পাঠদানৰ মাজতেই বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা, বৰ্তমান পৰ্যন্ত মৃত্যু ২জন. আহত ৫ জনৰ…
এক ভয়ংকৰ ঘটনা। বিশ্ববিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত বৰ্তমান পৰ্যন্ত ২ জন লোকৰ মৃ্ত্যু হোৱাৰ লগতে ৫ জন আহত হৈছে।

ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটিত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত বৰ্তমান সময়লৈকে ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। পোহৰলৈ অহা তথ্য অনুসৰি, অন্য দিনাৰ দৰে কালিও বিশ্ববিদ্যালয়খনত সকলো ঠিকেই চলি আছিল। কিন্তু হঠাতে ষ্টুডেন্ট ইউনিয়ন বিল্ডিঙত গুলীৰ শব্দ শুনা যায় আৰু লগে লগে সকলোফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়ে। এই ঘটনাৰ বাবে সকলো শ্ৰেণী আৰু বিশ্ববিদ্যালয় সম্পৰ্কীয় সকলো কাৰ্যসূচী বাতিল কৰে। আৰক্ষীয়ে জনাই যে, দুপৰীয়া ১২ মান বজাত তেওঁলোকে গুলীচালনাৰ খবৰ লাভ কৰিছিল। ইয়াৰ আধা ঘন্টাৰ বিশ্ববিদ্যালয় প্ৰশাসনে শ্বেলটাৰ ইন প্লেচ এলাৰ্ট জাৰি কৰে। সমান্তৰালভাৱে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰে।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ফিনিক্স ইকনেৰ নামৰ এজন যুৱকক আটক কৰিছে। ফ্ল’ৰিডা ষ্টেট ইউনিভাৰ্চিটি (এফ এছ ইউ)ৰ গোচৰত শ্বুটাৰ হিচাপে চিনাক্ত হৈছে ফিনিক্স ইকনেৰ। যুৱকজনৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি ইকনেৰ লিঅ’ন কাউন্টি শ্বেৰিফৰ ডেপুটিৰ পুত্ৰ আৰু লিঅ’ন কাউন্টি শ্বেৰিফৰ কাৰ্যালয় (এল চি এছ অ’) যুৱ পৰামৰ্শদাতা পৰিষদৰ সদস্য। আৰক্ষীয়ে জনাই যে এই ঘটনাত যুৱকজনে মাতৃৰ বন্দুক ব্যৱহাৰ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে বন্দুকটো উদ্ধাৰ কৰিছে।
এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে যে এজন যুৱকে গুলী অবিৰতভাৱে গুলীচালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰিছে। এইগৰাকী মহিলাৰ মোবাইলত বন্দী হোৱা ভিডিঅ’টো টুইটাৰত বিভিন্নজনে শ্বেয়াৰ কৰিছে।
The woman who was walked by and filmed by an individual who was sipping a Starbucks latte during a sh**ting at Florida State University appears to be alive.
Thank goodness.
Footage is going viral of a person sipping coffee as they filmed a victim of the FSU sh**ting.
According… pic.twitter.com/BwLr9HUG7S
— Collin Rugg (@CollinRugg) April 17, 2025
অভিযুক্ত কোন
ফিনিক্স ইকনেৰ এজন সক্ৰিয় এফ এছ ইউৰ ছাত্ৰ। লিঅ’ন কাউন্টিৰ শ্বেৰিফ ৱাল্ট মেকনিলে নিশ্চিত কৰে যে তেওঁৰ হাতত মাতৃৰ অস্ত্ৰ আছিল আৰু সেই অস্ত্ৰৰে এই আক্ৰমণ সংঘটিত কৰিছিল। একাংশৰ মতে ৰাইফলৰ দৰে বন্দুকো তেওঁ ব্যৱহাৰ কৰিছিল। অৱশ্যে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে।
ইয়াৰোপৰি এই ঘটনা কি কাৰণে সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু ইয়াৰ পাছতে বিদ্যালয়খনৰ প্ৰশাসন আৰু সুৰক্ষাৰ ওপৰত বহু প্ৰশ্নৰ উত্থাপন হৈছে। গতিকে এই সকলো তথ্য আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব।