১৫ মাহ অন্তত যুদ্ধবিৰতিঃ ইজৰাইলে মুকলি কৰি দিলে ৯০ পেলেষ্টাইনীক…
Gaza-israel Ceasefire: প্ৰায় ১৫ মাহৰ অন্তত বহু পনবন্দী উভতিল ঘৰলৈ। ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধ বিৰতি চুক্তিৰ পাছতেই ইজৰাইলে ৯০ গৰাকী পেলেষ্টাইনীক মুকলি কৰি দিয়াৰ বিপৰীতে হামাছে ৩ ইজৰাইলীক মুকলি কৰে।
প্ৰায় ১৫ মাহ ধৰি চলা যুদ্ধৰ অন্তত হামাছ আৰু ইজৰাইলৰ মাজত কাৰ্যকৰী হ’ল যুদ্ধ বিৰতি চুক্তি। প্ৰথম অৱস্থাত চুক্তি অনুসৰি, হামাছে মুকলি কৰি দিয়ে ৩ গৰাকীকৈ ইজৰাইলী পনবন্দীক। এই ৩ মহিলা ঘৰলৈ উভতাৰ কিছু সময় পাছতেই সোমবাৰে ইজৰাইলে মুকলি কৰি দিয়ে ৯০ গৰাকী পেলেষ্টাইনী বন্দীক।পশ্চিম পাৰৰ ৰামাল্লাহ চহৰৰ বাহিৰত থকা ইজৰাইলৰ অফেৰ কাৰাগাৰৰ পৰা বন্দীসকলক এখন বগা বাছেৰে কঢ়িয়াই লৈ যায়। তথ্য অনুসৰি ইজৰাইলে মুকলি কৰি দিয়া আটাইকেইগৰাকী বন্দী আছিল নাবালিক আৰু মহিলা।
হামাছে মুকলি কৰি দিলে ৩ বন্দীক
ইজৰাইল- গাজাৰ যুদ্ধ বিৰতিৰ প্ৰথম পৰ্যায়ত হামাছে মুকলি কৰি দিয়া ৩ ইজৰাইলী নাগৰিক ঘৰলৈ উভতে। ইয়াৰ মাজতে হামাছৰ অল কাছাম ব্ৰিগেডৰ প্ৰবক্ত আবু উবৈদে কয় যে গাজাত বন্দী হৈ থকা ৯৪ গৰাকী পনবন্দীৰ ভিতৰত ইতিমধ্যে ৩৫ জনৰ মৃত্যু হৈছে। মুকলিৰ পাছতেই এই ৩ গৰাকী ইজৰাইলী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাব দিয়া হয়।হামাছে মুকলি কৰি দিয়া যুৱতী কেইগৰাকী- ৰোমী গোনেন (২৪), এমিলী ডামৰী (২৮)আৰু ডোৰেন ষ্টীনব্ৰেচাৰ (৩১)।এই ৩ যুৱতীক দক্ষিণ ইজৰাইলৰ নোভা মিউজিক ফেষ্টিভেলৰ পৰা অপহৰণ কৰিছিল। ইজৰাইলী সেনাই দেশৰ নাগৰকিৰ মুকলিৰ খবৰ পাই সুখ ব্যক্ত কৰিছে যদিও তেওঁলোক কিছু চিন্তিত হৈয়ো আছে। ইজৰাইলী সেনাৰ মতে হামাছে বন্দী কৰি ৰখা ইজৰাইলী নাগৰিকৰ মৃত্যুৰ সংখ্যা অধিক হ’ব পাৰে।
ইজৰাইলে মুকলি কৰিলে ৯০ পেলেষ্টাইনীক
হামাছে ৩ বন্দীক মুকলি কৰি দিয়াৰ কিছু সময় পাছতেই মাজনিশা ইজৰাইলে মুকলি কৰি দিয়ে ৯০গৰাকী পেলেষ্টাইনীক। মুকলি হোৱাসকলৰ ভিতৰত আছে পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেচন অৱ পেলেষ্টাইন বা পিএফএলপিৰ বিশিষ্ট সদস্য খালিদা জাৰাৰ (৬২)। তেওঁ ১৯৭০ চনত ইজৰাইলৰ বিৰুদ্ধে অপহৰণ আৰু অন্যান্য আক্ৰমণৰ লগত জড়িত আছিল। তথ্য অনুসৰি, ইজৰাইল আৰু হামাছৰ যুদ্ধ বিৰতিৰ প্ৰথম পৰ্যায়ত অহা ছয় সপ্তাহত হামাছে ৩৩ পনবন্দীক মুকলি কৰি দিব আৰু ইয়াৰ বিপৰীতে ইজৰাইলে মুকলি কৰি দিব প্ৰায় ২০০০ পনবন্দীক। এনেকৈ পৰ্যায়ক্ৰমে যুদ্ধ বিৰতি চুক্তি চলিব।
উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰি বন্দী কৰি লৈ গৈছিল বহু নাগৰিকক। ইয়াৰ পাছতে ইজৰাইলে হামাছৰ ওপৰত আক্ৰমণ কৰিছিল আৰু বন্দী কৰিছিল হাজাৰ হাজাৰ পেলেষ্টাইনী নাগৰিকক। যোৱা ১৫ মাহ ধৰি এই যুদ্ধ চলি আছে। পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াৰ মতে এই যুদ্ধত ৪৫,০০০ তকৈ অধিক পেলেষ্টাইনী নাগৰিকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ বিপৰীতে এই যুদ্ধত বহু ইজৰাইলী নাগৰিক আৰু সেনাৰ মৃত্যু হৈছে। অৱশ্যে ইজৰাইল আৰু হামাছৰ যুদ্ধ বিৰতি চুক্তি কেতিয়ালৈকে চলে সেয়া সময়ে ক’ব।
অন্য খবৰ পঢ়কঃ ১৫ মাহ অন্তত শান্তিৰ উশাহ ল’ব গাজাই! হামাছ-ইজৰাইলৰ যুদ্ধ বিৰতি ঘোষণা…