কাপোৰ খুলি বিশ্ববিদ্যালয়ৰ বাহিৰত প্ৰতিবাদ ছাত্ৰীৰঃ কিয় ল’লে এই পন্থা
মহিলাৰ সাজ-পোছাক সন্দৰ্ভত প্ৰণয়ন কৰা কঠোৰ আইনৰ বিপক্ষে এগৰাকী ছাত্ৰীয়ে অভিনৱ পন্থাৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। বিশ্ববিদ্যালয়ৰ বাহিৰত বহি দেহৰ কাপোৰ খুলি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰীগৰাকীয়ে। ইৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।
মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ বতাহ। ইজৰাইল-হামাছৰ মাজত আৰম্ভ হোৱা এই যুদ্ধত জড়িত হৈ পৰিছে ইৰানো। বহিঃদেশৰ সৈতে যুদ্ধৰ সমান্তৰালকৈ ইৰানত চলি আছে এক আভ্যন্তৰীণ যুঁজ। এই যুঁজ চলাইছে ইৰানৰ প্ৰগতিশীন মহিলাসকলে। ইৰানত মহিলাসকলৰ সাজ-পোছাক সন্দৰ্ভত প্ৰণয়ন কৰা হৈছে এক কঠোৰ আইন। এই আইনৰ জৰিয়তে মহিলাসকলে কেনে পোছাক পৰিধান কৰিব পাৰিব তাৰ এক কঠোৰ নিৰ্দেশনা দিয়া হৈছে। সেই অনুসৰি ইৰানী মহিলাসকলে হিজাব আৰু ঢিলা কাপোৰ পৰিধান কৰিব লাগে। এই আইনক কেন্দ্ৰ কৰি ইৰানত চলি আহিছে প্ৰতিবাদ।
এনে প্ৰতিবাদৰ অংশ হিচাপে দেশখনৰ এগৰাকী ছাত্ৰীয়ে অভিনৱ পন্থা গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজহুৱা স্থানত কাপোৰ খুলি প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰীগৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে তেহৰাণ আজাদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড ৰিচাৰ্চৰ বাহিৰত। বিদেশী সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে ছাত্ৰীগৰাকীয়ে পৰিধান কৰা কাপোৰত আপত্তি প্ৰকাশ কৰি তেওঁক হাৰাশাস্তি কৰে আৰু কাপোৰ ফালি পেলায়।
ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। একে সময়তে আন এক সংবাদ মাধ্যমৰ বাতৰিত মহিলাগৰাকীয়ে ড্ৰেছ কোড অনুসৰি পোছাক পৰিধান কৰা নাছিল আৰু এনে কাৰণত নিৰাপত্তা কৰ্মীয়ে তেওঁক সকীয়নি প্ৰদান কৰিছিল। নিৰাপত্তা কৰ্মীৰ এনে পদক্ষেপৰ বিপক্ষে মহিলাগৰাকীয়ে বিশ্ববিদ্যালয়ৰ বাহিৰত বহি কাপোৰ খুলি প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰীগৰাকীৰ এই প্ৰতিবাদৰ পিছতে ইৰানৰ বিষয়াসকলে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ সময়ত মাৰপিট কৰা হৈছিল বুলিও অভিযোগ উত্থাপন কৰা হৈছে। ইফালে ইৰানৰ ৰক্ষণশীল ফাৰ্চ নিউজ এজেন্সীৰ মতে, ছাত্ৰীগৰাকীয়ে শ্ৰেণীত নীতিবিৰুদ্ধ কাপোৰ পিন্ধিছিল আৰু নিৰাপত্তাৰক্ষীয়ে তেওঁক ড্ৰেছ কোড মানি চলিবলৈ সকীয়াই দিছিল। ইয়াৰ পিছত ছাত্ৰীগৰাকীয়ে কাপোৰ খুলি প্ৰতিবাদত বহি পৰে।
উল্লেখ্য যে মহিলাসকলৰ এই কঠোৰ পোছাক আইনৰ বিৰুদ্ধে গত ২০২২ চনত এক প্ৰবল প্ৰতিবাদ গঢ়ি উঠিছিল। ইৰানত কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত হিজাব সম্পূৰ্ণকৈ পৰিধান নকৰাৰ বাবেই ম’ৰেল পুলিচৰ হাতত মৃত্যু ঘটিছিল মাহছা আমিনী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীৰ। আমিনীৰ মৃত্যুক কেন্দ্ৰ কৰি ইৰানত হিজাব বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল।
ইৰানৰ স্কুলীয়া ছাত্ৰীসহ হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি হিজাব খুলি দিয়াৰ লগতে জ্বলাই দিছিল। এই আন্দোলন দমনৰ নামত কঠোৰ হৈ পৰিছিল ইৰানৰ নিৰাপত্তা বাহিনী। প্ৰতিবাদ দমনৰ নামত নিৰাপত্তা বাহিনীৰ কঠোৰ পদক্ষেপৰ ফলত ৫৫০ জনতকৈও অধিক প্ৰতিবাদকাৰী নিহত হৈছিল। ইৰানী মহিলাসকলৰ এই প্ৰতিবাদলৈ বিশ্বৰ কেইবাখনো দেশৰ মহিলাই সমৰ্থন প্ৰকাশ কৰি প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰিছিল।