১৫ মাহ অন্তত শান্তিৰ উশাহ ল’ব গাজাই! হামাছ-ইজৰাইলৰ যুদ্ধ বিৰতি ঘোষণা…
Gaza ceasefire: প্ৰায় ১৫ মাহ অন্তত শান্তিৰে উশাহ ল'ব গাজাই। শীঘ্ৰেই ইজৰাইল আৰু হামাছে কাৰ্যকৰী কৰিব যুদ্ধ বিৰতি চুক্তি। ২০২৩ চনৰ অক্টোবৰৰ পৰা চলি থকা এই যুদ্ধত বৰ্তমান পৰ্যন্ত ৪৫,০০০ ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে।
হাজাৰ হাজাৰলোকৰ মৃত্যু, লাখ লাখলোক গৃহহীন হোৱাৰ অন্তত গাজালৈ ঘূৰি আহিছে শান্তি। প্ৰায় ১৫ মাহ অন্তত শান্তিৰ উশাহ ল’ব গাজাই। কাটাৰৰ ৰাজধানী দোহাত মধ্যস্থতাকাৰীয়ে ঘোষণা কৰে যে ইজৰাইল আৰু হামাছে ১৫ মাহৰ যুদ্ধৰ অন্তত যুদ্ধবিৰতি চুক্তি স্বীকাৰ কৰিছে। কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ আল থানীয়ে কয় যে,যুদ্ধ বিৰতি চুক্তি দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব, বৰ্তমান ইয়াৰ ওপৰত ইজৰাইল আৰু হামাছে কাম কৰি আছে।
যুদ্ধ বিৰতি সন্দৰ্ভত ইজৰাইলে কৈছে যে, যুদ্ধ বিৰতিৰ বাবে কিছু কাম এতিয়াও বাকী আছে। জানিব পৰা মতে আজি এই সন্দৰ্ভত ইজৰাইলৰ সাংসদত ভোটদান হোৱাৰ সম্ভাৱনা আছে। এই যুদ্ধ বিৰতি ৩ টা ভাগত বিভক্ত কৰা হৈছে আৰু প্ৰথম পৰ্যায়ৰ কিছু অংশ বৰ্তমান সময়ত ৰাজহুৱা কৰা হৈছে।
কেনেকৈ হ’ব যুদ্ধ বিৰতি
ইজৰাইল আৰু হামাছৰ যুদ্ধ বিৰতি ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। যুদ্ধ বিৰতিৰ প্ৰথম ৬ সপ্তাহত ইজৰাইলী সেনাই ক্ৰমে মধ্য গাজাৰ পৰা আঁতৰি আহিব আৰু স্থানচ্যুত পেলেষ্টাইনীসকল উত্তৰ গাজাৰ নিজ বাসস্থানলৈ উভতিব। উল্লেখ কৰা প্ৰয়োজন যে, এই যুদ্ধৰ ফলত শ শ অট্টালিকা, ঘৰ ধ্বংস হৈ গৈছে যি এতিয়া বাস কৰাৰ বাবে উপযোগী হৈ থকা নাই।
চুক্তি অনুসৰি যুদ্ধবিৰতিৰ সময়ত মানৱীয় সাহাৰ্য কঢ়িয়াই অনা ৬০০ খন ট্ৰাক প্ৰতিদিনে গাজাত প্ৰৱেশ কৰাৰ বাবে ইজৰাইলে অনুমতি দিব। ইয়াৰে ৫০খন ট্ৰাকে ইন্ধন কঢ়িয়াই নিয়াৰ লগতে ৩০০ খন ট্ৰাক উত্তৰ গাজাত প্ৰেৰণ কৰা হ’ব। ইয়াৰ বিপৰীতে হামাছে মহিলা, শিশুৰ লগতে ৫০ বছৰৰ ওপৰৰ ৩৩ জন ইজৰাইলীক মুকলি কৰি দিব।
ইজৰাইলে প্ৰতি এগৰাকী পণবন্দীৰ বিপৰীতে ৩০গৰাকী পেলেষ্টাইনীক মুকলি কৰি দিব। ইয়াৰ লগতে প্ৰতিগৰাকী ইজৰাইলী মহিলা সৈনিকৰ বিপৰীতে ৫০ জন পেলেষ্টাইনীক মুকলি কৰি দিব। ইজৰাইলে মহিলা আৰু ১৯ বছৰৰ তলৰ শিশুসকলক মুকলি কৰি দিব। চুক্তিখনত সিদ্ধান্ত লোৱা হৈছে যে প্ৰথমে জীৱিত পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব, তাৰ পিছত মৃত পণবন্দীসকলৰ মৃতদেহ ঘূৰাই দিয়া হ’ব।
উল্লেখ কৰা প্ৰয়োজন যে, এই চুক্তি ৰূপায়নৰ ক্ষেত্ৰত কাটাৰ, ইজিপ্ত আৰু আমেৰিকাই নিশ্চিয়তা প্ৰদান কৰিছে। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতিৰ ১৬ দিন পাছত দ্বিতীয় পৰ্যায়ৰ চুক্তিৰ আলোচনা হ’ব। দ্বিতীয় পৰ্যায়ত পুৰুষসকলক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।দ্বিতীয় পৰ্যায়ৰ পাছত তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ হ’ব।
ভাৰতে জনালে স্বাগতম
ইজৰাইল আৰু হামাছৰ যুদ্ধ বিৰতি স্বাগতম জনাইছে ভাৰতে। কিয়নো ভাৰতে প্ৰথমৰ পৰাই যুদ্ধ বিৰতিৰ আহ্বান জনাই আছিল।ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এটা পোষ্ট পোষ্ট কৰি যুদ্ধবিৰতি সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিটোত বিদেশ মন্ত্ৰালয়ে কৈছে যে, গাজাৰ যুদ্ধবিৰতি যুক্তিক আমি আদৰণি জনাইছো। আমি আশা কৰো, ইয়াৰ দ্বাৰা গাজাৰ জনসাধাৰণলৈ মানৱীয় সাহাৰ্য যোগান অব্যাহত থাকিব।আমি ধাৰাবাহিকভাৱে সকলো পণবন্দীক মুক্তি, যুদ্ধবিৰতি আৰু আলোচনা আৰু কূটনীতিৰ পথলৈ ঘূৰি অহাৰ আহ্বান জনাই আহিছো।
উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। পৰৱৰ্তী সময়ত ইজৰাইলেও আক্ৰমণ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা অবিৰতভাৱে এই যুদ্ধ চলি আছে। এই যুদ্ধত এতিয়ালৈকে ৪৬ হাজাৰৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে। ইয়াৰোপৰি হামাছে বহু ইজৰাইলীক পনবন্দী কৰি ৰখাৰ লগতে ইজৰাইলেও বন্দী কৰি ৰাখিছে বহু পেলেষ্টাইনীক।
এই যুদ্ধৰ ফলত সবাতোকৈ বেছি ক্ষতি হৈছে গাজাৰ। বৰ্তমান সময়ত গাজাত প্ৰচণ্ড শীত পৰিছে। তেনেস্থলত গাজাবাসীৰ ওচৰত নাই থকা ঠাই, পৰ্যাপ্ত খাদ্য বা কাপোৰ। যুদ্ধবিৰতিৰ এই খবৰে এতিয়া গাজাবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। তেওঁলোকৰ আশা, অতি সোনকালেই তেওঁলোক ঘূৰি যাব পাৰিব নিজ ঘৰলৈ…
অন্য খবৰ পঢ়কঃ গাজাত এতিয়া মৃতদেহৰ দ’ম! শীতৰ প্ৰকোপ, ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ…