নামাজৰ সময়ত ভয়ংকৰ ভূমিকম্প!মছজিদৰ তলত শ শ মৃতদেহ, বৰ্তমান পৰ্যন্ত ১,৬০০ জনৰ মৃত্যু…
এই ভূমিকম্পৰ ফলত বৰ্তমান পৰ্যন্ত ম্যানমাৰত ১৬০০ তকৈ অধিকলোকে প্ৰাণ হেৰুৱাইছে। ম্যনমাৰৰ এই বেয়া সময়ত সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ সহায়ৰ বাবে ভাৰতে আৰম্ভ কৰিছে অপাৰেশ্যন ব্ৰহ্মা।

এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ! য’ত হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো আহত হয়। ভয়ংকৰ ভূমিকম্পই প্ৰাণ কাঢ়িছে বহুতৰ। ৰমজান মাহৰ শেষৰটো শুকুৰবাৰে যেতিয়া শ শ মুছলমান লোকে নামাজ পঢ়ি আছিল তেতিয়াই এই ভূমিকম্প হয়। ২৮ মাৰ্চত ম্য়ানমাৰত সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই সৰ্বাধিক প্ৰভাৱ পেলাইছিল মাণ্ডেলে আৰু ছাগাইং অঞ্চলত। এই ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিধ্বংসী দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দেখিবলৈ পোৱা গৈছে যে কেনেকৈ তাচপাতৰ দৰে ডাঙৰ ডাঙৰ অট্টালিকাসমূহ খহি পৰিছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, ভূমিকম্পৰ কম্পন ইমানেই তীব্ৰ আছিল যে মছজিদৰ ছাদ খহি পৰিছিল, যাৰ ফলত থিতাতে বহু নামাজীৰ মৃত্যু হয়। মাণ্ডেলৰ এজন বাসিন্দাই কয় যে, আমি নামাজ পঢ়ি থকাৰ সময়তে কম্পন অনুভৱ কৰিছিলো। লগে লগে সেই স্থানৰ পৰা বহু সংখ্যকলোক ওলাই আহিছিল যদিও কেইবাজনৰ থিতাতে মৃত্যু হয়।
স্থানীয় খবৰ অনুসৰি এই ভূমিকম্পৰ ফলত মণ্ডল আৰু ছাগাইঙৰ বহু মছজিদ ধ্বংস হয়। আটাইতকৈ বেছি ক্ষতিসাধন হৈছে মাণ্ডেলেত, য’ত ৫০ টাতকৈও অধিক মছজিদ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ১০০ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। অৱশ্যে চৰকাৰী তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বাৰ্মা হিউমেন ৰাইটছ নেটৱৰ্কৰ মাউং লা নায়ে কয় যে ছাগাইঙত সাহায্যৰ কামত নিয়োজিত বহু যুৱক-যুৱতীয়েও প্ৰাণ হেৰুয়ায়। বৰ্তমানো এই স্থানত চলি আছে উদ্ধাৰ অভিযান।
জানিব পৰা মতে, এই ভূমিকম্পৰ ফলত বৰ্তমান পৰ্যন্ত ম্যানমাৰত ১৬০০ তকৈ অধিকলোকে প্ৰাণ হেৰুৱাইছে। ম্যনমাৰৰ এই বেয়া সময়ত সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। চুবুৰীয়া ৰাষ্ট্ৰখনৰ সহায়ৰ বাবে ভাৰতে আৰম্ভ কৰিছে অপাৰেশ্যন ব্ৰহ্মা। অপাৰেশ্যন ব্ৰহ্মা সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে ইয়াৰ বিষয়ে সবিশেষ জনায়। তেওঁ কয় যে ভাৰতে ম্যানমাৰক সহায়ৰ বাবে চলোৱা অভিযানৰ নাম ভগৱান ব্ৰহ্মাৰ নামেৰে ৰাখিছে। আচলতে ভগৱান ব্ৰহ্মই হৈছে সৃষ্টিৰ ঈশ্বৰ। আমি ম্যানমাৰৰ চৰকাৰ আৰু জনসাধাৰণৰ ধ্বংসলীলাৰ পিছত পুনৰ নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়াইছো। সেয়েহে এই অপাৰেচনৰ মিছন ব্ৰহ্মা নামৰ এক বিশেষ অৰ্থ আছে।
তেওঁ কয় যে, ইয়াৰ অধীনত ভাৰতে শনিবাৰে (২৯ মাৰ্চ, ২০২৫) পুৱা প্ৰায় ৩ বজাত বায়ুসেনাৰ হিন্দন বিমানঘাটিৰ পৰা ১৫ টন সাহায্য সামগ্ৰীসহ প্ৰথমখন বিমান প্ৰেৰণ কৰে। পুৱা আঠ বজাত ই ইয়াংগনত উপস্থিত হয়। পৰৱৰ্তী সময়ত তাত উপস্থিত থকা ভাৰতীয় ৰাষ্ট্ৰদূতে ইয়াংগনৰ মুখ্যমন্ত্ৰীৰ হাতত এই সাহাৰ্য সামগ্ৰী গতাই দিয়ে। ইয়াৰ পাছত ভাৰতে আৰু দুখন বিমান সেনা, উদ্ধাৰ সামগ্ৰী আদিৰ সহায়ত ম্যানমাৰলৈ প্ৰেৰণ কৰে।