শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ যুদ্ধৰ বিভীষিকা! গাজাত বিমান আক্ৰমণ ইজৰাইলৰ, সাংবাদিকসহ ৮ জন নিহত

সম্প্ৰতি কাটাৰত হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি বৃদ্ধিৰ বাবে অব্যাহত আছে আলোচনা। পিছে যুদ্ধবিৰতি সন্দৰ্ভত এই আলোচনা চলি থকাৰ সময়তে আজি ইজৰাইলে গাজা ষ্ট্ৰিপত পুনৰবাৰ বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ৮ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

পুনৰ যুদ্ধৰ বিভীষিকা! গাজাত বিমান আক্ৰমণ ইজৰাইলৰ, সাংবাদিকসহ ৮ জন নিহত
পুনৰ গাজাত আক্ৰমণ ইজৰাইলৰ
monjit-dutta
Monjit Dutta | Published: 15 Mar 2025 22:06 PM

ভয়াৱহ ধ্বংসলীলাৰ অন্তত শেহতীয়াকৈ অন্ত পৰিছিল ইজৰাইল আৰু হামাছ যুদ্ধৰ। প্ৰথমে ইজৰাইলত হামাছৰ আক্ৰমণ আৰু তাৰ পিছতে হামাছ ধ্বংসৰ লক্ষ্যৰে গাজাত ইজৰাইলে চলোৱা ধাৰাবাহিক আক্ৰমণে প্ৰাণ কাঢ়ি নিলে কেইবা সহস্ৰ লোকৰ। অলেখ লোকে হেৰুৱালে আশ্ৰয়। যুদ্ধৰ দাবানলে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিলে গাজা ষ্ট্ৰিপক। এই ধ্বংসলীলাৰ অৱসান ঘটাই শেহতীয়াকৈ দুয়োপক্ষই যুদ্ধবিৰতিত সন্মতি জনাইছিল। সম্প্ৰতি কাটাৰত হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি বৃদ্ধিৰ বাবে অব্যাহত আছে আলোচনা।

পিছে যুদ্ধবিৰতি সন্দৰ্ভত এই আলোচনা চলি থকাৰ সময়তে আজি ইজৰাইলে গাজা ষ্ট্ৰিপত পুনৰবাৰ বিমান আক্ৰমণ চলায়। এই আক্ৰমণত ৮ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত লোকসকলৰ ভিতৰত এগৰাকী স্থানীয় সাংবাদিকো আছে বুলি জানিব পৰা গৈছে। পেলেষ্টাইনৰ এগৰাকী চিকিৎসকে প্ৰকাশ কৰিছে ইজৰাইলৰ এই শেহতীয়া বিমান আক্ৰমণৰ তথ্য।

তথ্য অনুসৰি, বেইট লাহিয়া চহৰৰ একেটা অঞ্চলতে দুটাকৈ বিমান আক্ৰমণ চলায় ইজৰাইলে আৰু আক্ৰমণত ৮ জনৰ থিতাতে মৃত্যু হয়। উত্তৰ গাজাৰ জৰুৰীকালীন সেৱাৰ মুৰব্বী ফাৰেছ আৱাদে জানিবলৈ দিয়া মতে, নিহত লোকসকলৰ ভিতৰত এগৰাকীক মাহমুদ ইছলাম নামৰ স্থানীয় সাংবাদিক বুলি চিনাক্ত কৰা হৈছে। আক্ৰমণৰ সময়ত সাংবাদিকজনে সেইস্থানত ড্ৰ’ন উৰোৱাই আছিল বুলি জানিব পৰা গৈছে।

হামাছ আৰু ইজৰাইলৰ মাজত অস্থায়ী যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পিছৰে পৰা আলোচনাপন্থীসকলে যুদ্ধবিৰতিৰ সীমা বৃদ্ধিৰ বাবে অধিক আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তথ্য অনুসৰি, আমেৰিকাই প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি এপ্ৰিল মাহলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। এই চুক্তি অনুসৰি হামাছৰ পণবন্দী আৰু ইজৰাইলৰ কাৰাগাৰত বন্দী পেলেষ্টাইনীসকলক মুকলি কৰা হ’ব।

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো এটা পক্ষ একমত হোৱা নাই। ইফালে আজি হামাছে ইজৰাইলে যুদ্ধবিৰতি চুক্তি ৰূপায়ণ কৰিলেহে আমেৰিকান-ইজৰাইলৰ পণবন্দীক মুকলি কৰি দিব বুলি উল্লেখ কৰিছে। হামাছৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে চুক্তি কাৰ্যকৰী হোৱাৰ পিছতহে পণবন্দী চাৰিজনৰ মৃতদেহ গতাই দিয়া হ’ব আৰু এজন আমেৰিকান-ইজৰাইল পণবন্দীক মুকলি কৰি দিয়া হ’ব।

ইয়াৰ লগতে বিষয়াগৰাকীয়ে ইজৰাইলে মানৱীয় সাহায্যক বাধা দিয়া কাৰ্য বন্ধ কৰিব লাগিব আৰু ইজিপ্তৰ সৈতে গাজা সীমান্তত অৱস্থিত কৌশলগত কৰিডৰৰ পৰাও আঁতৰি আহিব লাগিব বুলি চৰ্ত দিয়ে। পণবন্দীসকলৰ বিনিময়ত হামাছে আৰু অধিক পেলেষ্টাইনী বন্দীক মুক্তিৰ দাবীও কৰিব বুলিও কয় বিষয়াগৰাকীয়ে।