শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চুবুৰীয়া দেশত ৭.৭ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প! তীব্ৰ জোঁকাৰণিত খহি পৰিল প্ৰকাণ্ড অট্টালিকা

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৭.৭। বিশেষজ্ঞসকলে জনোৱা মতে, দুয়োখন দেশতে প্ৰবল ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছে। তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ।

চুবুৰীয়া দেশত ৭.৭ প্ৰাবল্যৰ প্ৰচণ্ড ভূমিকম্প! তীব্ৰ জোঁকাৰণিত খহি পৰিল প্ৰকাণ্ড অট্টালিকা
ভূমিকম্প
trishna-kalita
Trishna Kalita | Updated On: 28 Mar 2025 13:13 PM

ম্যানমাৰ আৰু থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল ভূমিকম্প। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৭.৭। বিশেষজ্ঞসকলে জনোৱা মতে, দুয়োখন দেশতে প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ। ভূমিকম্পৰ ফলত দুয়োখন দেশৰ কিমান ক্ষয়-ক্ষতি হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল বেংকক আৰু ম্যানমাৰ চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত চিঞৰ-বাখৰ কৰি ৰাজপথত দৌৰা দেখা গৈছে সকলোকে।

বেংককত অট্টালিকা ভাঙি পৰাৰ খবৰ

ভূমিকম্পৰ ফলত বেংককত এটা আকাশচুম্বী অট্টালিকা খহি পৰাৰ খবৰ লাভ কৰা হৈছে। প্ৰতিবেদন অনুসৰি নিৰ্মাণৰত অট্টালিকাটোৱে ভূমিকম্পৰ তীব্ৰ জোকাৰণি সহ্য কৰিব নোৱাৰিলে। একেদৰে ভূমিকম্পৰ পিছত আৰু বহু ভিডিঅ’ ভাইৰেল হৈ আছে। য’ত দেখা গৈছে ভূমিকম্পৰ পিছৰ আতংক।

ভূতত্ত্ববিদসকলৰ মতে,  এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰৰ দক্ষিণ উপকূলৰ ছাগাইঙৰ সমীপত। ভূতাত্ত্বিক জৰীপ আৰু জাৰ্মানীৰ জি এফ জেড জিঅ’লজি চেণ্টাৰে জনোৱা মতে, দুপৰীয়াৰ ভাগত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ ১০ কিলোমিটাৰ (৬.২ মাইল) গভীৰতাত। এই কাৰণেই প্ৰবল ভূমিকম্পৰ জোঁকাৰণি অনুভৱ কৰা হৈছে। কোৱা হৈছে যে ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ২ ঘণ্টাৰ আগতে দুয়োখন দেশতে এটা সৰু কম্পন অনুভৱ কৰা হৈছিল।

ভূমিকম্পৰ বাবে থাইলেণ্ড আৰু ম্যানমাৰৰ পুখুৰীৰ পৰা পানী বৈ আহিবলৈ আৰম্ভ কৰিছিল। কোৱা হৈছে যে, এই ভূমিকম্পত বহু অট্টালিকা ধ্বংস হৈছে। স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, ভূমিকম্পৰ পিছত অট্টালিকাসমূহত এলাৰ্ম বাজি উঠে আৰু আতংকিত বাসিন্দাসকলে ঘন জনবসতিপূৰ্ণ মধ্য বেংককৰ উচ্চ কনডোমিনিয়াম আৰু হোটেলৰ চিৰিৰে নামিবলৈ বাধ্য হয়। ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিবলৈ মানুহক ৰাজপথত থাকিবলৈ কোৱা হৈছিল।

উল্লেখ্য যে, ৬ দিনৰ পিছত থাইলেণ্ডত BIMSTECৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে থাইলেণ্ডলৈ যাব বিমষ্টেকৰ সদস্যসকল। ৩ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ থাইলেণ্ডত বিমষ্টেক শীৰ্ষ সন্মিলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব এই বৈঠকত।