পাকিস্তানত মণিপুৰ সদৃশ পৰিস্থিতিঃ ৩৬ জনে হেৰুৱালে প্ৰাণ, ডেৰ শতাধিক আহত
ভূমি বিবাদৰ পৰিণতিত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাত দুটা জনজাতীয় সংগঠনৰ মাজত সৃষ্টি হোৱা সশস্ত্ৰ সংঘৰ্ষত প্ৰায় ৩৬ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ১৬২ জন লোক। প্ৰশাসনৰ তৎপৰতাত বহু অঞ্চলত সংঘৰ্ষ শাম কাটিছে যদিও আন কিছু অঞ্চলত এতিয়াও অব্যাহত আছে সংঘৰ্ষ।
গোষ্ঠীগত সংঘৰ্সত জৰ্জৰিত হৈ পৰিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। দেশখনৰ খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাত এটুকুৰা মাটিক লৈ দুটা জনজাতীয় সংগঠনৰ মাজত সৃষ্টি হোৱা সশস্ত্ৰ সংঘৰ্ষত প্ৰায় ৩৬ জন লোক নিহত হোৱাৰ লগতে আহত হৈছে প্ৰায় ১৬২ জন লোক। বিষয়াসকলে জানিবলৈ দিয়া মতে, আপাৰ কুৰৰাম জিলাৰ বোছেৰা নামৰ এখন গাঁৱত পাঁচ দিন পূৰ্বে এই তীব্ৰ সংঘৰ্ষ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বেও গাঁওখনত জনজাতীয় আৰু ধৰ্মীয় সংগঠনৰ মাজত ভয়াৱহ সংঘাতৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আফগানিস্তানৰ সীমান্তৱৰ্তী খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাত যোৱা পাঁচ দিনত জনজাতীয় সংঘৰ্ষত ৩৬ জন লোক নিহত হোৱাৰ লগতে ১৬২ জন আহত হৈছে। এনে সংঘাতৰ পৰিপ্ৰেক্ষিতত বছেৰা, মালিকেল আৰু দুণ্ডাৰ অঞ্চলত জনজাতীয় বয়োজ্যেষ্ঠ লোক, সামৰিক নেতৃত্ব, আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত কৰ্তৃপক্ষই ছিয়া আৰু চুন্নী জনজাতিৰ মাজত চুক্তিৰ চেষ্টা চলাইছে।
অৱশ্যে জিলাখনৰ আন কিছু অঞ্চলত এতিয়াও সংঘৰ্ষ অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জিলাখনৰ এগৰাকী উচ্চপ্ৰদস্ত প্ৰশাসনিক বিষয়াই এই অঞ্চলসমূহতো যুদ্ধবিৰতিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি সদৰী কৰিছে। প্ৰশাসনৰ এনে যুদ্ধবিৰতিৰ প্ৰচেষ্টাৰ প্ৰতি সহাঁৰি জনাই সংঘৰ্ষত জড়িত জনজাতীয় লোকসকল সংঘৰ্ষৰ বাবে ব্যৱহৃত স্থানসমূহৰ পৰা আঁতৰি গৈছে আৰু নিৰাপত্তা বাহিনীয়ে এই স্থানসমূহ নিয়ন্ত্ৰণলৈ আনিছে বুলি জানিব পৰা গৈছে।
এই হিংসাজৰ্জৰ পৰিস্থিতি সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাৰিদিন পূৰ্বে ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এই সংঘৰ্ষ ক্ৰমে পেৱাৰ, টাংগী, বালিশখেল, খাৰ কলাই, মকবাল, কুঞ্জ আলিজাই, পাৰা চামকানি, কৰ্মনকে ধৰি আৰু বহু অঞ্চললৈ বিয়পি পৰে। স্থানীয় বাসিন্দাসকলে জনোৱা মতে, দুয়োটা গোটে পৰস্পৰৰ বিৰুদ্ধে আক্ৰমণৰ বাবে মৰ্টাৰ শ্বেল আৰু ৰকেট লঞ্চাৰকে ধৰি মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰিছিল।
শনিবাৰে নিশা দুয়োপক্ষৰ মাজৰ এই সংঘৰ্ষ অধিক ভয়াৱহ হৈ পৰে আৰু গভীৰ নিশা দুয়োটা পক্ষৰ মাজত হোৱা গুলীচালনাত কেইবাজনো লোক নিহত হয় বুলি এগৰাকী বিষয়াই সদৰী কৰিছে। ইফালে জিলাখনত সংঘটিত এনে হিংসাত্মক কাৰ্য্যকলাপৰ পৰিপ্ৰেক্ষিতত সকলো শিক্ষানুষ্ঠান আৰু বজাৰ বন্ধ কৰি দিয়াৰ সমান্তৰালৈ মূল পথত যাতায়তো বন্ধ হৈ পৰে। সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহত সম্প্ৰতি ব্যাপক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।