শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৭.১ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল দেশ, ছুনামিৰ সতৰ্কবাণী জাৰি…

ম্য়ানমাৰৰ ভূমিকম্পৰ চাঞ্চল্য মাৰ নৌযাওতেই ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় টোংগাক। ইয়াৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষই ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে।

৭.১ প্ৰাৱল্যৰ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল দেশ,  ছুনামিৰ সতৰ্কবাণী জাৰি…
ভূমিকম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Mar 2025 20:29 PM

ম্যানমাৰ আৰু থাইলেণ্ডত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পৰ চাঞ্চল্য এই পৰ্যন্ত মাৰ যোৱা নাই। বৰ্তমান সময়তো ম্যানমাৰত চলি আছে উদ্ধাৰ অভিযান। ইয়াৰ পাছতে আজি টোংগাত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। টোংগাৰৰ ওচৰত হোৱা ৭.১ প্ৰাৱল্যৰ ভূমিকম্পৰ পাছতেই এতিয়া প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰখনত ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, স্থানীয় সময় অনুসৰি পুৱা মূল দ্বীপটোৰ প্ৰায় ১০০ কিলোমিটাৰ (৬২ মাইল) উত্তৰ-পূবত এই ভূমিকম্পৰ সৃষ্টি হয়।

প্ৰশান্ত মহাসাগৰীয় ছুনামি সতৰ্কবাণী কেন্দ্ৰই সকীয়াই দিছে যে ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ (১৮৫ মাইল) ভিতৰৰ ভয়ংকৰ ঢৌৰ সৃষ্টি হ’ব পাৰে। এক কথাত, ছুনামি অহাৰ সম্ভাৱনা আছে।  অৱশ্যে এতিয়ালৈকে কোনো ক্ষতি ক্ষতিৰ তথ্য আহি পৰা নাই।

উল্লেখ্য যে , টোংগা পলিনেছিয়াত অৱস্থিত এখন দেশ। এই দেশখন ১৭১ টা দ্বীপেৰে গঠিত,য’ত ১ লাখতকৈ অধিক জনসংখ্যা থাকে। ইয়াৰে অধিকাংশই মূল দ্বীপ টোংগা টাপুক বাস কৰে। এই দেশ অষ্ট্ৰেলিয়াৰ পূৱ উপকূলৰ পৰা ৩৫০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত অৱস্থিত। মন কৰিবলগীয়া যে, এই অঞ্চলটোত শেহতীয়াকৈ ধাৰাবাহিকভাৱে কেইবাটাও ভূমিকম্পীয় কাৰ্যকলাপ সংঘটিত হৈছে। এনে স্থলত এতিয়া সংঘটিত এই ভয়ংকৰ ভূঁইকপে প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত চলি থকা ভূতাত্ত্বিক অস্থিৰতাৰ ইংগিত প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ম্যানমাৰ আৰু থাইলেণ্ডত ভয়ংকৰ ভূমিকম্প সংঘটিত হয়। যাৰ ফলত ম্যানমাৰত বৰ্তমান পৰ্যন্ত ১৭০০ লোকৰ মৃত্যু হোৱাৰ লগতে ৩,৪০০ ৰো অধিক লোক আহত হৈছে।  এতিয়াও এই অঞ্চলত চলি আছে উদ্ধাৰ অভিযান। উল্লেখ কৰা প্ৰয়োজন যে, ম্যানমাৰক সহায় কৰিবৰ বাবে ভাৰতে আৰম্ভ কৰিছে অপাৰেশ্যন ব্ৰহ্মা। এই অভিযানৰ অধীনত ভাৰতে ম্যানমাৰলৈ সাহাৰ্য সামগ্ৰীৰ লগতে সেনা, উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আদি প্ৰেৰণ কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ নামাজৰ সময়ত ভয়ংকৰ ভূমিকম্প!মছজিদৰ তলত শ শ মৃতদেহ, বৰ্তমান পৰ্যন্ত ১,৬০০ জনৰ মৃত্যু…