম পৰ্যায়ত কমলা হেৰিছ আগত আছিল যদিও পৰৱৰ্তী সময়ত ড'নাল্ড ট্ৰাম্পে জয়লাভ কৰে। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্ৰাম্পে ২৭৭খন নিৰ্বাচনী আসন লাভ কৰাৰ বিপৰীতে হেৰিছে ২২৬খন নিৰ্বাচনী আসনত জয়লাভ কৰিছে। সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭০ খন আসন।

4 / 5
আমেৰিকাত ৫০খন ৰাজ্য আছে।  ইয়াত ৫৩৮ খন আসনৰ বাবে ভোটদান কৰা হয় আৰু সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭০। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ট্ৰাম্পে ২০২১ চনৰ জানুৱাৰী মাহলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এইবাৰ নিৰ্বাচন কমলা হেৰিছৰ পক্ষলৈ যাব বুলি একাংশই ধাৰণা কৰিছিল যদিও পাছলৈ দৃশ্যপট সলনি হয়।

5 / 5
Latest Stories