হজযাত্ৰীৰ বাবে সুখবৰ, সহজ হৈ পৰিল মক্কালৈ যোৱা পথ
ভাৰত আৰু চৌদি আৰৱৰ মাজত থকা সুদৃঢ় সম্পৰ্কৰ বাবে ২০২৫ চনৰ হজ তীৰ্থযাত্ৰা সহজ কৰি তোলাৰ ক্ষেত্ৰত ডাঙৰ সফলতা । হজ কোটাত বৃদ্ধি, উন্নত ব্যৱস্থা আৰু চৰকাৰী প্ৰচেষ্টাই তীৰ্থযাত্ৰীসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে। ব্যক্তিগত এজেণ্টে সৃষ্টি কৰা সমস্যাৰ মাজতো ভাৰত চৰকাৰে কূটনৈতিক প্ৰচেষ্টাৰ জৰিয়তে ১০ হাজাৰ যাত্ৰীৰ অতিৰিক্ত প্ৰৱেশ সুনিশ্চিত কৰিছে।

ভাৰত-চৌদিৰ বন্ধুত্ব
ভাৰতীয় মুছলমানসকলৰ বাবে হজযাত্ৰা এতিয়া পূৰ্বতকৈ সহজ, সুৰক্ষিত আৰু সুবিধাজনক হৈ পৰিছে। ইয়াৰ প্ৰত্যক্ষ কৃতিত্ব ভাৰত আৰু চৌদি আৰৱৰ মাজত সদায় সুদৃঢ় হৈ অহা সম্পৰ্ক। ২২-২৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক ছৌদি ভ্ৰমণৰ ঠিক পূৰ্বে হজ কোটাত ঐতিহাসিক বৃদ্ধি, গুৰুত্বপূৰ্ণ ৰেহাই আৰু তীৰ্থযাত্ৰীৰ বাবে উন্নত ব্যৱস্থাই ডাঙৰ সকাহ প্ৰদান কৰিছে।
এইবাৰ ব্যক্তিগত এজেণ্টৰ ভুলৰ বাবে স্থগিত হৈ পৰিছিল প্ৰায় ১০ হাজাৰ মুছলমানৰ হজ যাত্ৰা । ব্যক্তিগত এজেণ্টৰ বাবে সময়সীমা পাৰ হৈ যোৱাৰ ফলত এই লোকসকলৰ হজ যাত্ৰা নিষিদ্ধ কৰিছিল ছৌদি আৰবে। কিন্তু ভাৰত চৰকাৰে চৌদি আৰৱৰ সৈতে কথা পাতি পুনৰ প্ৰৱেশ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
২০১৪ চনত ভাৰতৰ হজ কোটা ১,৩৬,০২০ আছিল যদিও এতিয়া ২০২৫ চনত ই ১,৭৫,০২৫ লৈ বৃদ্ধি পাইছে। এই কোটা প্ৰতি বছৰে চৌদি আৰবে নিৰ্ধাৰণ কৰে আৰু এইবাৰ এই সংখ্যা বৃদ্ধি পোৱাৰ পৰা স্পষ্টকৈ বুজা যায় যে ভাৰতৰ চৌদি আৰৱৰ সান্নিধ্যই এতিয়া ধৰ্মীয় তীৰ্থযাত্ৰাৰো উন্নতি সাধন কৰিছে। এইবাৰ ভাৰতৰ হজ কমিটীয়ে ১,২২,৫১৮জন যাত্ৰীৰ সকলো ব্যৱস্থা সময়মতে সম্পূৰ্ণ কৰিছে। বিমানৰ পৰা আৰম্ভ কৰি মক্কা-মদিনালৈ পৰিবহণ, মিনা শিবিৰত থকাৰ ব্যৱস্থা আৰু খাদ্য – চৌদি আৰৱৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো ব্যৱস্থা কৰা হৈছে।
ইয়াৰ পূৰ্বে ৮০০ৰো অধিক ব্যক্তিগত ট্যুৰ অপাৰেটৰে কাম কৰিছিল। কিন্তু এইবাৰ স্বচ্ছতা আৰু জবাবদিহিতাক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে চৰকাৰে মাত্ৰ ২৬ জন কমন গ্ৰুপ অপাৰেটৰ (CHGOs) ক অনুমোদন জনায়। কিন্তু এই অপাৰেটৰসকলৰ শিথিলতাৰ বাবে সময়সীমা পাৰ হৈ গ’ল আৰু ছৌদি আৰবে স্পষ্ট কৰি দিলে যে মিনাত কোনো ঠাই বাকী নাই।
ইয়াৰ পাছত ভাৰত চৰকাৰে আৰম্ভ কৰিলে উচ্চ পৰ্যায়ৰ আলোচনা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা আৰম্ভ কৰি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়লৈকে সকলোৱে চৌদি আৰৱৰ সৈতে যোগাযোগ কৰিছিল। আৰু ফলত ছৌদি চৰকাৰে আৰু ১০ হাজাৰ ভাৰতীয় হজ তীৰ্থযাত্ৰীৰ বাবে পৰ্টেলটো পুনৰ মুকলি কৰি দিয়ে। ইয়াক এক গুৰুত্বপূৰ্ণ কূটনৈতিক সফলতা বুলি গণ্য কৰা হৈছে।
মোদীৰ ভ্ৰমণৰ পৰা নতুন আশা
২২-২৩ এপ্ৰিলত পুনৰবাৰ চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বিশেষজ্ঞসকলৰ মতে এই যাত্ৰাৰ সময়ত ভাৰতে হজৰ সন্দৰ্ভত অধিক বিশেষ ৰেহাই পাব পাৰে – সেয়া ভিছা প্ৰক্ৰিয়াই হওক, থকাৰ ব্যৱস্থা হওক বা স্থানীয় সেৱাত ৰেহাই হওক।