পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল ভাৰতকে ধৰি তিনিখনকৈ দেশ, প্ৰাবল্য আছিল ৫.৯
ভূমিকম্পৰ জোঁকাৰণিত কঁপি উঠিল ভাৰতকে ধৰি তিনিখনকৈ দেশ। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ হিন্দু কুশৰ পৰা ৭৫ কিলোমিটাৰ গভীৰতাত।

ভূমিকম্প
পুৱাই ভূমিকম্পৰ জোঁকাৰি গ’ল তিনিখনকৈ দেশ। আফগানিস্তানৰ হিন্দু কুছ অঞ্চলত হোৱা ভূমিকম্পৰ কম্পন অনুভূত হয় তিব্বত, বাংলাদেশ আৰু ভাৰতৰ জম্মু-কাশ্মীৰত। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজি (NCS)ৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯ । আজি পুৱা ০৪:৪৩ বজাত সংঘটিত হয় এই ভূমিকম্প। এক্সত এক পোষ্টত NCSয়ে প্ৰকাশ কৰা অনুসৰি হিন্দু কুশৰ পৰা ৭৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছে এই ভূমিকম্প।
ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাৰ্যালয়ৰ (UNOCHA) তথ্য অনুসৰি আফগানিস্তান বান, ভূমিস্খলন আৰু ভূমিকম্পকে ধৰি প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সংবেদনশীল এলেকা হৈ আছে। UNOCHA-এ কয় যে আফগানিস্তানত সঘনাই হোৱা ভূমিকম্পই ইতিমধ্যে দশক দশক ধৰি চলি থকা সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দুৰ্বল সম্প্ৰদায়সমূহৰ অধিক ক্ষতি কৰিছি আৰু একেলগে একাধিক জোকাৰণিৰ সৈতে মোকাবিলা কৰাৰ বাবে তেওঁলোকৰ ক্ষমতাৰ অভাৱ।
ৰেড ক্ৰছৰ তথ্য অনুসৰি আফগানিস্তানত বহু শক্তিশালী ভূমিকম্প সংঘটিত হোৱাৰ ইতিহাস আছে। ইয়াৰ হিন্দু কুছ পৰ্বতমালা ভূতাত্ত্বিকভাৱে সক্ৰিয় অঞ্চল, য’ত প্ৰতি বছৰে ভূমিকম্প হয়। আফগানিস্তান ভাৰত আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ মাজৰ কেইবাখনো ফল্ট লাইন অৱস্থিত। ইয়াৰ এখন ফল্ট লাইন পোনে পোনে হেৰাটৰ মাজেৰে পাৰ হৈ যায়।
EQ of M: 5.9, On: 16/04/2025 04:43:58 IST, Lat: 35.83 N, Long: 70.60 E, Depth: 75 Km, Location: Hindu Kush, Afghanistan.
For more information Download the BhooKamp App https://t.co/5gCOtjcVGs @DrJitendraSingh @OfficeOfDrJS @Ravi_MoES @Dr_Mishra1966 @ndmaindia pic.twitter.com/cdndqE0OQR— National Center for Seismology (@NCS_Earthquake) April 15, 2025
৫.৯ প্ৰাবল্যৰ ভূমিকম্প কিমান বিপজ্জনক?
ৰিখটাৰ স্কেলত আফগানিস্তানৰ ভূমিকম্পৰ তীব্ৰতা আছিল ৫.৯। যিটো মধ্যমীয়াৰ পৰা উচ্চ তীব্ৰতাৰ ভূমিকম্প বুলি গণ্য কৰা হয়। ঘন জনবসতিপূৰ্ণ অঞ্চলত যদি এই প্ৰাবল্যৰ ভূমিকম্প হয়, তেন্তে ইয়াৰ ফলত বৃহৎ ক্ষতি হ’ব পাৰে, যদিও এইবাৰ এতিয়ালৈকে কোনো ডাঙৰ ক্ষতিৰ খবৰ পোহৰলৈ অহা নাই।
ইয়াৰ পূৰ্বে তাজিকিস্তানত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল। মধ্য এছিয়াৰ দেশখনত যোৱা দুদিনত এইটোৱেই আছিল তৃতীয়টো ভূমিকম্প। দেওবাৰে তাজিকিস্তানত দুটাকৈ ভূমিকম্প অনুভৱ কৰা হয়, প্ৰথমটো ৬.১ আৰু দ্বিতীয়টোৰ প্ৰাবল্য ৩.৯।
ম্যানমাৰত ধ্বংসলীলা
উল্লেখ্য যে, শেহতীয়াকৈ ম্যানমাৰত সংঘটিত হৈছিল প্ৰচণ্ড ভূমিকম্প। এই ভূমিকম্পই ম্যানমাৰত বহু ধ্বংসলীলাৰ সৃষ্টি কৰিছিল, য’ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল। একে সময়তে এতিয়াও বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। ম্যানমাৰৰ ভূমিকম্পৰ প্ৰভাৱ থাইলেণ্ডৰ লগতে ভাৰতৰ কিছু অঞ্চলতো অনুভৱ কৰা হৈছিল। ম্যানমাৰৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ভাৰতে প্ৰেৰণ কৰিছিল সাহায্য সামগ্ৰী।