শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাই কোনো যুদ্ধ অথবা মহামাৰীঃ বাংলাদেশত মাত্ৰ ১০ দিনত কিদৰে মৃত্যু হ’ল ২৫৫ জন লোকৰ!

গৃহযুদ্ধই সৃষ্টি কৰা বিভীষিকাৰ পিছত এতিয়া শান্ত হৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। দেশখনত এতিয়া সৃষ্টি হোৱা নাই কোনো যুদ্ধ, লগতে হোৱা নাই কোনো প্ৰাকৃতিক দুৰ্যোগ অথবা মহামাৰী। কিন্তু বাংলাদেশত যোৱা মাত্ৰ ১০ দিনৰ ভিতৰতে দুই শতাধিক লোকৰ মৃত্যুৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম।

নাই কোনো যুদ্ধ অথবা মহামাৰীঃ বাংলাদেশত মাত্ৰ ১০ দিনত কিদৰে মৃত্যু হ’ল ২৫৫ জন লোকৰ!
কি হৈছে বাংলাদেশত!
monjit-dutta
Monjit Dutta | Published: 07 Apr 2025 20:37 PM

গৃহযুদ্ধই সৃষ্টি কৰা বিভীষিকাৰ পিছত এতিয়া শান্ত হৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। মহম্মদ ইউনুছ নেতৃত্বত অন্তৱৰ্তী চৰকাৰ গঠনৰ পিছত ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু দেশখনত যোৱা মাত্ৰ ১০ দিনৰ ভিতৰতে দুই শতাধিক লোকৰ মৃত্যুৰ খবৰে দখল কৰিছে সংবাদ শিৰোনাম। লক্ষণীয়ভাৱে বাংলাদেশত এতিয়া সৃষ্টি হোৱা নাই কোনো যুদ্ধ, লগতে হোৱা নাই কোনো প্ৰাকৃতিক দুৰ্যোগ অথবা মহামাৰী। তাৰ পিছতো মাত্ৰ দহ দিনৰ ভিতৰতে দেশখনত কিদৰে মৃত্যু ঘটিল ২৫৫ জন লোকৰ!

বিশ্বজুৰি মুছলমান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰা ঈদ উৎসৱৰ সময়তে এনে মৃত্যুলীলা চলিল দেশখনত। বাংলাদেশ চৰকাৰে এই মৃত্যুক অসাধাৰণ বুলি অভিহিত কৰি ভৱিষ্যতে এনে মৃত্যু ৰোধ কৰাৰ পৰিকল্পনাত কাম কৰিব বুলি কৈছে। বাংলাদেশৰ সংবাদ পত্ৰ প্রথম ওলোত প্ৰকাশিত খবৰ অনুসৰি, ঈদ উদযাপন কৰিবলৈ নিজ গৃ্হলৈ যোৱাটোৱেই এই ২৫৫ জন লোকৰ বাবে মৃত্যুৰ কাৰণ হৈ পৰে।

এই আটাইকেইজন লোকৰ মৃত্যু হৈছে পথ আৰু ৰেল দুৰ্ঘটনাত। এই সময়ছোৱাত বাংলাদেশত পথ দুৰ্ঘটনাত প্ৰতিদিনে প্ৰায় ২৩জন লোকৰ মৃত্যু হৈছে বুলি খবৰ প্ৰকাশ পাইছে। ৰে’ল আৰু পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা সৰ্বমুঠ  প্ৰায় ২৫৫ জন বুলি কোৱা হৈছে। এইবাৰ বাংলাদেশত ঈদ উপলক্ষে ৯ দিনীয়া ছুটী দিয়া হৈছিল। এই বন্ধৰ সময়তে দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছে বৃহৎসংখ্যক লোকৰ।

ৰোড ছেফটি ফাউণ্ডেশ্যনৰ তথ্য অনুসৰি বাংলাদেশত ২৬ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈকে ২৫৭টা পথ দুৰ্ঘটনা হৈছে। এই দুৰ্ঘটনাসমূহত ২৪৯ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ২০০০ৰো অধিক লোক। ইয়াৰ ভিতৰত মূলতঃ মটৰ চাইকেল আৰু গাড়ী দুৰ্ঘটনাই প্ৰধান বুলি তথ্যত প্ৰকাশ। লক্ষণীয়ভাৱে বিগত বৰ্ষত ঈদৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৩০০ৰো অধিক। যোৱা বছৰ ঈদ উপলক্ষে দেশখনত ১৫ দিনৰ ছুটী দিয়া হৈছিল।

দেশখনত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ অধিকাংশই ঈদ উপলক্ষে হোৱা দেখা গৈছিল। বন্ধৰ সময়ত নিজ গৃহলৈ উভতাৰ সময়ত ৰে’লৰ ওপৰৰ পৰা পৰি প্ৰায় ডেৰ ডজন লোকৰো মৃত্যু হৈছে। দেশৰ প্ৰশাসনিক গাফিলতিৰ বাবেই এই লোকসকলৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। তাৰ মাজতো চৰকাৰে মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে বুলিহে উল্লেখ কৰে।

বাংলাদেশ চৰকাৰৰ তথ্য অনুসৰি এই সময়ছোৱাত দেশখনৰ মৌলবীবজাৰ, কিশোৰগঞ্জ, ব্ৰাহ্মণবৰীয়া, চট্টগ্ৰাম, নৰচিংডি, টাংগেল, ফৰিদপুৰ আৰু চান্দপুৰ জিলাত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে। যিকোনো উৎসৱ বা কোনো অনুষ্ঠানৰ সময়ত এই জিলাকেইখনৰ ওপৰত বিশেষ দৃষ্টি ৰখা হয় বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।